--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সকলো মানুহেই অতি ব্যস্ত হৈ থাকে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহ ব্যস্ত থাকিবলগীয়া হয় কামত, ফলত নিজৰ স্বাস্থ্য চোৱাচিতা কৰিবলৈ সময় নাথাকে। সেয়েহে দিনক দিনে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে। আজিকালি মানুহৰ স্বাস্থ্যজনিত সমস্যা যেনে ডায়েবেটিছ, থাইৰয়ড, ৰক্তচাপ, কলেষ্টেৰল, হৃদযন্ত্ৰৰ সমস্যা, আঁঠুৰ বিষ ইত্যাদি সৰুৰে পৰাই দেখা দিয়ে।

সুস্থ হৈ থাকিবলৈ শাৰীৰিকভাৱে সক্ৰিয় হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে শাৰীৰিক ক্ৰিয়া-কলাপ বা ব্যায়ামক সৰ্বোত্তম উপায় বুলি গণ্য কৰা হয়। বহুতে জিমলৈ গৈ ব্যায়াম কৰে। কিন্তু ব্যস্ততাৰ বাবে সদায় জিমত যোৱা সকলোৰে বাবে সম্ভৱ নহয়। অৱশ্যে জিমলৈ নোযোৱাকৈয়ে নিজকে ফিট কৰি ৰাখিব পাৰি। কিছুমান টিপচ্ জানি লওক

চিৰি বগোৱাঃ চিৰি বগোৱা কামটো ভৰিৰ শক্তি বৃদ্ধি আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ এক উত্তম উপায়। লগতে ই ওজন নিয়ন্ত্ৰণত ৰাখে, শৰীৰৰ তলৰ পেশীবোৰ সুস্থ, হাড় আৰু গাঁঠিবোৰ সুস্থ কৰি ৰাখে।

স্কিপিংঃ স্কিপিঙে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে আৰু বহুত কেলৰি জ্বলাই দিয়ে, যাৰ বাবে আপুনি সোনকালে ওজন কমাব পাৰে। লগতে দৈনিক স্কিপ কৰিলে হাড়ৰ ঘনত্ব বজাই ৰাখিব পাৰি আৰু ভৰিৰ পেশী শক্তিশালী হয়।

খোজ কঢ়াঃ খোজকঢ়া হৃদযন্ত্ৰৰ ব্যায়ামৰ এক প্ৰকাৰ। ই হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে, মানসিক চাপ আৰু উদ্বেগ কমায়। খোজ কঢ়া কামে কেলৰি জ্বলোৱাত সহায় কৰে আৰু ভৰিৰ চৰ্বি কমায়।

লেগ-আপ-দ্য-ৱালঃ এই লেগ-আপ-দ্য-ৱাল ব্যায়ামে মনক শিথিল কৰে, বিষৰ পৰা উপশম দিয়ে, থাইৰয়ডৰ কাৰ্য্যক্ষমতা উন্নত কৰে, শক্তি বৃদ্ধি কৰে আৰু কঁকালৰ বিষৰ পৰা উপশম দিয়ে। লেগ-আপ-দ্য-ৱাল মানে হ'ল ভৰি দুখন বেৰৰ ওপৰত তুলি থোৱা।

নৃত্যঃ নিজকে সক্ৰিয় কৰি ৰখাৰ আন এটা ভাল উপায় হ’ল নৃত্য। নৃত্যই আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে, হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে, মানসিক চাপ কম কৰিব পাৰে আৰু হতাশাৰ পৰা মুক্তি দিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু