--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সকলো মানুহেই অতি ব্যস্ত হৈ থাকে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহ ব্যস্ত থাকিবলগীয়া হয় কামত, ফলত নিজৰ স্বাস্থ্য চোৱাচিতা কৰিবলৈ সময় নাথাকে। সেয়েহে দিনক দিনে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে। আজিকালি মানুহৰ স্বাস্থ্যজনিত সমস্যা যেনে ডায়েবেটিছ, থাইৰয়ড, ৰক্তচাপ, কলেষ্টেৰল, হৃদযন্ত্ৰৰ সমস্যা, আঁঠুৰ বিষ ইত্যাদি সৰুৰে পৰাই দেখা দিয়ে।

সুস্থ হৈ থাকিবলৈ শাৰীৰিকভাৱে সক্ৰিয় হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে শাৰীৰিক ক্ৰিয়া-কলাপ বা ব্যায়ামক সৰ্বোত্তম উপায় বুলি গণ্য কৰা হয়। বহুতে জিমলৈ গৈ ব্যায়াম কৰে। কিন্তু ব্যস্ততাৰ বাবে সদায় জিমত যোৱা সকলোৰে বাবে সম্ভৱ নহয়। অৱশ্যে জিমলৈ নোযোৱাকৈয়ে নিজকে ফিট কৰি ৰাখিব পাৰি। কিছুমান টিপচ্ জানি লওক

চিৰি বগোৱাঃ চিৰি বগোৱা কামটো ভৰিৰ শক্তি বৃদ্ধি আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ এক উত্তম উপায়। লগতে ই ওজন নিয়ন্ত্ৰণত ৰাখে, শৰীৰৰ তলৰ পেশীবোৰ সুস্থ, হাড় আৰু গাঁঠিবোৰ সুস্থ কৰি ৰাখে।

স্কিপিংঃ স্কিপিঙে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে আৰু বহুত কেলৰি জ্বলাই দিয়ে, যাৰ বাবে আপুনি সোনকালে ওজন কমাব পাৰে। লগতে দৈনিক স্কিপ কৰিলে হাড়ৰ ঘনত্ব বজাই ৰাখিব পাৰি আৰু ভৰিৰ পেশী শক্তিশালী হয়।

খোজ কঢ়াঃ খোজকঢ়া হৃদযন্ত্ৰৰ ব্যায়ামৰ এক প্ৰকাৰ। ই হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে, মানসিক চাপ আৰু উদ্বেগ কমায়। খোজ কঢ়া কামে কেলৰি জ্বলোৱাত সহায় কৰে আৰু ভৰিৰ চৰ্বি কমায়।

লেগ-আপ-দ্য-ৱালঃ এই লেগ-আপ-দ্য-ৱাল ব্যায়ামে মনক শিথিল কৰে, বিষৰ পৰা উপশম দিয়ে, থাইৰয়ডৰ কাৰ্য্যক্ষমতা উন্নত কৰে, শক্তি বৃদ্ধি কৰে আৰু কঁকালৰ বিষৰ পৰা উপশম দিয়ে। লেগ-আপ-দ্য-ৱাল মানে হ'ল ভৰি দুখন বেৰৰ ওপৰত তুলি থোৱা।

নৃত্যঃ নিজকে সক্ৰিয় কৰি ৰখাৰ আন এটা ভাল উপায় হ’ল নৃত্য। নৃত্যই আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে, হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে, মানসিক চাপ কম কৰিব পাৰে আৰু হতাশাৰ পৰা মুক্তি দিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক