--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বেছি। আজিকালি মানুহৰ প্ৰায়ে কলেষ্টেৰল বাঢ়ে। আমাৰ খাদ্য-পানীয়ৰ বাবেই এনে হয়। ভুল জীৱনশৈেলীও কলেষ্টেৰল বঢ়াৰ বাবে দায়ী। আচলতে ঠাণ্ডা বতৰত আমাৰ খাদ্যাভ্যাসত বহু পৰিৱৰ্তন ঘটে। আমি এনে কিছুমান বস্তু আমাৰ খাদ্যৰ অংশ কৰি লওঁ যিয়ে কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে। যদি কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিব লাগে তেন্তে কিছুমান বিশেষ বস্তু খোৱাৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয়। ১) ভজা খাদ্যঃ শীতকালত গৰম আৰু মছলাযুক্ত খাদ্য খাবলৈ মন যায়। শীতকালত গৰম গৰম পকৰী, চিংৰা, কচৰী, চপ আদি বেছিকৈ খোৱা হয়। এনেকুৱা অধিক তেলযুক্ত খাদ্য খোৱাৰ বাবে কলেষ্টেৰল দ্ৰুতগতিত বৃদ্ধি পায়। তেল হাই কলেষ্টেৰল হোৱাৰ অন্যতম ডাঙৰ কাৰণ। ২) মিঠা বস্তুঃ শীতৰ দিনত মিঠা বস্তুবোৰো তীব্ৰভাৱে খোৱা হয়। আজিকালি বেছিভাগ মানুহেই কফি, চাহ, পুডিং, মিঠাই আদি বস্তু সেৱন কৰি ভাল পায়। এইবোৰ বস্তুত সংপৃক্ত চৰ্বি বেছিকৈ পোৱা যায়। ই হৃদযন্ত্ৰৰ ক্ষতি কৰে। এনেবোৰ বস্তু অতিৰিক্তভাৱে খোৱাৰ পৰা বিৰত থাকক। ৩) ৰেড মীটঃ আমিষভোজীসকলে শীতকালত অতি উৎসাহেৰে ৰেড মীট খায়। ৰেড মীট খোৱাটো কলেষ্টেৰলৰ বাবে উপকাৰী নহয়। ৰেড মীটত সংপৃক্ত চৰ্বি অতিৰিক্তভাৱে থাকে। শীতকালত ৰেড মীটৰ সলনি কুকুৰা বা মাছ খোৱাটো উপকাৰী। ৪) ফাষ্ট ফুডঃ ফাষ্ট ফুড খাই সোৱাদযুক্ত যেন লাগে, কিন্তু ফাষ্ট ফুড স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। সাধাৰণতে এইবোৰত অধিক ময়দা ব্যৱহাৰ কৰা হয়। ই হৃদযন্ত্ৰ আৰু ৰক্ত সঞ্চালনৰ ক্ষতি কৰে। ৫) চীজঃ চীজ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়। চীজত কেলচিয়াম আৰু প্ৰ’টিন ভাল পৰিমাণত পোৱা যায় যদিও ইয়াত চৰ্বিৰ পৰিমাণো বেছি। শীতকালত বেছিকৈ চীজ খোৱাৰ ফলত স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। শীতকালত এইসমূহ বস্তু বেছিকৈ খোৱা হয় বাবে কলেষ্টেৰল বৃদ্ধি পায় আৰু কলেষ্টেৰল বৃদ্ধি পোৱাৰ বাবেই হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু