--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বেছি। আজিকালি মানুহৰ প্ৰায়ে কলেষ্টেৰল বাঢ়ে। আমাৰ খাদ্য-পানীয়ৰ বাবেই এনে হয়। ভুল জীৱনশৈেলীও কলেষ্টেৰল বঢ়াৰ বাবে দায়ী। আচলতে ঠাণ্ডা বতৰত আমাৰ খাদ্যাভ্যাসত বহু পৰিৱৰ্তন ঘটে। আমি এনে কিছুমান বস্তু আমাৰ খাদ্যৰ অংশ কৰি লওঁ যিয়ে কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে। যদি কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিব লাগে তেন্তে কিছুমান বিশেষ বস্তু খোৱাৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয়। ১) ভজা খাদ্যঃ শীতকালত গৰম আৰু মছলাযুক্ত খাদ্য খাবলৈ মন যায়। শীতকালত গৰম গৰম পকৰী, চিংৰা, কচৰী, চপ আদি বেছিকৈ খোৱা হয়। এনেকুৱা অধিক তেলযুক্ত খাদ্য খোৱাৰ বাবে কলেষ্টেৰল দ্ৰুতগতিত বৃদ্ধি পায়। তেল হাই কলেষ্টেৰল হোৱাৰ অন্যতম ডাঙৰ কাৰণ। ২) মিঠা বস্তুঃ শীতৰ দিনত মিঠা বস্তুবোৰো তীব্ৰভাৱে খোৱা হয়। আজিকালি বেছিভাগ মানুহেই কফি, চাহ, পুডিং, মিঠাই আদি বস্তু সেৱন কৰি ভাল পায়। এইবোৰ বস্তুত সংপৃক্ত চৰ্বি বেছিকৈ পোৱা যায়। ই হৃদযন্ত্ৰৰ ক্ষতি কৰে। এনেবোৰ বস্তু অতিৰিক্তভাৱে খোৱাৰ পৰা বিৰত থাকক। ৩) ৰেড মীটঃ আমিষভোজীসকলে শীতকালত অতি উৎসাহেৰে ৰেড মীট খায়। ৰেড মীট খোৱাটো কলেষ্টেৰলৰ বাবে উপকাৰী নহয়। ৰেড মীটত সংপৃক্ত চৰ্বি অতিৰিক্তভাৱে থাকে। শীতকালত ৰেড মীটৰ সলনি কুকুৰা বা মাছ খোৱাটো উপকাৰী। ৪) ফাষ্ট ফুডঃ ফাষ্ট ফুড খাই সোৱাদযুক্ত যেন লাগে, কিন্তু ফাষ্ট ফুড স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। সাধাৰণতে এইবোৰত অধিক ময়দা ব্যৱহাৰ কৰা হয়। ই হৃদযন্ত্ৰ আৰু ৰক্ত সঞ্চালনৰ ক্ষতি কৰে। ৫) চীজঃ চীজ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়। চীজত কেলচিয়াম আৰু প্ৰ’টিন ভাল পৰিমাণত পোৱা যায় যদিও ইয়াত চৰ্বিৰ পৰিমাণো বেছি। শীতকালত বেছিকৈ চীজ খোৱাৰ ফলত স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। শীতকালত এইসমূহ বস্তু বেছিকৈ খোৱা হয় বাবে কলেষ্টেৰল বৃদ্ধি পায় আৰু কলেষ্টেৰল বৃদ্ধি পোৱাৰ বাবেই হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement