--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱ-জন্তুৰো আত্মসন্মান থাকে! সেই কথাই যেন প্ৰমাণ কৰি দিলে এটা কাছই। এজন যুৱকে কাছ এটা  হাতত তুলি লৈ কাথটোক জিভা দেখুৱাই ভেঙুচালি কৰিছিল। কিন্তু এই কথাতেই যেন ক্ষুণ্ণ হৈ পৰে কাছটো। কাছটোৱে সুযোগ বুজি যুৱক জনৰ জিভা খন জোৰেৰে কামুৰি ধৰে।

 ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভিডিঅ'টো ভাইৰেল হোৱাৰ  লগে লগে বহুতে যুৱকজনক তেওঁৰ কাৰ্য্যৰ বাবে সমালোচনা কৰিছে। কিছু নেটিজেনে এইদৰে কয়: "যেনে কাম , তেনে ফল।" আকৌ, বহুতে কৈছে যে যদি কোনোই  জন্তু এটাক আমনি কৰে, তেন্তে তেনে লোকে  এনে শিক্ষা লাভ কৰা উচিত।

ভিডিঅ'টোত দেখা গৈছে যে কাছটোৱে হঠাতে যুৱক জনৰ মুখৰ সন্মুখলৈ আহি  তিনি বা চাৰিবাৰ তেওঁৰ  জিভাখনত কামুৰি দিছিল। ভিডিঅ’টোত যুৱকজনক তেওঁৰ  জিভা খন কাছক কামোৰৰ পৰা ৰক্ষা কৰিবলৈ  চেষ্টা কৰা দেখা গৈছে। 


নেটিজেনৰ এটা অংশই যুৱকজনৰ কাৰ্য্যত  খং প্ৰকাশ কৰিইয়াক 'সঠিক শিক্ষা' বুলি মন্তব্য কৰিছে।

ভিডিঅ'টো টুইটাৰ একাউণ্ট 'ভিছিয়াছ ভিডিঅ'ৰ পৰা শ্বেয়াৰ কৰা হৈছে। নেটিজেনসকলে ভিডিঅ'টো ৮৮,০০০ বাৰ চাইছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। ঘটনাটোৰ স্থান নিশ্চিত কৰিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু