--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জলকীয়া আমাৰ খাদ্য জীৱনৰ অন্যতম সংগী। বিভিন্ন ব্যঞ্জনত জলকীয়া দি সোৱাদ বঢ়োৱাৰ লগতে ইয়াক কেঁচাকৈও ভাত, ৰুটীৰ লগত খোৱা হয়। জলকীয়া কাটোতে পিছে কেতিয়াবা মানুহ অসুবিধাত পৰে। জলকীয়া কটাৰ পাছত হাত দুখন জ্বলা-পোৰা হয়, আনহাতে হাতখনে যদি শৰীৰৰ কোনো অংগ স্পৰ্শ কৰে, তেতিয়া তাতো জ্বলা-পোৰা আৰম্ভ হয়। যদি আপোনাৰ লগতো এনেকুৱা হয়, তেন্তে ইয়াত কিছুমান কৌশল উল্লেখ কৰা হৈছে যাৰ সহায়ত আপুনি এই বিৰক্তিৰ পৰা মুক্তি পাব পাৰে।

জলকীয়া কটাৰ পাছত হাতৰ জ্বলা-পোৰাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি

১)ঠাণ্ডা গাখীৰঃ হাতৰ জ্বলা-পোৰা দূৰ কৰিবলৈ গাখীৰ হৈছে উত্তম প্ৰতিকাৰ। গাখীৰত থকা চৰ্বিয়ে জলকীয়াৰ জ্বলা-পোৰা দূৰ কৰাত সহায় কৰে। উত্তম ফলাফলৰ বাবে ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰক, আৰু যিমান সময় পাৰে হাত দুখন ডুবাই ৰাখক। গাখীৰে আপোনাৰ ছালৰ কোনো ক্ষতি নকৰে। গাখীৰত কিছু বৰফৰ টুকুৰা মিহলাই ল’লে বেছি সকাহ পাব।

২) এলোভেৰা জেলঃ জলকীয়াই পুৰিলে কিছু এলোভেৰা জেল লগালে সহায়ক হ’ব পাৰে। ই তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু ছালত  সকাহ দিব পাৰে। 

৩) বাচন ধোৱা চাবোনঃ বাচন ধোৱা চাবোনে আপোনাৰ ছালৰ পৰা জলকীয়াৰ জ্বলা গুণ দূৰ কৰাত সহায় কৰিব পাৰে। 

৪) ঘিউঃ জলকীয়া কাটিলে যদি আপোনাৰ হাতত তীব্ৰ জ্বলা-পোৰা হয় তেন্তে ঘিউ ব্যৱহাৰ কৰিব পাৰে। জ্বলাৰ পৰা মুক্তি পাবলৈ এয়া অন্যতম উপায়।

জলকীয়া কাটোতে ল'বলগীয়া সাৱধানতা

জলকীয়া কাটোতে হাতত গ্লফ পিন্ধিব পাৰে।

জলকীয়া কাটিবলৈ কটাৰীৰ সলনি কেঁচি ব্যৱহাৰ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক