--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত জলকীয়া স্পৰ্শ কৰা হাতখন ভুলতে চকুত লাগে। এনে সময়ত চকুত অতি জ্বলন অনুভৱ হয়। এনেকুৱা হলে মানুহে অতি কষ্ট অনুভৱ কৰে। কাৰণ তেতিয়া চকু দুটা ৰঙা হৈ পৰে আৰু তাৰ পিছত তাৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে। কেতিয়াবা যদি আপোনাৰো এনেকুৱা হয় তেন্তে একেবাৰেই আতংকিত নহ’ব। কিছুমান ঘৰুৱা উপায়েৰে এই সমস্যা অতি সহজে দূৰ কৰিব পাৰি।

১) ঠাণ্ডা পানীৰে ধুবঃ  যেতিয়াই এনে পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াই প্ৰথমে ৱাছ বেচিনৰ ফালে দৌৰিব লাগে আৰু হেণ্ড চাবোন বা হেণ্ড ৱাছ লিকুইডেৰে ভালদৰে হাত ধুব লাগে। ইয়াৰ পাছত চকুত ঠাণ্ডা পানী ছটিয়াই দিব। এনে কৰিলে জ্বলা-পোৰাৰ পৰা সোনকালে সকাহ পোৱা যায়।

২) কাপোৰেৰে ফুঁৱাই দিবঃ কেতিয়াবা চকুৰ জ্বলা-পোৰাটো বৰ প্ৰবল হয়, এনে অৱস্থাত কেৱল পানীৰে চকু ধোৱাই যথেষ্ট নহয়। কপাহী কাপোৰ বা পৰিষ্কাৰ টাৱেল এখন লৈ মুখেৰে ফুৱাই গৰম কৰি তাৰ পিছত আক্ৰান্ত ঠাইত লগাব। এই প্ৰক্ৰিয়াটো বাৰে বাৰে পুনৰাবৃত্তি কৰিলে জ্বলা-পোৰাটো নোহোৱা হৈ যাব।

৩) গাখীৰেৰে ধুবঃ গাখীৰৰ সহায় ল’লে চকুত হোৱা জ্বলা-পোৰা দূৰ কৰিব পাৰি। আপুনি কপাহ গাখীৰত ডুবাই দিয়ক, তাৰ পিছত চকুত লগাওক। এই প্ৰক্ৰিয়াটো বহুবাৰ পুনৰাবৃত্তি কৰি থাকিব। অৱশেষত চকু দুটা পৰিষ্কাৰ পানীৰে ধুব।

৪) ঘিউৰ সহায় লওকঃ ঘিউৰ সহায়ত চকুৰ জ্বলা-পোৰা সহজে দূৰ কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমে এটুকুৰা কপাহত কেইটোপালমান ঘিউ আৰু ঠাণ্ডা পানী প্ৰয়োগ কৰি আক্ৰান্ত চকুত কিছু সময় ৰাখিব লাগে। এই সমস্যাৰ পৰা আপুনি সোনকালে সকাহ পাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement