--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত স্বাস্থ্যৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি হয়। উষ্ণতা কমিবলৈ আৰম্ভ কৰাৰ লগে লগে তেজৰ সঞ্চালন লেহেমীয়া হয়। হাড়ত বিষ হ’বলৈ আৰম্ভ কৰে। উফিৰ সমস্যা উদ্ভৱ হোৱাৰ লগতে চুলি সৰিবলৈ ধৰে। এনে বহু স্বাস্থ্যজনিত সমস্যা শীতকালত হোৱা দেখা যায়। কিন্তু খাদ্যাভ্যাসত মাত্ৰ এটা সৰু পৰিৱৰ্তনে বহু দীৰ্ঘস্থায়ী সমস্যাৰ পৰা হাত সাৰিব পাৰি। শীতকালত কণী খোৱাটো অতি উপকাৰ কাৰণ কণীত বহুতো পুষ্টি আৰু ভিটামিন থাকে যিয়ে শৰীৰক গৰম কৰি ৰখাত সহায় কৰে। গতিকে শীতকালত দৈনিক ২টা কণী খালে বহু শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিব পাৰি।

 ১. শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হৈ পৰে। সেয়েহে বহু লোকৰ সহজে চৰ্দি-কাহ আৰু জ্বৰ হোৱা দেখা যায়। এনে পৰিস্থিতিত কণীত থকা প্ৰ’টিনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শাৰীৰিক শক্তি বৃদ্ধিৰ কাম কৰে। ইয়াৰ উপৰি কণীত ভিটামিন B6 আৰু B12 থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি চৰ্দি-কাহ আৰু জ্বৰৰ পৰা ৰক্ষা কৰে।

 ২. কণী হাড়ৰ বাবে অতি উপকাৰী। ইয়াত ভিটামিন-ডি আৰু জিংক থাকে, যিবোৰ অষ্টিঅ’জেনিক বায়’এক্টিভ মৌল পোৱাৰ উপৰি লুটিন আৰু জিএক্সান্থিনৰ দৰে মৌল বৃদ্ধি কৰি ভিতৰৰ পৰা হাড় সুস্থ কৰি ৰাখে। এইদৰে শীতকালত হাড়ৰ সমস্যা যেনে-গাঁঠিৰ বিষ বা বাতবিষ ৰোধ কৰাত কণী অতি সহায়ক হয়।

 ৩. শীতকালত সূৰ্যৰ পোহৰ অতি কম। কেতিয়াবা সময়ৰ অভাৱত আমি সূৰ্যৰ পোহৰ ল’ব নোৱাৰো। এনে পৰিস্থিতিত শৰীৰত ভিটামিন-ডিৰ অভাৱৰ সৃষ্টি হয়। এটা কণীত ৮.২ মিলিগ্ৰাম ভিটামিন-ডি থাকে, যিটো খাদ্যত দৈনিক ১০ মিলিগ্ৰাম ভিটামিন-ডি গ্ৰহণৰ পৰামৰ্শৰ ৮২ শতাংশ। অৰ্থাৎ দুটা কণী খালে সহজেই ভিটামিন-ডিৰ এদিনৰ মাত্ৰা সম্পূৰ্ণ কৰিব পাৰি।

 ৪. এটা সিজোৱা কণীত প্ৰায় ০.৬ মাইক্ৰ’গ্ৰাম ভিটামিন-বি১২ থাকে। বহুতে দাবী কৰে যে কণীৰ কুহুম শৰীৰৰ বাবে উপকাৰী নহয় কাৰণ ই চৰ্বি বৃদ্ধি কৰে। অৱশ্যে ভিটামিন-বি১২ৰ অভাৱৰ পৰা হাত সাৰিবলৈ দৈনিক এটাকৈ কণীৰ কুহুম খাব লাগে। ভিটামিন-বি১২ কেৱল কুহুমৰ পৰাহে পোৱা যায়। সেইবাবেই দৈনিক দুটা কুহুম খাব লাগে।

 ৫. কণী প্ৰটিনৰ উত্তম উৎস। চুলি সৰা ৰোধ কৰাত ই বহুখিনি সহায় কৰে। শীতকালত চুলি সৰা সমস্যা বহুত বাঢ়ে। এনে ক্ষেত্ৰত কণী সেৱনে এই সমস্যা সমাধান কৰিব পাৰে। কণীত চুলি, ছাল আৰু নখৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য বি-ভিটামিন আৰু বায়’টিন থাকে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু