--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত স্বাস্থ্যৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি হয়। উষ্ণতা কমিবলৈ আৰম্ভ কৰাৰ লগে লগে তেজৰ সঞ্চালন লেহেমীয়া হয়। হাড়ত বিষ হ’বলৈ আৰম্ভ কৰে। উফিৰ সমস্যা উদ্ভৱ হোৱাৰ লগতে চুলি সৰিবলৈ ধৰে। এনে বহু স্বাস্থ্যজনিত সমস্যা শীতকালত হোৱা দেখা যায়। কিন্তু খাদ্যাভ্যাসত মাত্ৰ এটা সৰু পৰিৱৰ্তনে বহু দীৰ্ঘস্থায়ী সমস্যাৰ পৰা হাত সাৰিব পাৰি। শীতকালত কণী খোৱাটো অতি উপকাৰ কাৰণ কণীত বহুতো পুষ্টি আৰু ভিটামিন থাকে যিয়ে শৰীৰক গৰম কৰি ৰখাত সহায় কৰে। গতিকে শীতকালত দৈনিক ২টা কণী খালে বহু শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিব পাৰি।

 ১. শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হৈ পৰে। সেয়েহে বহু লোকৰ সহজে চৰ্দি-কাহ আৰু জ্বৰ হোৱা দেখা যায়। এনে পৰিস্থিতিত কণীত থকা প্ৰ’টিনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শাৰীৰিক শক্তি বৃদ্ধিৰ কাম কৰে। ইয়াৰ উপৰি কণীত ভিটামিন B6 আৰু B12 থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি চৰ্দি-কাহ আৰু জ্বৰৰ পৰা ৰক্ষা কৰে।

 ২. কণী হাড়ৰ বাবে অতি উপকাৰী। ইয়াত ভিটামিন-ডি আৰু জিংক থাকে, যিবোৰ অষ্টিঅ’জেনিক বায়’এক্টিভ মৌল পোৱাৰ উপৰি লুটিন আৰু জিএক্সান্থিনৰ দৰে মৌল বৃদ্ধি কৰি ভিতৰৰ পৰা হাড় সুস্থ কৰি ৰাখে। এইদৰে শীতকালত হাড়ৰ সমস্যা যেনে-গাঁঠিৰ বিষ বা বাতবিষ ৰোধ কৰাত কণী অতি সহায়ক হয়।

 ৩. শীতকালত সূৰ্যৰ পোহৰ অতি কম। কেতিয়াবা সময়ৰ অভাৱত আমি সূৰ্যৰ পোহৰ ল’ব নোৱাৰো। এনে পৰিস্থিতিত শৰীৰত ভিটামিন-ডিৰ অভাৱৰ সৃষ্টি হয়। এটা কণীত ৮.২ মিলিগ্ৰাম ভিটামিন-ডি থাকে, যিটো খাদ্যত দৈনিক ১০ মিলিগ্ৰাম ভিটামিন-ডি গ্ৰহণৰ পৰামৰ্শৰ ৮২ শতাংশ। অৰ্থাৎ দুটা কণী খালে সহজেই ভিটামিন-ডিৰ এদিনৰ মাত্ৰা সম্পূৰ্ণ কৰিব পাৰি।

 ৪. এটা সিজোৱা কণীত প্ৰায় ০.৬ মাইক্ৰ’গ্ৰাম ভিটামিন-বি১২ থাকে। বহুতে দাবী কৰে যে কণীৰ কুহুম শৰীৰৰ বাবে উপকাৰী নহয় কাৰণ ই চৰ্বি বৃদ্ধি কৰে। অৱশ্যে ভিটামিন-বি১২ৰ অভাৱৰ পৰা হাত সাৰিবলৈ দৈনিক এটাকৈ কণীৰ কুহুম খাব লাগে। ভিটামিন-বি১২ কেৱল কুহুমৰ পৰাহে পোৱা যায়। সেইবাবেই দৈনিক দুটা কুহুম খাব লাগে।

 ৫. কণী প্ৰটিনৰ উত্তম উৎস। চুলি সৰা ৰোধ কৰাত ই বহুখিনি সহায় কৰে। শীতকালত চুলি সৰা সমস্যা বহুত বাঢ়ে। এনে ক্ষেত্ৰত কণী সেৱনে এই সমস্যা সমাধান কৰিব পাৰে। কণীত চুলি, ছাল আৰু নখৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য বি-ভিটামিন আৰু বায়’টিন থাকে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক