--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই  বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে  নীতিশ কুমাৰে। কুমাৰে বিজেপিৰ সৈতে মিত্ৰতা কৰি পুনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব। জনতা দল (ইউনাইটেড)ৰ মুৰব্বীজনে ৰাজ্যপালৰ কাৰ্যালয়ত উপস্থিত হৈ দেওবাৰে  দিনৰ ১১ বজাত পদত্যাগ পত্ৰ প্ৰদান কৰে।

 ইয়াৰ পূৰ্বে তেওঁ তেওঁৰ দলৰ বিধায়কসকলক তেওঁৰ চৰকাৰী বাসভৱনলৈ মাতি নি এক বৈঠকত মিলিত হয়। পদত্যাগৰ লগে লগে কুমাৰে ২৮ দলীয় বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ পৰাও  প্ৰস্থান কৰিলে।  

বিহাৰত শেহতীয়াকৈ  ৰাজনৈতিক উত্তেজনাই চৰম সীমাত উপনীত হৈছিল৷ বিজেপিৰ সমৰ্থনত পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰে৷  

২৪৩ খন  আসন থকা বিহাৰ বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ১২২ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। আৰজেডিৰ ৭৯ জন বিধায়ক আছে। ইয়াৰ উপৰি কংগ্ৰেছৰ ১৯ জন বিধায়ক, চিপিআইএমএল লিবাৰেচনৰ ১২ জন বিধায়ক, চিপিএমৰ ২ জন বিধায়ক, চিপিআইৰ ২ জন বিধায়ক আৰু ১ জন নিৰ্দলীয় বিধায়ক আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু