--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম্যানমাৰৰ বায়ু সেনাই বিদ্ৰোহীক প্ৰতিহত কৰিবলৈ বিদ্ৰোহীৰ ঘাটি থকা  অঞ্চলসমূহত নিৰ্বিচাৰ বোমা বিস্ফোৰণ আৰম্ভ কৰিছে। ভাৰত আৰু বাংলাদেশৰ সীমান্তৱৰ্তী ৰাখাইন প্ৰদেশৰ কেইবাখনো চহৰত যোৱা ৪৮ ঘণ্টাত ম্যানমাৰৰ  সামৰিক জুণ্টাই বোমা বৰ্ষণ কৰাত  হাজাৰ হাজাৰ লোকে পলায়ন কৰিবলৈ বাধ্য হৈছে।  ফলস্বৰূপে, উত্তৰ-পূব ভাৰতত নতুনকৈ শৰণাৰ্থী অনুপ্ৰৱেশৰ আশংকা বৃদ্ধি পাইছে।

যোৱা ডেৰ দশক ধৰি ৰাখাইন প্ৰদেশত  সংঘৰ্ষ চলি আহিছে, এই প্ৰদেশ খনক  ম্যানমাৰৰ 'ৰোহিংগিয়াৰ ভূমি' বুলি জনা যায়। তিনিটা বিদ্ৰোহী গোট ব্ৰাদাৰহুড এলায়েন্সে - তাং নেচনেল লিবাৰেচন আৰ্মী (টিএনএলএ), আৰাকান আৰ্মী (এএ) আৰু ম্যানমাৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মী (এমএনডিএএ)ৰ এক নতুন মিত্ৰজোঁটে নৱেম্বৰত জুণ্টা চৰকাৰৰ বিৰুদ্ধে  অভিযান আৰম্ভ কৰিছিল। তেওঁলোকৰ অপাৰেচনৰ নাম হৈছে 'অপাৰেচন ১০২৭'।
 পিছত, চীন নেচনেল আৰ্মি (চিএনএ) আৰু চাইনালেণ্ড ডিফেন্স ফ'ৰ্চ (চিডিএফ), কাচিন লিবাৰেচন ডিফেন্স ফ'ৰ্চ (কেএলডিএফ), পিপলছ ডিফেন্স ফ'ৰ্চে (পিডিএফ)ও জুণ্টাৰ  বিৰুদ্ধে যুদ্ধত যোগদান কৰে। উত্তৰ আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ শান, চীন আৰু চাগিয়াং প্ৰদেশৰ পিছত মধ্য-পশ্চিম ম্যানমাৰৰ ৰাখাইনতো সংঘৰ্ষৰ সূত্ৰপাত ঘটিবলৈ আৰম্ভ কৰে। উল্লেখ্য ম্যানমাৰৰ বিদ্ৰোহী সংগঠন  আৰাকান সেনা আৰু কেএলডিএফৰো তাত কেইবাটাও শিবিৰ  আছে।

শেহতীয়াকৈ ম্যানমাৰৰ সৈন্যই প্ৰদেশখনৰ  বুথিদাউং আৰু ফুমালীত বিদ্ৰোহী মিত্ৰজোঁটৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। ইয়াৰ মাজতে জুন্টাৰ বায়ু সেনাই বিমান আক্ৰমণ আৰম্ভ কৰে। ম্যানমাৰ বায়ু সেনাৰ ৰাখাইন প্ৰদেশৰ  ৰামৰি চহৰত এটা বিমান ঘাটি আছে। তাৰ পৰাই 'অভিযান' চলি আছে বুলি বহুতে দাবী কৰিছে।  বাংলাদেশৰ বাতৰি কাকতত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, আৰাকান সেনাৰ আক্ৰমণৰ ফলত ম্যানমাৰ সেনাই বাংলাদেশৰ ওচৰৰ বহু সীমান্ত চকী  এৰি পলাই  গৈছে।

ম্যানমাৰত গণতন্ত্ৰ পন্থী শক্তিৰ স্বঘোষিত চৰকাৰ নেচনেল ইউনিটি চৰকাৰ আৰু জুণ্টা  বিৰোধী ৰাজনৈতিক দল শান ষ্টেট প্ৰগ্ৰেছ পাৰ্টিয়ে বিদ্ৰোহী সশস্ত্ৰ গোটসমূহৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।  ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত গণতন্ত্ৰ পন্থী নেতা আং চান চু্য কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচীৰ নেতৃত্বত থকা  চৰকাৰক উৎখাত কৰি  ম্যানমাৰৰ সামৰিক বাহিনীয়ে  ক্ষমতা দখল কৰিছিল। আঢ়ৈ বছৰীয়া সামৰিক চৰকাৰে প্ৰথমবাৰৰ বাবে  সংকটৰ সন্মুখীন হৈছে বুলি ধাৰণা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
বৰক্ষেত্ৰীৰ আদাট্টাৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰত লক্ষাধিক টকাৰ চুৰিকাণ্ড
ইতিহাস ৰচি স্পেইনৰ বিশ্বজয়
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement