--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম্যানমাৰৰ বায়ু সেনাই বিদ্ৰোহীক প্ৰতিহত কৰিবলৈ বিদ্ৰোহীৰ ঘাটি থকা  অঞ্চলসমূহত নিৰ্বিচাৰ বোমা বিস্ফোৰণ আৰম্ভ কৰিছে। ভাৰত আৰু বাংলাদেশৰ সীমান্তৱৰ্তী ৰাখাইন প্ৰদেশৰ কেইবাখনো চহৰত যোৱা ৪৮ ঘণ্টাত ম্যানমাৰৰ  সামৰিক জুণ্টাই বোমা বৰ্ষণ কৰাত  হাজাৰ হাজাৰ লোকে পলায়ন কৰিবলৈ বাধ্য হৈছে।  ফলস্বৰূপে, উত্তৰ-পূব ভাৰতত নতুনকৈ শৰণাৰ্থী অনুপ্ৰৱেশৰ আশংকা বৃদ্ধি পাইছে।

যোৱা ডেৰ দশক ধৰি ৰাখাইন প্ৰদেশত  সংঘৰ্ষ চলি আহিছে, এই প্ৰদেশ খনক  ম্যানমাৰৰ 'ৰোহিংগিয়াৰ ভূমি' বুলি জনা যায়। তিনিটা বিদ্ৰোহী গোট ব্ৰাদাৰহুড এলায়েন্সে - তাং নেচনেল লিবাৰেচন আৰ্মী (টিএনএলএ), আৰাকান আৰ্মী (এএ) আৰু ম্যানমাৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মী (এমএনডিএএ)ৰ এক নতুন মিত্ৰজোঁটে নৱেম্বৰত জুণ্টা চৰকাৰৰ বিৰুদ্ধে  অভিযান আৰম্ভ কৰিছিল। তেওঁলোকৰ অপাৰেচনৰ নাম হৈছে 'অপাৰেচন ১০২৭'।
 পিছত, চীন নেচনেল আৰ্মি (চিএনএ) আৰু চাইনালেণ্ড ডিফেন্স ফ'ৰ্চ (চিডিএফ), কাচিন লিবাৰেচন ডিফেন্স ফ'ৰ্চ (কেএলডিএফ), পিপলছ ডিফেন্স ফ'ৰ্চে (পিডিএফ)ও জুণ্টাৰ  বিৰুদ্ধে যুদ্ধত যোগদান কৰে। উত্তৰ আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ শান, চীন আৰু চাগিয়াং প্ৰদেশৰ পিছত মধ্য-পশ্চিম ম্যানমাৰৰ ৰাখাইনতো সংঘৰ্ষৰ সূত্ৰপাত ঘটিবলৈ আৰম্ভ কৰে। উল্লেখ্য ম্যানমাৰৰ বিদ্ৰোহী সংগঠন  আৰাকান সেনা আৰু কেএলডিএফৰো তাত কেইবাটাও শিবিৰ  আছে।

শেহতীয়াকৈ ম্যানমাৰৰ সৈন্যই প্ৰদেশখনৰ  বুথিদাউং আৰু ফুমালীত বিদ্ৰোহী মিত্ৰজোঁটৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। ইয়াৰ মাজতে জুন্টাৰ বায়ু সেনাই বিমান আক্ৰমণ আৰম্ভ কৰে। ম্যানমাৰ বায়ু সেনাৰ ৰাখাইন প্ৰদেশৰ  ৰামৰি চহৰত এটা বিমান ঘাটি আছে। তাৰ পৰাই 'অভিযান' চলি আছে বুলি বহুতে দাবী কৰিছে।  বাংলাদেশৰ বাতৰি কাকতত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, আৰাকান সেনাৰ আক্ৰমণৰ ফলত ম্যানমাৰ সেনাই বাংলাদেশৰ ওচৰৰ বহু সীমান্ত চকী  এৰি পলাই  গৈছে।

ম্যানমাৰত গণতন্ত্ৰ পন্থী শক্তিৰ স্বঘোষিত চৰকাৰ নেচনেল ইউনিটি চৰকাৰ আৰু জুণ্টা  বিৰোধী ৰাজনৈতিক দল শান ষ্টেট প্ৰগ্ৰেছ পাৰ্টিয়ে বিদ্ৰোহী সশস্ত্ৰ গোটসমূহৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।  ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত গণতন্ত্ৰ পন্থী নেতা আং চান চু্য কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচীৰ নেতৃত্বত থকা  চৰকাৰক উৎখাত কৰি  ম্যানমাৰৰ সামৰিক বাহিনীয়ে  ক্ষমতা দখল কৰিছিল। আঢ়ৈ বছৰীয়া সামৰিক চৰকাৰে প্ৰথমবাৰৰ বাবে  সংকটৰ সন্মুখীন হৈছে বুলি ধাৰণা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু