--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত ইখনৰ পাছত সিখিন বিয়াৰ গুঞ্জন উঠিছে। শেহতীয়াকৈ চৰ্চা লাভ কৰিছে মহেশ কন্যা আলিয়াৰ বিয়াৰ প্ৰসংগই।একৰ পৰা দুই হ’বলৈ ওলাইছে আলিয়া। বিয়াৰ কতা ক’লে ৰ’ব নোৱাৰা হোৱা আলিয়াই এইবাৰ আৰু ৰৈ থাকিব খোজা নাই। চলিত বৰ্ষৰ এপ্ৰিল মাহতেই বিবাহপাশত আবদ্ধ হোৱাৰ কথা আলিয়া-ৰণবীৰৰ। দুই তাৰকাৰ মাজত বহুপ্ৰত্যাশিত বিয়াখনক লৈ অনুৰাগীৰ মাজতো উছাহৰ অন্ত নাই। বিয়াৰ কথা পোহৰলৈ অহাৰ পাছতে উচ্ছসিত হৈ পৰিছে তেওঁলোকৰ শুভাকাংক্ষী। স্মৰ্তব্য যে, ২০২০ চনৰ আৰম্ভণিতে, ৰণবীৰে ৰাজীৱ মাচান্দৰ সৈতে কথা পাতিছিল আৰু কৰ’না মহামাৰীয়ে দেখা নিদিয়াহেতেঁন আলিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হ'লহেতেঁন বুলিও সদৰী কৰিছিল ৰণবীৰে। সম্প্ৰতি আলিয়াই ৰণবীৰৰ সাক্ষাৎকাৰৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘ৰণবীৰে ভুল কোৱা নাছিল। কিন্তু আমি ইতিমধ্যে বিবাহ পাশত আৱদ্ধ হৈছো।’ কোনো আনুষ্ঠানিকতা নোহোৱাকৈ আলিয়াই ক’ত, কেতিতয়া, কেনেকৈ বিবাহ পাশত আৱদ্ধ হ’ল তাক লৈ হতবাক হৈ পৰিছে অনুৰাগী। ‘গংগুবাই কাঠিয়াৱাড়ী’ৰ অভিনেত্ৰীগৰাকীৰ কথাই সকলো আচৰিত কৰি তুলিলেও আলিয়াই যে মনৰে ইতিমধ্যে ৰণবীৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে তাক বুজিবলৈ এতিয়া আৰু বাকী নাই। আলিয়াই কথা প্ৰসংগত ইয়াকো কয় যে, ‘যিকোনো এটা ঘটনাৰ কাৰণ আছে। অহেতুক কোনো পৰিস্থিতিৰ সৈতে মানুহে মুখামুখী নহয়। আমাৰ অনাগত সময়বোৰ ভাল হ’ব। বিবাহ অনুষ্ঠানৰ কাম-কাজো সুন্দৰ আৰু সফলভাৱেই চলি যাব।’বিগত বৰ্ষত কেইবাবাৰো আলিয়া-ৰণবীৰে তেওঁলোকৰ প্ৰেম প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ প্ৰেমময় আৱেদনে অনুৰাগীসকলকো বিচলিত কৰি তুলিছে। দুৰ্গা পূজাত ৰণবীৰে আলিয়াক লেহেঙ্গা পিন্ধা সময়ত সহায় কৰা বা ৰণথম্বোৰত আয়োজিত জন্মদিনৰ ফটো সামজিক মাধ্যমত শ্বেয়াৰ কৰা ঘটনাবোৰ অনুৰাগীৰ মনত আজিও সজীৱ হৈ আছে। ইফালে, দুয়োকে ‘ব্ৰহ্মাস্ত্ৰ’ত দেখিবলৈ পাব অনুৰাগীয়ে। অহা ছেপ্টেম্বৰ মাহৰ ৯তাৰিখে ছবিখন মুক্তি পোৱাৰ কথা। ছবিখনক লৈ উৎসাহী অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে গণিছে ক্ষণ। সম্প্ৰতি আলিয়া ব্যস্ত ‘গঙ্গুবাঈ কাথিয়াৱাড়ী’ ছবিখনৰ প্ৰচাৰত। অহা ২৫ ফ্ৰেব্ৰুৱাৰীত ছবিখন মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু