--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত ইখনৰ পাছত সিখিন বিয়াৰ গুঞ্জন উঠিছে। শেহতীয়াকৈ চৰ্চা লাভ কৰিছে মহেশ কন্যা আলিয়াৰ বিয়াৰ প্ৰসংগই।একৰ পৰা দুই হ’বলৈ ওলাইছে আলিয়া। বিয়াৰ কতা ক’লে ৰ’ব নোৱাৰা হোৱা আলিয়াই এইবাৰ আৰু ৰৈ থাকিব খোজা নাই। চলিত বৰ্ষৰ এপ্ৰিল মাহতেই বিবাহপাশত আবদ্ধ হোৱাৰ কথা আলিয়া-ৰণবীৰৰ। দুই তাৰকাৰ মাজত বহুপ্ৰত্যাশিত বিয়াখনক লৈ অনুৰাগীৰ মাজতো উছাহৰ অন্ত নাই। বিয়াৰ কথা পোহৰলৈ অহাৰ পাছতে উচ্ছসিত হৈ পৰিছে তেওঁলোকৰ শুভাকাংক্ষী। স্মৰ্তব্য যে, ২০২০ চনৰ আৰম্ভণিতে, ৰণবীৰে ৰাজীৱ মাচান্দৰ সৈতে কথা পাতিছিল আৰু কৰ’না মহামাৰীয়ে দেখা নিদিয়াহেতেঁন আলিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হ'লহেতেঁন বুলিও সদৰী কৰিছিল ৰণবীৰে। সম্প্ৰতি আলিয়াই ৰণবীৰৰ সাক্ষাৎকাৰৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘ৰণবীৰে ভুল কোৱা নাছিল। কিন্তু আমি ইতিমধ্যে বিবাহ পাশত আৱদ্ধ হৈছো।’ কোনো আনুষ্ঠানিকতা নোহোৱাকৈ আলিয়াই ক’ত, কেতিতয়া, কেনেকৈ বিবাহ পাশত আৱদ্ধ হ’ল তাক লৈ হতবাক হৈ পৰিছে অনুৰাগী। ‘গংগুবাই কাঠিয়াৱাড়ী’ৰ অভিনেত্ৰীগৰাকীৰ কথাই সকলো আচৰিত কৰি তুলিলেও আলিয়াই যে মনৰে ইতিমধ্যে ৰণবীৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে তাক বুজিবলৈ এতিয়া আৰু বাকী নাই। আলিয়াই কথা প্ৰসংগত ইয়াকো কয় যে, ‘যিকোনো এটা ঘটনাৰ কাৰণ আছে। অহেতুক কোনো পৰিস্থিতিৰ সৈতে মানুহে মুখামুখী নহয়। আমাৰ অনাগত সময়বোৰ ভাল হ’ব। বিবাহ অনুষ্ঠানৰ কাম-কাজো সুন্দৰ আৰু সফলভাৱেই চলি যাব।’বিগত বৰ্ষত কেইবাবাৰো আলিয়া-ৰণবীৰে তেওঁলোকৰ প্ৰেম প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ প্ৰেমময় আৱেদনে অনুৰাগীসকলকো বিচলিত কৰি তুলিছে। দুৰ্গা পূজাত ৰণবীৰে আলিয়াক লেহেঙ্গা পিন্ধা সময়ত সহায় কৰা বা ৰণথম্বোৰত আয়োজিত জন্মদিনৰ ফটো সামজিক মাধ্যমত শ্বেয়াৰ কৰা ঘটনাবোৰ অনুৰাগীৰ মনত আজিও সজীৱ হৈ আছে। ইফালে, দুয়োকে ‘ব্ৰহ্মাস্ত্ৰ’ত দেখিবলৈ পাব অনুৰাগীয়ে। অহা ছেপ্টেম্বৰ মাহৰ ৯তাৰিখে ছবিখন মুক্তি পোৱাৰ কথা। ছবিখনক লৈ উৎসাহী অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে গণিছে ক্ষণ। সম্প্ৰতি আলিয়া ব্যস্ত ‘গঙ্গুবাঈ কাথিয়াৱাড়ী’ ছবিখনৰ প্ৰচাৰত। অহা ২৫ ফ্ৰেব্ৰুৱাৰীত ছবিখন মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ