--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত নিহত হয় লস্কৰ-ঈ-তৈবা(LeT)ৰ এজন সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদীজন কেইবাটাও হিংসাত্মক কাণ্ডত জড়িত আছিল। জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিহত হয় সন্ত্ৰাসবাদীজন। নিহত সন্ত্ৰাসবাদীজনক বিলাল আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে।

জিলাখনৰ চোটিগাম গাঁৱত সন্ত্ৰাসবাদীজন থকা বুলি তথ্য লাভ কৰে আৰক্ষীয়ে। এই তথ্যৰ আধাৰত পুৱাৰ ভাগত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে।

নিৰাপত্তা বাহিনী আহিছে বুলি গম পাই লুকাই থকা সন্ত্ৰাসবাদীজনে তেওঁলোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে আৰু ইয়াৰ লগে লগে অভিযানকাৰী দলটোৱেও গুলীবৰ্ষণ কৰে।

এই এনকাউণ্টাৰত সন্ত্ৰাসবাদীজন নিহত হয়। এনকাউণ্টাৰৰ স্থানৰ পৰা এ কে ছিৰিজৰ ৰাইফলকে ধৰি আন বহু অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু তিনিটা মেগজিন উদ্ধাৰ কৰা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰে।

হত্যাকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী অপৰাধৰ গোচৰত জড়িত আছিল সন্ত্ৰাসবাদীজন। তেওঁ যুৱক-যুৱতীক সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিবলৈ উচটনি দিয়াৰ লগতে ১২ জন স্থানীয় যুৱকক প্ৰৰোচিত কৰি সন্ত্ৰাসবাদী সংগঠনত যোগ দিয়াইছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই