--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত নিহত হয় লস্কৰ-ঈ-তৈবা(LeT)ৰ এজন সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদীজন কেইবাটাও হিংসাত্মক কাণ্ডত জড়িত আছিল। জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিহত হয় সন্ত্ৰাসবাদীজন। নিহত সন্ত্ৰাসবাদীজনক বিলাল আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে।

জিলাখনৰ চোটিগাম গাঁৱত সন্ত্ৰাসবাদীজন থকা বুলি তথ্য লাভ কৰে আৰক্ষীয়ে। এই তথ্যৰ আধাৰত পুৱাৰ ভাগত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে।

নিৰাপত্তা বাহিনী আহিছে বুলি গম পাই লুকাই থকা সন্ত্ৰাসবাদীজনে তেওঁলোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে আৰু ইয়াৰ লগে লগে অভিযানকাৰী দলটোৱেও গুলীবৰ্ষণ কৰে।

এই এনকাউণ্টাৰত সন্ত্ৰাসবাদীজন নিহত হয়। এনকাউণ্টাৰৰ স্থানৰ পৰা এ কে ছিৰিজৰ ৰাইফলকে ধৰি আন বহু অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু তিনিটা মেগজিন উদ্ধাৰ কৰা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰে।

হত্যাকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী অপৰাধৰ গোচৰত জড়িত আছিল সন্ত্ৰাসবাদীজন। তেওঁ যুৱক-যুৱতীক সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিবলৈ উচটনি দিয়াৰ লগতে ১২ জন স্থানীয় যুৱকক প্ৰৰোচিত কৰি সন্ত্ৰাসবাদী সংগঠনত যোগ দিয়াইছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক