--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত আজি পুনৰ সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ভাৰতৰ নিৰাপত্তা বাহিনী। নিয়ন্ত্ৰণ ৰেখাৰে অনুপ্ৰৱেশৰ চেষ্টা চলাওঁতেই সেনাৰ গুলীত নিহত হয় দুই সন্ত্ৰাসবাদী সদস্য।

কুপৱাৰা জিলাৰ মচিল ছেক্টৰত সংঘটিত হৈছে এই ঘটনা। কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এক টুইট যোগে সদৰী কৰিছে এই খবৰ। টুইটটোত উল্লেখ কৰা মতে, কুপোৱাৰা জিলাৰ দোবানাৰ মাছল অঞ্চলত সেনা আৰু কুপৱাৰা আৰক্ষীয়ে এই যৌথ অভিযান চলাইছিল।

সংঘৰ্ষস্থলীত অনুসন্ধান অব্যাহত আছে বুলি লগতে উল্লেখ কৰে কাশ্মীৰ মণ্ডল আৰক্ষীয়ে। অৱশ্যে নিহত সন্ত্ৰাসবাদী দুজন কোন গোটৰ সদস্য সেয়া এইপৰ্যন্ত প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য যে, যোৱা মাহত সেনাই ভাৰতত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনত ব্যাঘাত জন্মোৱাৰ উদ্দেশ্যে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীৰ এটা দলক বাধা দিয়া বুলি প্ৰকাশ কৰিছিল।

লক্ষণীয়ভাৱে, দেওবাৰে সেনাই পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা আৰু সন্ত্ৰাসবাদী সংগঠনে মহিলা আৰু নাবালকৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আৰু বাৰ্তা প্ৰেৰণৰ বিপজ্জনক পদক্ষেপ পোহৰলৈ আহিছে বুলি উল্লেখ কৰিছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা