--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত আজি পুনৰ সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ভাৰতৰ নিৰাপত্তা বাহিনী। নিয়ন্ত্ৰণ ৰেখাৰে অনুপ্ৰৱেশৰ চেষ্টা চলাওঁতেই সেনাৰ গুলীত নিহত হয় দুই সন্ত্ৰাসবাদী সদস্য।

কুপৱাৰা জিলাৰ মচিল ছেক্টৰত সংঘটিত হৈছে এই ঘটনা। কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এক টুইট যোগে সদৰী কৰিছে এই খবৰ। টুইটটোত উল্লেখ কৰা মতে, কুপোৱাৰা জিলাৰ দোবানাৰ মাছল অঞ্চলত সেনা আৰু কুপৱাৰা আৰক্ষীয়ে এই যৌথ অভিযান চলাইছিল।

সংঘৰ্ষস্থলীত অনুসন্ধান অব্যাহত আছে বুলি লগতে উল্লেখ কৰে কাশ্মীৰ মণ্ডল আৰক্ষীয়ে। অৱশ্যে নিহত সন্ত্ৰাসবাদী দুজন কোন গোটৰ সদস্য সেয়া এইপৰ্যন্ত প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য যে, যোৱা মাহত সেনাই ভাৰতত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনত ব্যাঘাত জন্মোৱাৰ উদ্দেশ্যে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীৰ এটা দলক বাধা দিয়া বুলি প্ৰকাশ কৰিছিল।

লক্ষণীয়ভাৱে, দেওবাৰে সেনাই পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা আৰু সন্ত্ৰাসবাদী সংগঠনে মহিলা আৰু নাবালকৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আৰু বাৰ্তা প্ৰেৰণৰ বিপজ্জনক পদক্ষেপ পোহৰলৈ আহিছে বুলি উল্লেখ কৰিছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস