--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰামবন জিলাত আজি ভয়াৱহ ৰূপ ধাৰণ কৰে ভূমিস্খলনে। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা এই ভয়াৱহ ভূমিস্খলনত এগৰাকী লোক নিহত হোৱাৰ লগতে আন ছয়গৰাকী লোক আহত হয়।

ঘটনাস্থলীত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত বন্ধ কৰি দিয়া হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে

ৰামবনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিতা শৰ্মাই ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে, ৰামবনৰ ছেৰী গাঁৱৰ সমীপৰ ২৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথত সংঘটিত হোৱা এই ভূমিস্খলনত ৭ জন লোক আহত হৈছিল।

পিছত চিকিৎসালয়লৈ নিয়াৰ পথতে গুৰুতৰভাৱে আহত সুৰজীত সিং নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হয় বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

আনকেইগৰাকী আহত ক্ৰমে মহম্মদ তাজ, হামিদ, ৰুবীনা বেগম, সকীনা বেগম, ছালমা বানি আৰু আমিৰ নামৰ ব্যক্তি কেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলিও তেওঁ লগতে কয়।

এই ভূমিস্খলনত দুখন বাহনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে বুলি স্থানীয় বিষয়াসকলে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক