--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ ভাষণত ভাৰতীয় গণতন্ত্ৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলি কৰা মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ শাসকীয় বিজেপিয়ে গান্ধীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াত তেওঁক কঠোৰ সমালোচনা কৰিছে।

বিজেপিৰ মতে ৰাহুল গান্ধীয়ে ভাৰতৰ ওপৰত আমেৰিকা আৰু ইউৰোপৰ হস্তক্ষেপ বিচাৰিছে। লগতে ৰাহুল গান্ধীয়ে বিদেশৰ মাটিত দেশক লজ্জিত কৰা বুলিও দাবী কৰিছে বিজেপিয়ে।

বিজেপিৰ মুখপাত্ৰ ৰবি শংকৰ প্ৰসাদে এক বিবৃতিত ৰাহুল গান্ধীয়ে ভাষণত ভাৰতৰ গণতন্ত্ৰ, ৰাজনীতি, সংসদ, ৰাজনৈতিক ব্যৱস্থা আৰু ন্যায়িক ব্যৱস্থাক লজ্জিত কৰিব বিচাৰিছে বুলি অভিযোগ কৰে।

প্ৰসাদে এই প্ৰসঙ্গতে ৰাহুল গান্ধীয়ে গণতন্ত্ৰক বচাবলৈ ইউৰোপ আৰু আমেৰিকাই হস্তক্ষেপ কৰা বিচাৰে নেকি বুলিও প্ৰশ্ন তোলে। “যি চৰকাৰেই নহওক কিয়, আমি আমাৰ আভ্যন্তৰীণ বিষয়ত কোনো ধৰণৰ হস্তক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি আহিছো।”— প্ৰসাদে লগতে কয়।

ভাৰতৰ আভ্যন্তৰীণ বিষয়ত কোনো বিদেশী দেশে হস্তক্ষেপ কৰিব নালাগে বুলি উল্লেখ কৰি বিজেপি নেতাগৰাকীয়ে লগতে ৰাহুল গান্ধীৰ এই মন্তব্যৰ ওপৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু পূৰ্ব সভাপতি ছোনিয়া গান্ধীৰ স্পষ্টীকৰণৰ দাবী কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে