--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ ভাষণত ভাৰতীয় গণতন্ত্ৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলি কৰা মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ শাসকীয় বিজেপিয়ে গান্ধীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াত তেওঁক কঠোৰ সমালোচনা কৰিছে।

বিজেপিৰ মতে ৰাহুল গান্ধীয়ে ভাৰতৰ ওপৰত আমেৰিকা আৰু ইউৰোপৰ হস্তক্ষেপ বিচাৰিছে। লগতে ৰাহুল গান্ধীয়ে বিদেশৰ মাটিত দেশক লজ্জিত কৰা বুলিও দাবী কৰিছে বিজেপিয়ে।

বিজেপিৰ মুখপাত্ৰ ৰবি শংকৰ প্ৰসাদে এক বিবৃতিত ৰাহুল গান্ধীয়ে ভাষণত ভাৰতৰ গণতন্ত্ৰ, ৰাজনীতি, সংসদ, ৰাজনৈতিক ব্যৱস্থা আৰু ন্যায়িক ব্যৱস্থাক লজ্জিত কৰিব বিচাৰিছে বুলি অভিযোগ কৰে।

প্ৰসাদে এই প্ৰসঙ্গতে ৰাহুল গান্ধীয়ে গণতন্ত্ৰক বচাবলৈ ইউৰোপ আৰু আমেৰিকাই হস্তক্ষেপ কৰা বিচাৰে নেকি বুলিও প্ৰশ্ন তোলে। “যি চৰকাৰেই নহওক কিয়, আমি আমাৰ আভ্যন্তৰীণ বিষয়ত কোনো ধৰণৰ হস্তক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি আহিছো।”— প্ৰসাদে লগতে কয়।

ভাৰতৰ আভ্যন্তৰীণ বিষয়ত কোনো বিদেশী দেশে হস্তক্ষেপ কৰিব নালাগে বুলি উল্লেখ কৰি বিজেপি নেতাগৰাকীয়ে লগতে ৰাহুল গান্ধীৰ এই মন্তব্যৰ ওপৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু পূৰ্ব সভাপতি ছোনিয়া গান্ধীৰ স্পষ্টীকৰণৰ দাবী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement