--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জম্মু আৰু কাশ্মীৰৰ ৰামবান জিলাৰ মেকাৰকোট অঞ্চলৰ খোনিনাল্লাত খহি পৰিছে নিৰ্মীয়মান সুৰংগ৷ এই ঘটনাত কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে৷ ঘটনাটোৰ পাছত বৰ্তমান অঞ্চলটোত পূৰ্ণগতিত চলিছে  উদ্ধাৰ অভিযান৷ ছয়ৰ পৰা সাতজন লোক আবদ্ধ হোৱাৰ আশংকা কৰা হৈছে, আনহাতে তিনিজন লোকক উদ্ধাৰ কৰা হৈছে। এইপৰ্যন্ত মৃত্যু হৈছে এজন লোকৰ৷

 

কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে টুইটাৰযোগে পৰিস্থিতিটোৰ বিষয়ে অধিক তথ্য শ্বেয়াৰ কৰিছে। তেওঁ কয় যে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছে। তেওঁ লগতে কয় যে অসামৰিক প্ৰশাসন আৰু আৰক্ষী কৰ্তৃপক্ষই পৰিস্থিতিটো নিৰীক্ষণ কৰি আছে৷ বিষয়াসকলৰ মতে, বৃহস্পতিবাৰে নিশা অডিটৰ সময়ত খোনিনাল্লাত সুৰংগটোৰ সন্মুখৰ ফালৰ এটা সৰু অংশ খহি পৰে আৰু লগতে আৰক্ষী আৰু সেনাৰ দ্বাৰা তৎক্ষণাৎ এক যুটীয়া উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে৷

 

ৰামবানৰ জিলা উপায়ুক্তই কয়মেকাৰকোট অঞ্চলৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ খোনিনাল্লাত এটা নিৰ্মীয়মান সুৰংগৰ এটা অংশ খহি পৰে। তেওঁ ৬ৰ পৰা ৭জন লোক আবদ্ধহৈ থকাৰ আশংকা কৰিছে৷ লগতে, এজনক উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ সম্প্ৰতি, চলিত উদ্ধাৰ অভিযানৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন