--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জম্মু আৰু কাশ্মীৰৰ ৰামবান জিলাৰ মেকাৰকোট অঞ্চলৰ খোনিনাল্লাত খহি পৰিছে নিৰ্মীয়মান সুৰংগ৷ এই ঘটনাত কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে৷ ঘটনাটোৰ পাছত বৰ্তমান অঞ্চলটোত পূৰ্ণগতিত চলিছে  উদ্ধাৰ অভিযান৷ ছয়ৰ পৰা সাতজন লোক আবদ্ধ হোৱাৰ আশংকা কৰা হৈছে, আনহাতে তিনিজন লোকক উদ্ধাৰ কৰা হৈছে। এইপৰ্যন্ত মৃত্যু হৈছে এজন লোকৰ৷

 

কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে টুইটাৰযোগে পৰিস্থিতিটোৰ বিষয়ে অধিক তথ্য শ্বেয়াৰ কৰিছে। তেওঁ কয় যে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছে। তেওঁ লগতে কয় যে অসামৰিক প্ৰশাসন আৰু আৰক্ষী কৰ্তৃপক্ষই পৰিস্থিতিটো নিৰীক্ষণ কৰি আছে৷ বিষয়াসকলৰ মতে, বৃহস্পতিবাৰে নিশা অডিটৰ সময়ত খোনিনাল্লাত সুৰংগটোৰ সন্মুখৰ ফালৰ এটা সৰু অংশ খহি পৰে আৰু লগতে আৰক্ষী আৰু সেনাৰ দ্বাৰা তৎক্ষণাৎ এক যুটীয়া উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে৷

 

ৰামবানৰ জিলা উপায়ুক্তই কয়মেকাৰকোট অঞ্চলৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ খোনিনাল্লাত এটা নিৰ্মীয়মান সুৰংগৰ এটা অংশ খহি পৰে। তেওঁ ৬ৰ পৰা ৭জন লোক আবদ্ধহৈ থকাৰ আশংকা কৰিছে৷ লগতে, এজনক উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ সম্প্ৰতি, চলিত উদ্ধাৰ অভিযানৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত