--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : এতিয়া এপালি প্ৰতিষেধকেৰেই যুঁজ দিব পৰা যাব ক’ভিডৰ বিৰুদ্ধে। আমাৰ দেশৰ প্ৰতিষেধক অভিযানত নতুন সংযোজন ঘটাৰ বাট মুকলি হৈছে। এতিয়া এপালি মাত্ৰ প্ৰতিষেধকৰ জৰিয়তেই লোক এজনৰ সম্পূৰ্ণ টিকাকৰণ কৰিব পৰা যাব। মাৰ্কিন ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘জনছন এণ্ড জনছন’ৰ ছিংগল ড’জ ক’ভিড প্ৰতিষেধক দেশত ব্যৱহাৰৰ অনুমোদন দিয়াৰ লগে লগে দেশৰ প্ৰতিষেধক অভিযানৰ শক্তি বৃদ্ধি পালে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই টুইট কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, ‘ভাৰতে নিজৰ প্ৰতিষেধকৰ টোপোলাটো অধিক ডাঙৰ কৰিলে। জনছন এণ্ড জনছনৰ ছিংগল ড’জ ক’ভিড ভেকচিনত দেশত জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হ’ল। এতিয়া আমাৰ হাতত থকা অনুমোদিত ভেকচিনৰ সংখ্যা পাঁচটা হ’ল আৰু ই আমাৰ ক’ভিডবিৰোধী সামূহিক যুঁজক অধিক শক্তি দিব।’

দেশৰ ভেকচিন নিৰ্মাণকাৰী সংস্থা ‘বায়’লজিকেল-ই লিমিটেডে’ এই ছিংগল শ্বট ভেকিচন দেশলৈ আনিব। উল্লেখ্য যে, ভাৰতত জৰুৰী ব্যৱহাৰৰ অনুমোদন বিচাৰি আবেদন জনোৱাৰ দুদিনৰ পাছতে জৰুৰী ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে জনছনৰ এই ভেকচিনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ