--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআই সম্পৰ্কত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে আজি কয় যে, চিবিআই তথা আন তদন্তকাৰী সংস্থাসমূহে নিম্ন আদালতৰ ন্যায়াধীশে নিজলৈ অহা ভাবুকি সন্দৰ্ভত অভিযোগ দাখিল কৰিলে তাক গুৰুত্ব নিদিয়ে। ঝাৰখণ্ডৰ জিলা ন্যায়াধীশক হত্যাৰ গোচৰৰ প্ৰসংগত আজি দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই মন্তব্য কৰে।

এনে সংস্থাসমূহৰ প্ৰতি ৰ্ভৎসনাসূচকভাৱে মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, যেতিয়া ন্যায়াধীশসকলে অভিযোগ কৰে তেতিয়া এই সংস্থাবোৰে তেওঁলোকক সহায় নকৰে। ‘চিবিআই-এ নিজৰ মনোবৃত্তি সলনি কৰা নাই। যেতিয়া ন্যায়াধীশসকলে ভাবুকি সন্দৰ্ভত চিবিআই, ইণ্টেলিজেন্স ব্যুৰো আদিৰ আগত অভি়যোগ কৰে তেতিয়া তেওঁলোকৰ পৰা একো সঁহাৰি পোৱা নাযায়।’

উল্লেখ্য যে ঝাৰখণ্ডৰ ধানবাদ জিলাৰ জিলা ন্যায়াধীশ উত্তম আনন্দৰ হত্যাৰ ঘটনাক অতি গভীৰভাৱে গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, ন্যায়াধীশ আনন্দে ধানবাদৰ বহু মাফিয়াৰ গোচৰ চোৱাচিতা কৰিছিল আৰু একাধিক গেংষ্টাৰৰ জামিন আবেদন খাৰিজ কৰিছিল। বিধায়ক সঞ্জয় সিঙৰ অতি ঘনিষ্ঠ ৰঞ্জয় সিং নামৰ এজন গেংষ্টাৰৰ বিৰুদ্ধে থকা হত্যাৰ গোচৰো সেইখন আদালততে চলি আছিল। দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা ন্যায়াধীশগৰাকীৰ হত্যাকাণ্ডই ভালেমান প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু