--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআই সম্পৰ্কত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে আজি কয় যে, চিবিআই তথা আন তদন্তকাৰী সংস্থাসমূহে নিম্ন আদালতৰ ন্যায়াধীশে নিজলৈ অহা ভাবুকি সন্দৰ্ভত অভিযোগ দাখিল কৰিলে তাক গুৰুত্ব নিদিয়ে। ঝাৰখণ্ডৰ জিলা ন্যায়াধীশক হত্যাৰ গোচৰৰ প্ৰসংগত আজি দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই মন্তব্য কৰে।

এনে সংস্থাসমূহৰ প্ৰতি ৰ্ভৎসনাসূচকভাৱে মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, যেতিয়া ন্যায়াধীশসকলে অভিযোগ কৰে তেতিয়া এই সংস্থাবোৰে তেওঁলোকক সহায় নকৰে। ‘চিবিআই-এ নিজৰ মনোবৃত্তি সলনি কৰা নাই। যেতিয়া ন্যায়াধীশসকলে ভাবুকি সন্দৰ্ভত চিবিআই, ইণ্টেলিজেন্স ব্যুৰো আদিৰ আগত অভি়যোগ কৰে তেতিয়া তেওঁলোকৰ পৰা একো সঁহাৰি পোৱা নাযায়।’

উল্লেখ্য যে ঝাৰখণ্ডৰ ধানবাদ জিলাৰ জিলা ন্যায়াধীশ উত্তম আনন্দৰ হত্যাৰ ঘটনাক অতি গভীৰভাৱে গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, ন্যায়াধীশ আনন্দে ধানবাদৰ বহু মাফিয়াৰ গোচৰ চোৱাচিতা কৰিছিল আৰু একাধিক গেংষ্টাৰৰ জামিন আবেদন খাৰিজ কৰিছিল। বিধায়ক সঞ্জয় সিঙৰ অতি ঘনিষ্ঠ ৰঞ্জয় সিং নামৰ এজন গেংষ্টাৰৰ বিৰুদ্ধে থকা হত্যাৰ গোচৰো সেইখন আদালততে চলি আছিল। দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা ন্যায়াধীশগৰাকীৰ হত্যাকাণ্ডই ভালেমান প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ