--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : নতুন ইতিহাস ৰচনাৰ দিশে অগ্ৰসৰ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি প্ৰধানমন্ত্ৰী মোদীয়ে অধ্যক্ষতা কৰিব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্কত। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্কত সভাপতিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হ’ব নৰেন্দ্ৰ মোদী।

এই বিশেষ কাৰ্যসূচীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ লগতে বিশ্বৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এএনআইয়ে শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত টি এছ তিৰুমূৰ্তিয়ে সদৰী কৰিছে যে, সামুদ্ৰিক সুৰক্ষা, শান্তি ৰক্ষা আৰু সন্ত্ৰাসবাদৰে মোকাবিলা কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক সামৰি ৩খন উচ্চ পৰ্যায়ৰ বৈঠকৰ অনুষ্ঠিত কৰা হ’ব।

ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সন্ধিয়া ৫:৩০ বজাত আৰম্ভ হ'ব বৈঠকখন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৱেবছাইটত পোনপটীয়াকৈ সম্প্ৰচাৰ হ'বলগীয়া এই বিতৰ্কত সামুদ্ৰিক অপৰাধ আৰু নিৰাপত্তাহীনতা কাৰ্যকৰীভাৱে প্ৰতিৰোধ কৰাৰ উপায় আৰু সামুদ্ৰিক ক্ষেত্ৰত সমন্বয় শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ