--°C
Loading...
Listen to Article
2 min read
80%
চিনেমাৰ পৰ্দাত তেওঁ যেতিয়াই ভূমুকি মাৰে মানুহৰ মুখত আপোনা-আপুনি ফুটি উঠে খোলা হাঁহি। কাৰণ ৰূপালী পৰ্দাত তেওঁ আৱিৰ্ভাৱেই হয় মানুহক হাস্যৰস প্ৰদান কৰিবলৈ। কেঁকোৰা চুলি, কৃষ্ণ বৰ্ণৰ কঠিন মুখ, অলপ চাপৰকৈ এই মানুহজনক চিনি নাপায় কোনে! ঘৰে ঘৰে চিনাকি তেওঁৰ মুখখন। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মাজত জনপ্ৰিয় তেওঁ। 

মানুহজনৰ চকুৰ পাক, মুখৰ ভাঁজ, কথা কোৱাৰ ভংগিমা, দেহৰ অভিব্যক্তি আদি সকলোতে মানুহে বিচাৰি পায় হাঁহিৰ সমল। বলীউডৰ এইজন বিখ্যাত কমেডিয়ান বা কমেডী এক্টৰ হ’ল জনী লিভাৰ(Johnny Lever)। কাৰোবাক যদি বলীউডৰ কোনোবা কমেডিয়ানৰ নাম ল’বলৈ দিয়া হয় প্ৰথমতেই তেওঁৰ দুচকুত জনী লিভাৰৰ মুখখন ভাঁহি অহাটো খাটাং আৰু তাতেই বুজিব পাৰি তেওঁৰ অভিনয় কিমান জীৱন্ত আৰু সমৃদ্ধ। জনী লিভাৰ নামৰ বিখ্যাত সত্বাটো হোৱাৰ আগত তেওঁৰ জীৱন কিমান সংঘাত আৰু সংঘৰ্ষৰে পৰিপূৰ্ণ আছিল সেই কথা বহুতৰে অজ্ঞাত। জনী লিভাৰৰ প্ৰকৃত নাম জন প্ৰকাশ ৰাও জানুমালা।

অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাত এক দৰিদ্ৰ পৰিয়ালত ১৯৫৬ চনৰ ১৪ আগষ্টত জন্মগ্ৰহণ কৰিছিল এইগৰাকী জনপ্ৰিয় অভিনেতাই। পিতৃৰ নাম প্ৰকাশ ৰাও জানুমালা আৰু মাতৃৰ নাম কৰুণাম্মা জানুমালা। প্ৰকাশ-কৰুণাম্মাৰ দুটি সন্তানৰ ভিতৰত ডাঙৰটি সন্তান আছিল জন(এতিয়াৰ জনী)। দুবেলা-দুমুঠি অতি কষ্টৰে গোটোৱা এই পৰিয়ালটি কৰ্মৰ সন্ধানত গুচি আহিছিল মুম্বাইলৈ। হিন্দুস্তান লিভাৰ(হিন্দুস্তান ইউনিলিভাৰ) নামৰ কাৰখানাটোত মূৰ গুজি ল’লে পিতৃয়ে। কণমানি জনেও পৰিয়ালটোক সকাহ দিয়াৰ উদ্দেশ্য কাৰখানাটোত মূৰ গুজি ল’লে। তেওঁ আছিল তাৰে মজদুৰ।

স্কুলত পঢ়িবলৈ যোৱাটো জনৰ পক্ষে কোনোপধ্যই সম্ভৱ নাছিল। মাত্ৰ সপ্তম শ্ৰেণীলৈকে পঢ়িয়ে শিক্ষা জীৱনৰ অন্ত পেলায় তেওঁ। হিন্দুস্তান লিভাৰত কাম কৰি আজৰি থকা সময়খিনিত জনে কাৰখানাৰ উচ্চবৰ্গৰ কৰ্মচাৰীসকলৰ, অভিনেতাসকলৰ মিমিক্ৰী কৰি মজদুৰসকলক আমোদ দিয়ে। অনবৰতে হাঁহি-ফূৰ্তিত থকা জনৰ মিমিক্ৰীয়ে কাৰখানাটোৰ সকলোকে বৰ আমোদ দিছিল। হিন্দুস্তান লিভাৰৰ কৰ্মচাৰীসকলেই জনৰ নাম দিছিল জনী লিভাৰ। তেওঁলোকে সপোনতো ভবা নাছিল কাৰখানাটোৰ আপোন জনী লিভাৰ এদিন সমগ্ৰ দেশৰে আপোন জনী লিভাৰ হৈ পৰিব।

জনীয়ে বুজি উঠিছিল যে ভগৱানে তেওঁক এনে এক প্ৰতিভা দিছে যি প্ৰতিভাৰে তেওঁ মানুহৰ মুখত হাঁহিৰ ফুল ফুলাবলৈ সক্ষম। এই প্ৰতিভাক চিনি উলিওৱাৰ পাছতেই তেওঁ মিমিক্ৰি অভিনয় কৰি গ’ল বিভিন্ন মঞ্চই মঞ্চই। ১৯৮১ চনত জনীয়ে কাৰখানাৰ কাম সম্পূৰ্ণ বাদ দি সম্পূৰ্ণৰূপে মিমিক্ৰিত মনোনিৱেশ কৰে। এদিন জনীৰ ওপৰত চকু পৰে যশস্বী অভিনেতা সুনীল দত্তৰ। সুনীল দত্তই বলীউডৰ ‘দৰ্দ কা ৰিস্তা’ নামৰ চিনেমাখনত জনীক অভিনয় কৰাৰ সুযোগ দিয়ে। ইয়াৰ পাছতেই তেওঁ নাছিৰুদ্দিন শ্বাহৰ সৈতে ‘জলৱা’ নামৰ চিনেমাখনত অভিনয় কৰে।

জনীৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ’ল ‘বাজীগৰ’ নামৰ চিনেমাখন। ইয়াত অভিনয় কৰিয়েই জনী লিভাৰ সমগ্ৰ দেশতে জনপ্ৰিয় হৈ উঠে। ইয়াৰ পাছৰ পৰাই ইখনৰ পিছত সিখন জনপ্ৰিয় ছবি উপহাৰ দি গ’ল জনী লিভাৰে। বৰ্তমানলৈকে তেওঁ প্ৰায় ৩৭০খন চিনেমাত অভিনয় কৰিছে। নিজ প্ৰতিভাক চিনি পোৱাৰ বাবেই মজদুৰৰ পৰা গৈ তেওঁ এজন বিখ্যাত তাৰকা হৈ পৰিল। এটা সময়ত এসাঁজ খালে আন সাঁজলৈ চিন্তা কৰা, মাথোঁ সপ্তম শ্ৰেণীলৈকে পঢ়া এই মানুহজনে কেৱল মাত্ৰ নিজ প্ৰতিভাক চিনি উলিওৱাৰ কাৰণে জীৱনে কেনেদৰে ৰং সলালে..দেখিলেনে…বুজিলেনে? 

সেয়েহে কোৱা হয় যে মানুহে প্ৰথম নিজক চিনিব লাগে..বুজিব লাগে আৰু নিজক গঢ়িব লাগে। এই ক্ষেত্ৰত জনী লিভাৰ এক উৎকৃষ্ট উদাহৰণ। জনী লিভাৰ হ’ল হাঁহিৰ সদাগৰ। তেওঁ কয়, ”মানুহে যেতিয়াই সুযোগ পাই তেতিয়াই হাঁহিব লাগে। ইয়াতকৈ বিনামূলীয়া দৰৱ এই পৃথিৱীত আন একো নাই। এই দৰৱ মানুহৰ মাজত বিলাব পাৰিছোঁ, তাতকৈ ভাগ্যৰ কথা আন একো নাই।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement