--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত নাৰিকলক অতি শুভ বুলি গণ্য কৰা হয়, সেয়েহে পূজাত নিশ্চিতভাৱে নাৰিকলৰ ব্যৱহাৰ কৰা দেখা হয়। বিশ্বাস অনুসৰি নাৰিকল গছত দেৱী লক্ষ্মী বাস কৰে। বাস্তুৰ মতে নাৰিকল গছ থকা ঘৰত সদায় সুখ-সমৃদ্ধি আৰু শান্তিয়ে বিৰাজ কৰে। গতিকে বাস্তুশাস্ত্ৰত নাৰিকল গছৰ লগত জড়িত বহুতো বিশ্বাস শুনিবলৈ পোৱা যায়। ঘৰত এজোপা নাৰিকল গছ ৰোপণ কৰিলে কি কি উপকাৰিতা পোৱা যায় জানো আহক।

 ১. নাৰিকল গছ ৰোপণ কৰাৰ উপকাৰিতা-

বাস্তুশাস্ত্ৰৰ মতে যদি আপোনাৰ চাকৰি বা ব্যৱসায়ত সঘনাই সমস্যা হয়, তেন্তে ঘৰৰ চোতালত নাৰিকল গছ ৰোপণ কৰিব লাগে। এজোপা নাৰিকল  গছ ৰোপণে ঘৰৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰাৰ লগতে ঘৰৰ সদস্যসকল ঋণমুক্ত হয়। সুখ আৰু সমৃদ্ধিৰ বাবেও ঘৰত নাৰিকল গছ ৰোপণ কৰিব লাগে। বহু ধৰ্মীয় আৰু শুভ কামতো নাৰিকল ব্যৱহাৰ কৰা হয়। ঘৰৰ দক্ষিণ বা পশ্চিম দিশত নাৰিকল গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়।

২.নাৰিকল গছৰ লগত জড়িত বিশ্বাস-

 জীৱনত যদি বাৰে বাৰে সমস্যা সন্মুখীন হয়, তেন্তে নাৰিকলৰ লগত জড়িত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো লাভজনক। পানী থকা নাৰিকল এটা লৈ ওপৰৰ পৰা ২১বাৰ ঘূৰাই দেৱস্থানলৈ যোৱাৰ পাছত জুইত জ্বলাই দিব লাগে। কিছুদিনৰ বাবে প্ৰতি মঙলবাৰ বা শনিবাৰে এনে কৰিলে জীৱনৰ সমস্যাবোৰ চিৰদিনৰ বাবে দূৰ হৈ যায়।নাৰিকল আৰু ইয়াৰ পানীও স্বাস্থ্যৰ বাবে অতি উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু