--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জ্ঞানবাপী গোচৰ সন্দৰ্ভত বাৰাণসীৰ এখন আদালতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷ হিন্দুপক্ষক উপাসনাৰ বাবে অনুমতি প্ৰদান কৰিছে আদালতে৷ 

৭ দিনৰ ভিতৰত প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে আদালতে৷ অধিবক্তা বিষ্ণুশংকৰ জৈনে সদৰী কৰিছে এই কথা৷ দীৰ্ঘদিনে জ্ঞানবাপী মছজিদক লৈ অব্যাহত আছে ন্যায়িক যুঁজ৷ কিছুদিন পূৰ্বে প্ৰকাশ পাইছিল ASIৰ প্ৰতিবেদন৷ মছজিদ চৌহদত হিন্দুৰ প্ৰতিমূৰ্তি থকাৰ তথ্য প্ৰকাশ পাইছিল ASIৰ প্ৰতিবেদনত৷ 

আদালতৰ নিৰ্দেশ অনুসৰি, হিন্দু ভক্তসকলে এতিয়া বাৰাণসীৰ জ্ঞানৱাপী মছজিদৰ ভিতৰৰ বন্ধ এলেকাত প্ৰাৰ্থনা কৰিব পাৰে। আদালতে দিনটোৰ আৰম্ভণিতে শুনানিৰ সময়ত জিলা প্ৰশাসনক পৰৱৰ্তী সাত দিনৰ ভিতৰত ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে৷ 

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰোঁতে হিন্দুপক্ষক প্ৰতিনিধিত্ব কৰা অধিবক্তা বিষ্ণু শংকৰ জৈনে কয়, হিন্দু পক্ষই ‘ব্যাস কা তেখানা’ত প্ৰাৰ্থনা কৰিবলৈ অনুমতি দিছিল। জিলা প্ৰশাসনে ৭ দিনৰ ভিতৰত ব্যৱস্থা কৰিব লাগিব। সকলোৰে এতিয়া পূজা কৰাৰ অধিকাৰ থাকিব। 

অধিবক্তা বিষ্ণু জৈনে কয়, মই বাৰাণসী আদালতৰ শেহতীয়া আদেশক ১৯৮৩ত ন্যায়াধীশ কৃষ্ণ মোহন পাণ্ডেই দিয়া আদেশৰ দৰে ঐতিহাসিক বুলি দেখিছোঁ, যিয়ে অযোধ্যাত ৰাম মন্দিৰৰ তলা খোলাৰ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু