--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে আকৌ এবাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) ওচৰত দুঃসাহসিক অভিযান চলাইছে। চীনৰ  পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) সৈন্যসকলে লাডাখত ভাৰতীয় ভেঁড়াৰখীয়াসকলক বাধা দিবলৈ চেষ্টা কৰাৰ এক ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।  ঘটনাটো পূৱ লাডাখৰ চচুলৰ পৰা ৮৭ কিলোমিটাৰ দক্ষিণে নিয়োমাৰ ওচৰত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। 

ভিডিঅ'টো পোহৰলৈ অহাৰ পিছতে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।কংগ্ৰেছে এই ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ  লক্ষ্য কৰি লৈছে। অৱশ্যে ভিডিঅ’টোৰ সত্য-সত্যতা প্ৰাগ নিউজ ডিজিটেলে পৰীক্ষা কৰি চোৱা নাই। 

ভিডিঅ'টোত, বহু চীনা সৈন্যই  হাতত থকা মোবাইল ফোনেৰে  ভিডিঅ' কৰা  দেখা গৈছে। তেওঁলোকক ২-৩  জন স্থানীয় লোকে আগুৰি থকা দেখা গৈছে। 
'

ভিডিঅ'টো এক্স হেণ্ডেলত শ্বেয়াৰ কৰি কংগ্ৰেছে লিখিছে, 'চীনে ইয়াৰ পূৰ্বৰ আচৰণৰ পৰা বিৰত থকা নাই। এতিয়া লাডাখৰ পৰা এটা ভিডিঅ' আহিছে । এই ভিডিঅ'টোত চীনা সৈন্যসকলে ভেঁড়াৰখীয়াক  বাধা দিছে। চীনা সৈন্যসকলে ভেঁড়াৰখীয়াৰ সৈতে সংঘাতত লিপ্ত হৈছে। চীনৰ সাহস কেনেকৈ হ'ল? তেওঁলোকে কেনেকৈ আমাৰ ভূমিত ভৰি ৰাখিবলৈ সাহস কৰিলে? এইবাৰো প্ৰধানমন্ত্ৰী মোদীয়ে চীনক ক্লিন শ্বীট  দি ক'ব নেকি – কোনেও আমাৰ দেশত প্ৰৱেশ কৰা নাই। চৰকাৰে এই জঘন্য কাৰ্য্যৰ বিৰুদ্ধে চীনলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা উচিত।’’

আনহাতে, চচুল কাউঞ্চিলৰ ষ্টানজিনে লিখিছিল, "আমাৰ স্থানীয় লোকে পিএলএৰ সন্মুখত কেনেদৰে সাহসিকতা দেখুৱাইছে চাওঁক। তেওঁলোকে দাবী কৰিছে যে চীনাসকলৰ দ্বাৰা অৱৰোধ কৰা অঞ্চলটো আমাৰ চৰণীয়া ভূমি। পিএলএয়ে আমাৰ লোকসকলক আমাৰ অঞ্চলত জন্তু চৰোৱাত বাধা দি আহিছে।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?