--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে আকৌ এবাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) ওচৰত দুঃসাহসিক অভিযান চলাইছে। চীনৰ  পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) সৈন্যসকলে লাডাখত ভাৰতীয় ভেঁড়াৰখীয়াসকলক বাধা দিবলৈ চেষ্টা কৰাৰ এক ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।  ঘটনাটো পূৱ লাডাখৰ চচুলৰ পৰা ৮৭ কিলোমিটাৰ দক্ষিণে নিয়োমাৰ ওচৰত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। 

ভিডিঅ'টো পোহৰলৈ অহাৰ পিছতে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।কংগ্ৰেছে এই ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ  লক্ষ্য কৰি লৈছে। অৱশ্যে ভিডিঅ’টোৰ সত্য-সত্যতা প্ৰাগ নিউজ ডিজিটেলে পৰীক্ষা কৰি চোৱা নাই। 

ভিডিঅ'টোত, বহু চীনা সৈন্যই  হাতত থকা মোবাইল ফোনেৰে  ভিডিঅ' কৰা  দেখা গৈছে। তেওঁলোকক ২-৩  জন স্থানীয় লোকে আগুৰি থকা দেখা গৈছে। 
'

ভিডিঅ'টো এক্স হেণ্ডেলত শ্বেয়াৰ কৰি কংগ্ৰেছে লিখিছে, 'চীনে ইয়াৰ পূৰ্বৰ আচৰণৰ পৰা বিৰত থকা নাই। এতিয়া লাডাখৰ পৰা এটা ভিডিঅ' আহিছে । এই ভিডিঅ'টোত চীনা সৈন্যসকলে ভেঁড়াৰখীয়াক  বাধা দিছে। চীনা সৈন্যসকলে ভেঁড়াৰখীয়াৰ সৈতে সংঘাতত লিপ্ত হৈছে। চীনৰ সাহস কেনেকৈ হ'ল? তেওঁলোকে কেনেকৈ আমাৰ ভূমিত ভৰি ৰাখিবলৈ সাহস কৰিলে? এইবাৰো প্ৰধানমন্ত্ৰী মোদীয়ে চীনক ক্লিন শ্বীট  দি ক'ব নেকি – কোনেও আমাৰ দেশত প্ৰৱেশ কৰা নাই। চৰকাৰে এই জঘন্য কাৰ্য্যৰ বিৰুদ্ধে চীনলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা উচিত।’’

আনহাতে, চচুল কাউঞ্চিলৰ ষ্টানজিনে লিখিছিল, "আমাৰ স্থানীয় লোকে পিএলএৰ সন্মুখত কেনেদৰে সাহসিকতা দেখুৱাইছে চাওঁক। তেওঁলোকে দাবী কৰিছে যে চীনাসকলৰ দ্বাৰা অৱৰোধ কৰা অঞ্চলটো আমাৰ চৰণীয়া ভূমি। পিএলএয়ে আমাৰ লোকসকলক আমাৰ অঞ্চলত জন্তু চৰোৱাত বাধা দি আহিছে।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক