--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী  হেমন্তৰ সোৰেণৰ ঘৰত উপস্থিত হ’ল ইডি।। কেৱল সেয়াই নহয় হেমন্তৰ সোৰেণৰ বাসগৃহৰ চৌদিশৰ কিছু  এলেকাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বুধবাৰে ইডিৰ জেৰা আৰম্ভ হোৱাৰ আগতে হেমন্ত সোৰেণে  তেওঁৰ পিতৃ শিবু সোৰেণৰ সৈতে কিছু সময় কথা পাতে।  দলৰ বিধায়কসকলেও তেওঁৰ বাসগৃহত উপস্থিত হয় । ইডিৰ অভিযানৰ বিুৰুদ্ধে জেএমএমৰ কৰ্মীসকলে প্ৰতিবাদ আৰম্ভ কৰিছে। 

তেওঁলোকে ৰাজভৱনলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। কঠোৰ নিৰাপত্তাৰ মাজত হেমন্ত সোৰেনক প্ৰশ্ন কৰিবলৈ ইডিৰ  দলটো তেওঁৰ বাসভৱনত উপস্থিত হয় । বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত ইডিৰ বিষয়াসকল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়।  তেওঁলোকৰ লগত চিআৰপিএফৰ এটা ডাঙৰ দলো আছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  যদি হেমন্তক ইডিয়ে গ্ৰেপ্তাৰ কৰে তেন্তে ঝাৰখণ্ডত অশান্তিৰ জুই জ্বলি উঠিব পাৰে।  

বহুদিন ধৰি এইবুলি চৰ্চা হৈ আহিছে যে  হেমন্ত সোৰেণক গ্ৰেপ্তাৰ কৰিলে তেওঁৰ পত্নী কল্পনাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ চকীত বহিব পাৰে। সম্ভৱতঃ হেমন্তে এই বিষয়ে আলোচনা কৰিবলৈ তেওঁৰ পিতৃক লগ কৰিবলৈ গৈছিল। ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে বিত্ত সচিবৰ নেতৃত্বত তিনিজনীয়া দল গঠন কৰা হৈছে।

২০ জানুৱাৰীত ইডিয়ে  বাসভৱনতে  হেমন্ত সোৰেণক  সোধা-পোছা কৰিছিল।  ভূমি কেলেংকাৰিৰ লগতে ধনৰ অবাধ সৰবৰাহৰ গোচৰত ইডিয়ে সোৰেণক জেৰা চলাই আছে।  সোধা-পোছাৰ সময়ত ইডিৰ  বিষয়াসকল সন্তুষ্ট হোৱা নাই । সেইবাবেই  ইডিয়ে তেওঁক অধিক প্ৰশ্ন কৰাৰ  বাবে পুনৰ জেৰা চলাইছে। ইপিনে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ইডিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দিল্লীৰ এছটি-এছচি আৰক্ষী থানাত সোৰেণে ইডিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু