--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজহুৱা কৰা হ’ল জ্ঞানবাপী মছজিদৰ জৰীপৰ প্ৰতিবেদন৷এই জ্ঞানবাপী মছজিদৰ জৰীপত বিভিন্ন ভাষাৰ ৩৪টা শিলালিপিৰে সম্পূৰ্ণ এটা মন্দিৰৰ অস্তিত্ব পোৱা গৈছে৷যিটো মন্দিৰ পুনৰ নিৰ্মাণ কৰি মছজিদলৈ পৰিণত কৰা হৈছে বুলি জৰীপৰ প্ৰতিবেদন লাভ কৰাৰ পাছত আজি মহিলা আবেদনকাৰীৰ অধিবক্তাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে বাৰাণসী জিলা ন্যায়াধীশে গোচৰৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি ছ’চিয়েল মিডিয়াত কোনো ধৰণৰ বিকৃত আৰু ভুল তথ্য প্ৰচাৰৰ পৰা হাত সাৰিবলৈ প্ৰতিবেদনখন তৎক্ষণাত ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰিছিল।


অযোধ্যা ৰাম জনমভূমি বিবাদৰ পাছত দেশত চৰ্চাৰ কেন্দ্ৰ হৈ পৰা কেইবাটাও মন্দিৰ-মছজিদ বিবাদৰ ভিতৰত জ্ঞানবাপী অন্যতম।উল্লেখ্য যে এমাহ পূৰ্বে দাখিল কৰা এ এছ আইৰ প্ৰতিবেদনে এই কথা উন্মোচিত কৰিছে৷


কালি সন্ধিয়া আৱেদনকাৰীসকলৰ হৈ অধিবক্তা বিষ্ণু জৈনে সংবাদমেলত প্ৰতিবেদনৰ কিছু অংশ পাঠ কৰে। ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে ইয়াৰ জৰীপৰ সময়ত মন্দিৰৰ কিছু ভগ্নাৱশেষ উদ্ধাৰ কৰে৷এ এছ আইয়ে নিজৰ সমীক্ষাত কয় যে, “স্তম্ভ আৰু প্লাষ্টাৰ অধ্যয়ন কৰি কয় যে সকলোবোৰ মন্দিৰৰ অংশ,ইয়াত হিন্দু মন্দিৰৰ ৩৪টা শিলালিপি পোৱা গৈছে আৰু শিলালিপিসমূহ দেৱনাগৰী, তেলেগু আৰু কানাড়া ভাষাত আছে। শিলালিপিত জনাৰ্দন, ৰুদ্ৰ আৰু উমেশ্বৰ দেৱতাৰ নাম পোৱা গৈছে।"


উল্লেখ্য যে যোৱা বছৰৰ ৪ আগষ্টৰ পৰা জ্ঞানবাপী মছজিদ চৌহদত জৰীপ চলাই আহিছিল এ এছ আইয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ছীল কৰা ৱাজুখানা অঞ্চলটোহে ASI-এ এৰি দিছে।এই গোচৰৰ সিদ্ধান্তৰ বাবে এই প্ৰতিবেদন অতি গুৰুত্বপূৰ্ণ, য’ত হিন্দু পক্ষই মছজিদটো মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰিছে আৰু উপাসনাৰ অধিকাৰৰ দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক