--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজহুৱা কৰা হ’ল জ্ঞানবাপী মছজিদৰ জৰীপৰ প্ৰতিবেদন৷এই জ্ঞানবাপী মছজিদৰ জৰীপত বিভিন্ন ভাষাৰ ৩৪টা শিলালিপিৰে সম্পূৰ্ণ এটা মন্দিৰৰ অস্তিত্ব পোৱা গৈছে৷যিটো মন্দিৰ পুনৰ নিৰ্মাণ কৰি মছজিদলৈ পৰিণত কৰা হৈছে বুলি জৰীপৰ প্ৰতিবেদন লাভ কৰাৰ পাছত আজি মহিলা আবেদনকাৰীৰ অধিবক্তাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে বাৰাণসী জিলা ন্যায়াধীশে গোচৰৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি ছ’চিয়েল মিডিয়াত কোনো ধৰণৰ বিকৃত আৰু ভুল তথ্য প্ৰচাৰৰ পৰা হাত সাৰিবলৈ প্ৰতিবেদনখন তৎক্ষণাত ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰিছিল।


অযোধ্যা ৰাম জনমভূমি বিবাদৰ পাছত দেশত চৰ্চাৰ কেন্দ্ৰ হৈ পৰা কেইবাটাও মন্দিৰ-মছজিদ বিবাদৰ ভিতৰত জ্ঞানবাপী অন্যতম।উল্লেখ্য যে এমাহ পূৰ্বে দাখিল কৰা এ এছ আইৰ প্ৰতিবেদনে এই কথা উন্মোচিত কৰিছে৷


কালি সন্ধিয়া আৱেদনকাৰীসকলৰ হৈ অধিবক্তা বিষ্ণু জৈনে সংবাদমেলত প্ৰতিবেদনৰ কিছু অংশ পাঠ কৰে। ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে ইয়াৰ জৰীপৰ সময়ত মন্দিৰৰ কিছু ভগ্নাৱশেষ উদ্ধাৰ কৰে৷এ এছ আইয়ে নিজৰ সমীক্ষাত কয় যে, “স্তম্ভ আৰু প্লাষ্টাৰ অধ্যয়ন কৰি কয় যে সকলোবোৰ মন্দিৰৰ অংশ,ইয়াত হিন্দু মন্দিৰৰ ৩৪টা শিলালিপি পোৱা গৈছে আৰু শিলালিপিসমূহ দেৱনাগৰী, তেলেগু আৰু কানাড়া ভাষাত আছে। শিলালিপিত জনাৰ্দন, ৰুদ্ৰ আৰু উমেশ্বৰ দেৱতাৰ নাম পোৱা গৈছে।"


উল্লেখ্য যে যোৱা বছৰৰ ৪ আগষ্টৰ পৰা জ্ঞানবাপী মছজিদ চৌহদত জৰীপ চলাই আহিছিল এ এছ আইয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ছীল কৰা ৱাজুখানা অঞ্চলটোহে ASI-এ এৰি দিছে।এই গোচৰৰ সিদ্ধান্তৰ বাবে এই প্ৰতিবেদন অতি গুৰুত্বপূৰ্ণ, য’ত হিন্দু পক্ষই মছজিদটো মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰিছে আৰু উপাসনাৰ অধিকাৰৰ দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু