--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাণী মুখাৰ্জী। বলিউডত নাম উজ্বলোৱা এগৰাকী তাৰকা। অভিনয় আৰু ৰূপৰ যাদুৰে এসময়ত দেশবাসীৰ ক্ৰাছ হৈ পৰিছিল ৰাণী। সেইবাবেই তেওঁক কোৱা হয় বলিউডৰ ৰাণী বুলি।

ৰাণীৰ দেউতাকৰ নাম ৰাম মুখোপাধ্যায় আৰু মাতৃৰ নাম কৃষ্ণা মুখোপাধ্যায়। মাক-দেউতাকৰ প্ৰথম সন্তান আছিল ৰাণী। জন্মৰ সময়তে ৰাণীৰ লগত এটা সসৰ ঘটনা ঘটিছিল। হস্পিতালত আন দম্পতিৰ এটি সন্তানৰ সৈতে সলনি হৈ গৈছিল ৰাণী। কিন্তু ৰাণীৰ মাকে শিশুটিৰ চকু দুটা দেখি বুজি পাইছিল যে গোলমাল ঘটিছে, এয়া তেওঁৰ সদ্যজাত সন্তান নহয়।

তাৰপাছতে চিকিৎসালয়ত আৰম্ভ হ’ল অনুসন্ধান। পাঞ্জাবী পৰিয়াল এটাৰ সৈতে তেওঁলোকৰ সন্তানটোৰ সলনা-সলনি হৈছিল। অৱশেষত পাঞ্জাবী দম্পতীহালৰ ঘৰলৈ গৈ ছোৱালীজনীক ঘূৰাই আনিলে মুখাৰ্জী দম্পতীয়ে।

উল্লেখ্য যে ৰাণী পাঞ্জাৱী পৰিয়াললৈ বিয়া হৈছে। ২০১৪ চনত ইটালীত বলিউডৰ প্ৰযোজক আদিত্য চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকীয়ে। বঙালী পৰিয়ালৰ কন্যা ৰাণীয়ে পাঞ্জাবী পৰিয়ালত বিবাহপাশত আবদ্ধ হয়।

কিন্তু এই পাঞ্জাবীসকলৰ লগত ৰাণীৰ সংযোগ সেই জন্মৰ পৰাই। সেই প্ৰেক্ষাপটতে কণমানি ৰাণীৰ জন্মৰ সময়ৰ কাহিনীটোৱে আমোদৰ খোৰাক যোগায়।

শেহতীয়াকৈ মুক্তি পোৱা ৰাণীৰ নতুন ছবি ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ত ৰাণী মুখোপাধ্যায়, অনিৰ্বান ভট্টাচাৰ্যৰ অভিনয়ক সকলোতে প্ৰশংসা কৰা হৈছে। 'মৰ্দানী ২'ৰ পিছত এই ছবিখনেৰে পুনৰ ডাঙৰ পৰ্দাত ৰাণী আবিৰ্ভাৱ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক