--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাণী মুখাৰ্জী। বলিউডত নাম উজ্বলোৱা এগৰাকী তাৰকা। অভিনয় আৰু ৰূপৰ যাদুৰে এসময়ত দেশবাসীৰ ক্ৰাছ হৈ পৰিছিল ৰাণী। সেইবাবেই তেওঁক কোৱা হয় বলিউডৰ ৰাণী বুলি।

ৰাণীৰ দেউতাকৰ নাম ৰাম মুখোপাধ্যায় আৰু মাতৃৰ নাম কৃষ্ণা মুখোপাধ্যায়। মাক-দেউতাকৰ প্ৰথম সন্তান আছিল ৰাণী। জন্মৰ সময়তে ৰাণীৰ লগত এটা সসৰ ঘটনা ঘটিছিল। হস্পিতালত আন দম্পতিৰ এটি সন্তানৰ সৈতে সলনি হৈ গৈছিল ৰাণী। কিন্তু ৰাণীৰ মাকে শিশুটিৰ চকু দুটা দেখি বুজি পাইছিল যে গোলমাল ঘটিছে, এয়া তেওঁৰ সদ্যজাত সন্তান নহয়।

তাৰপাছতে চিকিৎসালয়ত আৰম্ভ হ’ল অনুসন্ধান। পাঞ্জাবী পৰিয়াল এটাৰ সৈতে তেওঁলোকৰ সন্তানটোৰ সলনা-সলনি হৈছিল। অৱশেষত পাঞ্জাবী দম্পতীহালৰ ঘৰলৈ গৈ ছোৱালীজনীক ঘূৰাই আনিলে মুখাৰ্জী দম্পতীয়ে।

উল্লেখ্য যে ৰাণী পাঞ্জাৱী পৰিয়াললৈ বিয়া হৈছে। ২০১৪ চনত ইটালীত বলিউডৰ প্ৰযোজক আদিত্য চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকীয়ে। বঙালী পৰিয়ালৰ কন্যা ৰাণীয়ে পাঞ্জাবী পৰিয়ালত বিবাহপাশত আবদ্ধ হয়।

কিন্তু এই পাঞ্জাবীসকলৰ লগত ৰাণীৰ সংযোগ সেই জন্মৰ পৰাই। সেই প্ৰেক্ষাপটতে কণমানি ৰাণীৰ জন্মৰ সময়ৰ কাহিনীটোৱে আমোদৰ খোৰাক যোগায়।

শেহতীয়াকৈ মুক্তি পোৱা ৰাণীৰ নতুন ছবি ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ত ৰাণী মুখোপাধ্যায়, অনিৰ্বান ভট্টাচাৰ্যৰ অভিনয়ক সকলোতে প্ৰশংসা কৰা হৈছে। 'মৰ্দানী ২'ৰ পিছত এই ছবিখনেৰে পুনৰ ডাঙৰ পৰ্দাত ৰাণী আবিৰ্ভাৱ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়