--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ আজি জন্মদিন। আজি ৩৬ সংখ্যক জন্মদিন উদযাপন কৰিছে কংগনাই। জন্মদিন উপলক্ষে কংগনাই  ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক কপালত ৰঙা ফোঁট, সেউজীয়া ৰেচমৰ শাৰী আৰু ডিঙিত এডাল ডাঙৰ নেকেলেচ ,হাতত খাৰু পৰিধান কৰা দেখা গৈছে। সম্পূৰ্ণ ভাৰতীয় নাৰীৰ ৰূপ ধাৰণ কৰা দেখা গ’ল কংগনাক। তেওঁ সেই সকলো লোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে, যিসকলে তেওঁক ভাল পায় আৰু তেওঁৰ শুভাকাংক্ষী। কংগনা ৰাণাৱটে জন্মদিনত অনুৰাগী আৰু আপোনজনক ধন্যবাদ দিয়াই নহয়, শত্ৰুকো ধন্যবাদ জনাইছে। কংগনাই লগতে খুজিছে ক্ষমাও।

কংগনাই ভিডিঅ’টোত কৈছে, ‘আজি মোৰ জন্মদিন উপলক্ষে মোৰ পিতৃ-মাতৃ, মোৰ পৰিয়াল দেৱী মাতৃ অম্বিকা জী আৰু মোৰ সকলো শিক্ষক, মোৰ সকলো অনুৰাগী, শুভাকাংক্ষী, মোৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীক কৃতজ্ঞতা জনাইছো। 

কংগনাই লগতে আৰু কয়, “মই মোৰ শত্ৰুকো ধন্যবাদ জনাইছো, যিসকলে মোক আজিলৈকে কেতিয়াও জিৰণি ল’বলৈ দিয়া নাই। মই যিমানেই সফলতা নাপাওঁ, এই সফলতাক ধৰি ৰাখিবলৈ তেওঁলোকে মোক যুঁজিবলৈ আৰু সংগ্ৰাম কৰিবলৈ শিকায়।”

বন্ধুসকল, মোৰ মতাদৰ্শ অতি সহজ, মোৰ আচৰণ আৰু চিন্তাধাৰাও অতি সহজ। মই সদায় সকলোৰে ভাল হোৱাটো বিচাৰো। যদি মই আপোনালোকক কেতিয়াবা কিবা আঘাত দিছো, তেন্তে তাৰ বাবেও ক্ষমা বিচাৰিছো। মই অনুভৱ কৰোঁ যে শ্ৰী কৃষ্ণৰ কৃপাত মই এটা অতি সৌভাগ্যৱান জীৱন পাইছো। আৰু মোৰ অন্তৰত সকলোৰে প্ৰতি কেৱল মৰম আৰু ভাল চিন্তা আছে, কাৰো প্ৰতি কোনো কু-অভিপ্ৰায় নাই..জয় শ্ৰী কৃষ্ণ”।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক