--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ আজি জন্মদিন। আজি ৩৬ সংখ্যক জন্মদিন উদযাপন কৰিছে কংগনাই। জন্মদিন উপলক্ষে কংগনাই  ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক কপালত ৰঙা ফোঁট, সেউজীয়া ৰেচমৰ শাৰী আৰু ডিঙিত এডাল ডাঙৰ নেকেলেচ ,হাতত খাৰু পৰিধান কৰা দেখা গৈছে। সম্পূৰ্ণ ভাৰতীয় নাৰীৰ ৰূপ ধাৰণ কৰা দেখা গ’ল কংগনাক। তেওঁ সেই সকলো লোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে, যিসকলে তেওঁক ভাল পায় আৰু তেওঁৰ শুভাকাংক্ষী। কংগনা ৰাণাৱটে জন্মদিনত অনুৰাগী আৰু আপোনজনক ধন্যবাদ দিয়াই নহয়, শত্ৰুকো ধন্যবাদ জনাইছে। কংগনাই লগতে খুজিছে ক্ষমাও।

কংগনাই ভিডিঅ’টোত কৈছে, ‘আজি মোৰ জন্মদিন উপলক্ষে মোৰ পিতৃ-মাতৃ, মোৰ পৰিয়াল দেৱী মাতৃ অম্বিকা জী আৰু মোৰ সকলো শিক্ষক, মোৰ সকলো অনুৰাগী, শুভাকাংক্ষী, মোৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীক কৃতজ্ঞতা জনাইছো। 

কংগনাই লগতে আৰু কয়, “মই মোৰ শত্ৰুকো ধন্যবাদ জনাইছো, যিসকলে মোক আজিলৈকে কেতিয়াও জিৰণি ল’বলৈ দিয়া নাই। মই যিমানেই সফলতা নাপাওঁ, এই সফলতাক ধৰি ৰাখিবলৈ তেওঁলোকে মোক যুঁজিবলৈ আৰু সংগ্ৰাম কৰিবলৈ শিকায়।”

বন্ধুসকল, মোৰ মতাদৰ্শ অতি সহজ, মোৰ আচৰণ আৰু চিন্তাধাৰাও অতি সহজ। মই সদায় সকলোৰে ভাল হোৱাটো বিচাৰো। যদি মই আপোনালোকক কেতিয়াবা কিবা আঘাত দিছো, তেন্তে তাৰ বাবেও ক্ষমা বিচাৰিছো। মই অনুভৱ কৰোঁ যে শ্ৰী কৃষ্ণৰ কৃপাত মই এটা অতি সৌভাগ্যৱান জীৱন পাইছো। আৰু মোৰ অন্তৰত সকলোৰে প্ৰতি কেৱল মৰম আৰু ভাল চিন্তা আছে, কাৰো প্ৰতি কোনো কু-অভিপ্ৰায় নাই..জয় শ্ৰী কৃষ্ণ”।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়