--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে মনৰ বল থাকিলে কোনো কথাই অসাধ্য নহয়৷ অসাধ্য যেন লগা কাম এটাই কেৱল মনৰ জোৰে কৰি দেখুৱাইছে এগৰাকী শিক্ষকে৷ জন্মৰ পৰাই তেওঁৰ দুয়োখন হাত নাই। সেইবাবেই মাক-দেউতাকে তেওঁৰ নাম জগন্নাথ ৰাখিছিল। কাৰণ জগন্নাথ প্ৰভুৰো হাত নাই৷

যদিও  হাত নাই তথাপি  জগন্নাথ বাউৰী নামৰ এই লোক জন হৈছে আঠজনীয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী৷  পেছাত তেওঁ প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষক। 

জগন্নাথ বংগৰ  পূব বৰ্ধমানৰ আউশগ্ৰামৰ বেলুটি গাঁৱৰ এটা  শ্ৰমিক পৰিয়ালৰ পুত্ৰ। তেওঁ জয়কৃষ্ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক। ঘৰত পিতৃ, মাতৃ, পত্নী আৰু দুটা সন্তান আছে। বায়েকৰ  মৃত্যুৰ পিছতে জগন্নাথে  নিজৰ কান্ধত সমগ্ৰ পৰিয়ালটোৰ ভৰণ-পোষণৰ দায়িত্ব লৈছে। 

জগন্নাথৰ পত্নী লক্ষ্মী আৰু মাতৃ সুমিত্ৰা গৃহিনী। কন্যা ৰিতিকা আৰু পুত্ৰই বিদ্যালয়ত অধ্যয়ন কৰি আছে৷ ছাত্ৰ।  জগন্নাথে শাৰীৰিক আৰু আৰ্থিক বাধাকো নেওঁচি  অদম্য মনোবলকে অস্ত্ৰ হিচাপে হিচাবে লৈ জীৱন যুদ্ধত আগুৱাই গৈছে৷

নিজৰ প্ৰচেষ্টাৰে তেওঁ সৰুৰে পৰা ভৰিত কলম আৰু পেঞ্চিল লৈ লিখিবলৈ আৰম্ভ কৰিছিল। এনেদৰেই তেওঁ উচ্চতৰ মাধ্যমিকৰ সীমা অতিক্ৰম কৰে আৰু ২০১০ চনত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি লাভ কৰে। জগন্নাথে এতিয়া ভৰিৰেই  শিক্ষাৰ্থীসকলক চক ডাষ্টাৰ ধৰি পঢ়িবলৈ শিকায়।

প্ৰথমে, স্থানীয় লোকসকলে  জগন্নাথে শিক্ষকতা কৰিব পাৰিবনে নাই সেই বিষয়ত সন্দেহ প্ৰকাশ কৰিছিল যদিও এতিয়া সেই সন্দেহ দূৰ হৈছে৷। সকলোৱে ভাবিছিল যে  দুয়োখন হাত নথকাকৈ জগন্নাথে শিশুসকলক কেনেকৈ শিকাব? 

কিন্তু প্ৰধান শিক্ষক জগন্নাথে নিজৰ সামৰ্থ্য প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। বহুতে এতিয়া ক’বলৈ আৰম্ভ কৰিছে  "শাৰীৰিক বাধা জয় কৰি তেওঁ দেখুৱাইছে কেনেকৈ এজন আদৰ্শ শিক্ষক আৰু এজন যোগ্য ব্যক্তি হ'ব লাগে। "



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ