--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে মনৰ বল থাকিলে কোনো কথাই অসাধ্য নহয়৷ অসাধ্য যেন লগা কাম এটাই কেৱল মনৰ জোৰে কৰি দেখুৱাইছে এগৰাকী শিক্ষকে৷ জন্মৰ পৰাই তেওঁৰ দুয়োখন হাত নাই। সেইবাবেই মাক-দেউতাকে তেওঁৰ নাম জগন্নাথ ৰাখিছিল। কাৰণ জগন্নাথ প্ৰভুৰো হাত নাই৷

যদিও  হাত নাই তথাপি  জগন্নাথ বাউৰী নামৰ এই লোক জন হৈছে আঠজনীয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী৷  পেছাত তেওঁ প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষক। 

জগন্নাথ বংগৰ  পূব বৰ্ধমানৰ আউশগ্ৰামৰ বেলুটি গাঁৱৰ এটা  শ্ৰমিক পৰিয়ালৰ পুত্ৰ। তেওঁ জয়কৃষ্ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক। ঘৰত পিতৃ, মাতৃ, পত্নী আৰু দুটা সন্তান আছে। বায়েকৰ  মৃত্যুৰ পিছতে জগন্নাথে  নিজৰ কান্ধত সমগ্ৰ পৰিয়ালটোৰ ভৰণ-পোষণৰ দায়িত্ব লৈছে। 

জগন্নাথৰ পত্নী লক্ষ্মী আৰু মাতৃ সুমিত্ৰা গৃহিনী। কন্যা ৰিতিকা আৰু পুত্ৰই বিদ্যালয়ত অধ্যয়ন কৰি আছে৷ ছাত্ৰ।  জগন্নাথে শাৰীৰিক আৰু আৰ্থিক বাধাকো নেওঁচি  অদম্য মনোবলকে অস্ত্ৰ হিচাপে হিচাবে লৈ জীৱন যুদ্ধত আগুৱাই গৈছে৷

নিজৰ প্ৰচেষ্টাৰে তেওঁ সৰুৰে পৰা ভৰিত কলম আৰু পেঞ্চিল লৈ লিখিবলৈ আৰম্ভ কৰিছিল। এনেদৰেই তেওঁ উচ্চতৰ মাধ্যমিকৰ সীমা অতিক্ৰম কৰে আৰু ২০১০ চনত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি লাভ কৰে। জগন্নাথে এতিয়া ভৰিৰেই  শিক্ষাৰ্থীসকলক চক ডাষ্টাৰ ধৰি পঢ়িবলৈ শিকায়।

প্ৰথমে, স্থানীয় লোকসকলে  জগন্নাথে শিক্ষকতা কৰিব পাৰিবনে নাই সেই বিষয়ত সন্দেহ প্ৰকাশ কৰিছিল যদিও এতিয়া সেই সন্দেহ দূৰ হৈছে৷। সকলোৱে ভাবিছিল যে  দুয়োখন হাত নথকাকৈ জগন্নাথে শিশুসকলক কেনেকৈ শিকাব? 

কিন্তু প্ৰধান শিক্ষক জগন্নাথে নিজৰ সামৰ্থ্য প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। বহুতে এতিয়া ক’বলৈ আৰম্ভ কৰিছে  "শাৰীৰিক বাধা জয় কৰি তেওঁ দেখুৱাইছে কেনেকৈ এজন আদৰ্শ শিক্ষক আৰু এজন যোগ্য ব্যক্তি হ'ব লাগে। "



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন