--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়ালৈকে আপুনি নিশ্চয় চুৰিৰ বহু ঘটনাৰ কথা শুনিছে। কেতিয়াবা চিচিটিভিৰ ফুটেজত চোৰ ধৰা পৰে, কেতিয়াবা বছৰ বছৰ ধৰি গোচৰ চলি থকাৰ পিছতো চোৰ পুলিচৰ হাতত ধৰা নপৰে। আই পি এছ বিষয়া দীপাংশু কাবৰাই টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত সোণৰ চেইন চুৰ কৰা চোৰক দেখা পোৱা গৈছে। সোণৰ চেইনডাল চুৰি কৰি লৈ যোৱাৰ সম্পূৰ্ণ ফুটেজ ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে। পাছে এই চোৰক দেখিহে হাঁহি ৰখাব নোৱাৰা হৈছে মানুহবোৰে। ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে।

সোণৰ চেইন চুৰ কৰিলে পৰুৱাই

দেশত স্মাগলিং বন্ধ কৰিবলৈ অতি কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। চোৰক ধৰিবলৈ আৰক্ষীয়ে পাতে নানা জাল। এইবাৰ পাছে চোৰ ধৰাৰ পাছতো চোৰক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে। আই পি এছ বিষয়া দীপাংশু কাবৰাই প্ৰায়ে আশ্চৰ্যজনক ভিডিঅ’ শ্বেয়াৰ কৰে। এইবাৰ তেওঁ শ্বেয়াৰ কৰিছে বিশ্বৰ আটাইতকৈ সৰু সৰু চোৰৰ চোৰাং ব্যৱসায়। 

দীপাংশু কাবৰাই নিজৰ টুইটাৰ একাউণ্টত ৭ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ'টোত দেখা গৈছে কিছুমান পৰুৱা, যিয়ে সোণৰ চেইনডাল চুৰি কৰি লৈ গৈছে। এই ভিডিঅ'টো দেখি মানুহে আচৰিত হৈছে আৰু তেওঁলোকে নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। এতিয়ালৈকে ডেৰ লাখতকৈ অধিক লোকে এই আচৰিত ভাইৰেল ভিডিঅ'টো চাইছে।

 চাওক ভিডিঅ'

 


ইউজাৰ্ছসকলে নানা মন্তব্যৰে ভৰাই তুলিছে কমেণ্ট বক্স। বহুতে সুধিছে যে ইমানবোৰ চোৰৰ মাজৰ পৰা মূল অভিযুক্তক কেনেকৈ চিনাক্ত কৰা হ’ব। কিছুমানে সুধিছে আই পি চিৰ কোনটো ধাৰাত এই ক্ষুদ্ৰ চোৰাং সৰবৰাহকাৰীক শাস্তি দিয়া হব। এনেদৰে নানা হাস্যকৰ মন্তব্য কৰি ভিডিঅ'টোৰ আনন্দ লৈছে ইউজাৰ্ছসকলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ