--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়ালৈকে আপুনি নিশ্চয় চুৰিৰ বহু ঘটনাৰ কথা শুনিছে। কেতিয়াবা চিচিটিভিৰ ফুটেজত চোৰ ধৰা পৰে, কেতিয়াবা বছৰ বছৰ ধৰি গোচৰ চলি থকাৰ পিছতো চোৰ পুলিচৰ হাতত ধৰা নপৰে। আই পি এছ বিষয়া দীপাংশু কাবৰাই টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত সোণৰ চেইন চুৰ কৰা চোৰক দেখা পোৱা গৈছে। সোণৰ চেইনডাল চুৰি কৰি লৈ যোৱাৰ সম্পূৰ্ণ ফুটেজ ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে। পাছে এই চোৰক দেখিহে হাঁহি ৰখাব নোৱাৰা হৈছে মানুহবোৰে। ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে।

সোণৰ চেইন চুৰ কৰিলে পৰুৱাই

দেশত স্মাগলিং বন্ধ কৰিবলৈ অতি কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। চোৰক ধৰিবলৈ আৰক্ষীয়ে পাতে নানা জাল। এইবাৰ পাছে চোৰ ধৰাৰ পাছতো চোৰক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে। আই পি এছ বিষয়া দীপাংশু কাবৰাই প্ৰায়ে আশ্চৰ্যজনক ভিডিঅ’ শ্বেয়াৰ কৰে। এইবাৰ তেওঁ শ্বেয়াৰ কৰিছে বিশ্বৰ আটাইতকৈ সৰু সৰু চোৰৰ চোৰাং ব্যৱসায়। 

দীপাংশু কাবৰাই নিজৰ টুইটাৰ একাউণ্টত ৭ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ'টোত দেখা গৈছে কিছুমান পৰুৱা, যিয়ে সোণৰ চেইনডাল চুৰি কৰি লৈ গৈছে। এই ভিডিঅ'টো দেখি মানুহে আচৰিত হৈছে আৰু তেওঁলোকে নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। এতিয়ালৈকে ডেৰ লাখতকৈ অধিক লোকে এই আচৰিত ভাইৰেল ভিডিঅ'টো চাইছে।

 চাওক ভিডিঅ'

 


ইউজাৰ্ছসকলে নানা মন্তব্যৰে ভৰাই তুলিছে কমেণ্ট বক্স। বহুতে সুধিছে যে ইমানবোৰ চোৰৰ মাজৰ পৰা মূল অভিযুক্তক কেনেকৈ চিনাক্ত কৰা হ’ব। কিছুমানে সুধিছে আই পি চিৰ কোনটো ধাৰাত এই ক্ষুদ্ৰ চোৰাং সৰবৰাহকাৰীক শাস্তি দিয়া হব। এনেদৰে নানা হাস্যকৰ মন্তব্য কৰি ভিডিঅ'টোৰ আনন্দ লৈছে ইউজাৰ্ছসকলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন