--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক ঘটনাক্ৰমকলৈ দেশবাসী বৰ্তমান উদ্বিগ্ন হৈ আছে৷ মহাৰাষ্ট্ৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ সৈতে সাঙোৰ খাই পৰিছে বিধায়ক কিনা-বেচাৰ কথাও৷ যাক সাধাৰণতে হৰ্ছ ট্ৰেডিং বুলিয়েই সকলোৱে জানে৷ মহাৰাষ্ট্ৰত বিজেপিয়ে শিৱসেনাৰ একাংশ বিধায়কক কিনিলৈ চৰকাৰ গঠন কৰিবলৈ ওলোৱা বুলি চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এতিয়াৰে পৰা হৰ্ছ ট্ৰেডিং অৰ্থাত বিধায়ক কিনা-বেচাতো জিএছটি দিব লাগিব বুলি কৰা মন্তব্যই বহুতোকে হাঁহিৰ খোৰাক যোগাইছে৷ 

 কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন সংবাদমেলত কয়  যে হৰ্ছ ট্ৰেডিং, মানে বিধায়কৰ কিনা-বেচাতো  ২৮ শতাংশ জিএছটি লগোৱা হ’ব৷

মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাত, 'হৰ্ছ ট্ৰেডিং' বাক্যাংশটো পুনৰ প্ৰাসংগিক হৈ পৰিছে। বিৰোধী শিবিৰে অভিযোগ কৰিছে  যে মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ পতনৰ এটা কাৰণ আছিল "হৰ্ছ ট্ৰেডিং"।ইয়াৰ আঁৰত  নিৰ্মলা সীতাৰমণৰ  দল বিজেপি থকা বুলিও কথা ওলাই আছে।

দৰাচলতে সংবাদমেলত কেচিনো, অনলাইন গেমিং, ঘোঁৰা দৌৰৰ ক্ষেত্ৰত বা লটাৰীৰ ওপৰত ২৮ শতাংশ জিএছটি লগোৱাৰ কথা ক’বলৈ গৈ  বিত্ত মন্ত্ৰী সীতাৰমণে হৰ্ছ ৰেচিং কথাষাৰক হৰ্ছ ট্ৰেডিং বুলি ভুলতে উল্লেখ কৰে৷ সীতাৰমণৰ এই ভিডিঅ’ নিমিষৰ ভিতৰতে ভাইৰেল হৈ পৰিছে৷  নেটত মন্তব্যটোকলৈ বহুতে কৌতুকো কৰিছে৷

 নেটিজেনসকলৰবহুতে কৈছে যদি  হৰ্ছ ট্ৰেডিঙৰ বাবে  জিএছটি পৰিশোধ কৰিব লগা হয় তেন্তে নিৰ্মলাৰ নিজা দল বিজেপিয়ে  আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হ'ব। কিছুমান লোকে পুনৰ কৈছে যে বিধায়ক ক্ৰয়ৰ ক্ষেত্ৰত জিএছটি লগালে  ভাল হ'ব, সাধাৰণ মানুহৰ কৰৰ ধন কিছু পৰিমাণে ৰাহি হ'ব।

তৃণমূল কংগ্ৰেছেও কেন্দ্ৰীয় বিত্ত মন্ত্ৰীক উপহাস কৰি টুইট কৰিছে "বিজেপিয়ে এইবাৰ উপাৰ্জনৰ বিকল্প উপায় বিচাৰি পালে নেকি? দেশক সকলো দিশৰ পৰা লুণ্ঠন কৰাৰ পিছত, পিঁয়াজ-নহৰু নোখোৱা মন্ত্ৰীজনে এতিয়া হৰ্ছ ট্ৰেডিঙৰ ওপৰত জিএছটি কাৰ্যকৰী কৰাৰ চেষ্টাও কৰিছে। "



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ