--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক ঘটনাক্ৰমকলৈ দেশবাসী বৰ্তমান উদ্বিগ্ন হৈ আছে৷ মহাৰাষ্ট্ৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ সৈতে সাঙোৰ খাই পৰিছে বিধায়ক কিনা-বেচাৰ কথাও৷ যাক সাধাৰণতে হৰ্ছ ট্ৰেডিং বুলিয়েই সকলোৱে জানে৷ মহাৰাষ্ট্ৰত বিজেপিয়ে শিৱসেনাৰ একাংশ বিধায়কক কিনিলৈ চৰকাৰ গঠন কৰিবলৈ ওলোৱা বুলি চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এতিয়াৰে পৰা হৰ্ছ ট্ৰেডিং অৰ্থাত বিধায়ক কিনা-বেচাতো জিএছটি দিব লাগিব বুলি কৰা মন্তব্যই বহুতোকে হাঁহিৰ খোৰাক যোগাইছে৷ 

 কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন সংবাদমেলত কয়  যে হৰ্ছ ট্ৰেডিং, মানে বিধায়কৰ কিনা-বেচাতো  ২৮ শতাংশ জিএছটি লগোৱা হ’ব৷

মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাত, 'হৰ্ছ ট্ৰেডিং' বাক্যাংশটো পুনৰ প্ৰাসংগিক হৈ পৰিছে। বিৰোধী শিবিৰে অভিযোগ কৰিছে  যে মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ পতনৰ এটা কাৰণ আছিল "হৰ্ছ ট্ৰেডিং"।ইয়াৰ আঁৰত  নিৰ্মলা সীতাৰমণৰ  দল বিজেপি থকা বুলিও কথা ওলাই আছে।

দৰাচলতে সংবাদমেলত কেচিনো, অনলাইন গেমিং, ঘোঁৰা দৌৰৰ ক্ষেত্ৰত বা লটাৰীৰ ওপৰত ২৮ শতাংশ জিএছটি লগোৱাৰ কথা ক’বলৈ গৈ  বিত্ত মন্ত্ৰী সীতাৰমণে হৰ্ছ ৰেচিং কথাষাৰক হৰ্ছ ট্ৰেডিং বুলি ভুলতে উল্লেখ কৰে৷ সীতাৰমণৰ এই ভিডিঅ’ নিমিষৰ ভিতৰতে ভাইৰেল হৈ পৰিছে৷  নেটত মন্তব্যটোকলৈ বহুতে কৌতুকো কৰিছে৷

 নেটিজেনসকলৰবহুতে কৈছে যদি  হৰ্ছ ট্ৰেডিঙৰ বাবে  জিএছটি পৰিশোধ কৰিব লগা হয় তেন্তে নিৰ্মলাৰ নিজা দল বিজেপিয়ে  আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হ'ব। কিছুমান লোকে পুনৰ কৈছে যে বিধায়ক ক্ৰয়ৰ ক্ষেত্ৰত জিএছটি লগালে  ভাল হ'ব, সাধাৰণ মানুহৰ কৰৰ ধন কিছু পৰিমাণে ৰাহি হ'ব।

তৃণমূল কংগ্ৰেছেও কেন্দ্ৰীয় বিত্ত মন্ত্ৰীক উপহাস কৰি টুইট কৰিছে "বিজেপিয়ে এইবাৰ উপাৰ্জনৰ বিকল্প উপায় বিচাৰি পালে নেকি? দেশক সকলো দিশৰ পৰা লুণ্ঠন কৰাৰ পিছত, পিঁয়াজ-নহৰু নোখোৱা মন্ত্ৰীজনে এতিয়া হৰ্ছ ট্ৰেডিঙৰ ওপৰত জিএছটি কাৰ্যকৰী কৰাৰ চেষ্টাও কৰিছে। "



FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই