--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সঞ্জীৱ পুৰোহিত নামৰ যুৱকজনে  চাকৰি এটা পাবলৈ ৰ’দৰ মাজেৰে খোজকাঢ়িছিল। ২৫ কিলোমিটাৰ খোজডকঢ়াৰ  পিছত যুৱকজনে জ্ঞান হেৰুৱাই মাটিত পৰি গৈছিল আৰু  ঘটনাস্থলীতে তেওঁৰ মৃত্যু হৈছিল। মুম্বাইত আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সঞ্জীৱ পুৰোহিতৰ দৰেই মৃত্যুক সাৱটি ল’লে আন এজন যুৱকে৷চাকৰি প্ৰাৰ্থীসকলৰ শাৰীৰিক সামৰ্থ্য পৰীক্ষা কৰিবলৈ  মুম্বাই বিশ্ববিদ্যালয়ত আৰক্ষীয়ে অনুষ্ঠিত কৰিছিল  শিবিৰ৷

 মহাৰাষ্ট্ৰৰ  ৱাছিম জিলাৰ এজন যুৱক গণেশে উগালেও  বিশ্ববিদ্যালয়ৰ বিদ্যানগৰী চৌহদত পৰীক্ষাত অংশগ্ৰহণ কৰে। তাত প্ৰাৰ্থীসকলক ১৬০০ মিটাৰ দৌৰিবলৈ দিয়া  হৈছিল। গণেশেও চাকৰিৰ আশাত দৌৰিছিল। কিন্তু দৌৰ শেষ হোৱাৰ পিছত গণেশ মৃত্যুৰ কোলাত ঢলি পৰিল।  গণেশক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

উল্লেখ্য সঞ্জীৱ পুৰোহিতেও 'চাকৰি পাব বুলি আশা কৰি' খোজকাঢ়িছিল৷তাৰ পিছতে  তেওঁ মৃত্যু হৈছিল। গায়ক কবীৰ সুমনে পিছত তেওঁকলৈ এটা গান ৰচনা কৰিছিল – 'সঞ্জীৱ পুৰোহিত ৱাকড...'। গানটোৰ জৰিয়তে চাকৰি পাবলৈ কষ্ট কৰা  সঞ্জীৱৰ জীৱন ত্যাগৰ কাহিনীটো ফুটাই তোলা হৈছিল।১৯৯১  চনত সঞ্জীৱে ওৰিশাৰ বন বিভাগত চাকৰিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। লিখিত আৰু মৌখিক পৰীক্ষাৰ পিছত সঞ্জীৱে শাৰীৰিক সামৰ্থ্য পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সঞ্জীৱ আৰু বাকী প্ৰাৰ্থীসকলক  সম্বলপুৰ অঞ্চলত য প্ৰচণ্ড গৰমত ২৫ কিলোমিটাৰ খোজকাঢ়িবলৈ কোৱা হৈছিল। টিকফটা  ৰ'দত খোজ কাঢ়ি যোৱাৰ পিছত, তেওঁ মাটিত ঢলি পৰিছিল। তাতেই তেওঁৰ মৃত্যু হৈছিল। আৰক্ষীৰ চাকৰিপৰীক্ষাৰ বাবে দৌৰি থাকোতে গণেশৰো সঞ্জীৱৰ দৰেই একেই পৰিস্থিতিত মৃত্যু হয়৷  



গণেশৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বান্দ্ৰা কুৰ্লা কমপ্লেক্স আৰক্ষী থানাত দুৰ্ঘটনাজনিত মৃত্যুৰ এটা গোচৰো ৰুজু কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক