--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সঞ্জীৱ পুৰোহিত নামৰ যুৱকজনে  চাকৰি এটা পাবলৈ ৰ’দৰ মাজেৰে খোজকাঢ়িছিল। ২৫ কিলোমিটাৰ খোজডকঢ়াৰ  পিছত যুৱকজনে জ্ঞান হেৰুৱাই মাটিত পৰি গৈছিল আৰু  ঘটনাস্থলীতে তেওঁৰ মৃত্যু হৈছিল। মুম্বাইত আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সঞ্জীৱ পুৰোহিতৰ দৰেই মৃত্যুক সাৱটি ল’লে আন এজন যুৱকে৷চাকৰি প্ৰাৰ্থীসকলৰ শাৰীৰিক সামৰ্থ্য পৰীক্ষা কৰিবলৈ  মুম্বাই বিশ্ববিদ্যালয়ত আৰক্ষীয়ে অনুষ্ঠিত কৰিছিল  শিবিৰ৷

 মহাৰাষ্ট্ৰৰ  ৱাছিম জিলাৰ এজন যুৱক গণেশে উগালেও  বিশ্ববিদ্যালয়ৰ বিদ্যানগৰী চৌহদত পৰীক্ষাত অংশগ্ৰহণ কৰে। তাত প্ৰাৰ্থীসকলক ১৬০০ মিটাৰ দৌৰিবলৈ দিয়া  হৈছিল। গণেশেও চাকৰিৰ আশাত দৌৰিছিল। কিন্তু দৌৰ শেষ হোৱাৰ পিছত গণেশ মৃত্যুৰ কোলাত ঢলি পৰিল।  গণেশক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

উল্লেখ্য সঞ্জীৱ পুৰোহিতেও 'চাকৰি পাব বুলি আশা কৰি' খোজকাঢ়িছিল৷তাৰ পিছতে  তেওঁ মৃত্যু হৈছিল। গায়ক কবীৰ সুমনে পিছত তেওঁকলৈ এটা গান ৰচনা কৰিছিল – 'সঞ্জীৱ পুৰোহিত ৱাকড...'। গানটোৰ জৰিয়তে চাকৰি পাবলৈ কষ্ট কৰা  সঞ্জীৱৰ জীৱন ত্যাগৰ কাহিনীটো ফুটাই তোলা হৈছিল।১৯৯১  চনত সঞ্জীৱে ওৰিশাৰ বন বিভাগত চাকৰিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। লিখিত আৰু মৌখিক পৰীক্ষাৰ পিছত সঞ্জীৱে শাৰীৰিক সামৰ্থ্য পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সঞ্জীৱ আৰু বাকী প্ৰাৰ্থীসকলক  সম্বলপুৰ অঞ্চলত য প্ৰচণ্ড গৰমত ২৫ কিলোমিটাৰ খোজকাঢ়িবলৈ কোৱা হৈছিল। টিকফটা  ৰ'দত খোজ কাঢ়ি যোৱাৰ পিছত, তেওঁ মাটিত ঢলি পৰিছিল। তাতেই তেওঁৰ মৃত্যু হৈছিল। আৰক্ষীৰ চাকৰিপৰীক্ষাৰ বাবে দৌৰি থাকোতে গণেশৰো সঞ্জীৱৰ দৰেই একেই পৰিস্থিতিত মৃত্যু হয়৷  



গণেশৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বান্দ্ৰা কুৰ্লা কমপ্লেক্স আৰক্ষী থানাত দুৰ্ঘটনাজনিত মৃত্যুৰ এটা গোচৰো ৰুজু কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু