--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিবিচিৰ নতুন দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগে চলোৱা মাৰাথন জৰীপৰ পিছত আজি আয়কৰ বিভাগৰ তৰফৰ পৰা এই জৰীপৰ ফলাফলৰ বিষয়ে তথ্য প্ৰকাশ কৰা হয়৷  ব্ৰিটিছ মিডিয়া সংস্থাটোৰ বিৰুদ্ধে তিনিদিনীয়া জৰীপ সমাপ্ত কৰাৰ এদিন পিছত  এক চৰকাৰী বিবৃতিত আয়কৰ বিভাগে প্ৰকাশ কৰা অনুসৰি বিবিচিৰ বিভিন্ন গোটৰ প্ৰতিষ্ঠানসমূহে দেখুওৱা উপাৰ্জন আৰু লাভ ভাৰতত তেওঁলোকৰ কাৰ্যকলাপৰ পৰিমাণৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (চিবিডিটি) সংবাদ মাধ্যমটোৰ নাম নোলোৱাকৈ এক বিবৃতি জাৰি কৰিছে আৰু কৈছে  যে আয়কৰ বিভাগৰ দলে কৰ্মচাৰীসকলৰ বিবৃতি, ডিজিটেল প্ৰমাণ আৰু নথিপত্ৰৰ পৰা কৰ বহু আদায় নিদিয়া গুৰুত্বপূৰ্ণ প্ৰমাণ উদ্ধাৰ কৰিছে।বিষয়াসকলে কৈছে যে বিবৃতিটো ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচন (বিবিচি)ৰ সৈতে সম্পৰ্কিত।বিবৃতি অনুসৰি জৰীপৰ সময়ত স্থানান্তৰ মূল্য নথিপত্ৰৰ সন্দৰ্ভত কেইবাটাও বিসংগতি  পোৱা গৈছিল।

জৰীপটো ১৪ ফেব্ৰুৱাৰীত দিল্লী আৰু মুম্বাইৰ বিবিচি কাৰ্যালয়ত আৰম্ভ কৰা হৈছিল আৰু বৃহস্পতিবাৰে নিশা প্ৰায় ৬০ ঘণ্টাৰ পিছত সেয়া  সমাপ্ত হৈছিল।
 বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগে জৰীপ চলোৱাৰ সময়তে বিবিচিয়ে ভাৰতত থকা সংবাদ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকললৈ এক বিশেষ ইমেইল প্ৰেৰণ কৰিছে৷ । আয়কৰ বিভাগে  গোটেই ৰাতি বিবিচিৰ কাৰ্যালয়ত জৰীপ চলাইছিল।এনে  পৰিস্থিতিত বিবিচি কৰ্তৃপক্ষই কৰ্মচাৰীসকলক ইমেইল যোগে তদন্তত সহযোগিতা কৰিবলৈ কৈছে।

 ইফালে বিবিচিয়ে সম্প্ৰচাৰ বিভাগৰ বাহিৰে সকলো কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰিবলৈ কৈছে। এক ইমেইলত, বিবিচিয়ে কৰ্মচাৰীসকলক অনুসন্ধানকাৰীসকলক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ কোৱাৰ লগতে তেওঁলোকৰ প্ৰশ্নবোৰৰ বিতং উত্তৰ দিবলৈও কৈছে। ইমেইলত লগতে কোৱা হৈছে যে কৰ্মচাৰীসকলে তেোঁলোকৰ  ব্যক্তিগত উপাৰ্জনৰ বিষয়ে মুখ খুলিব নালাগে। অৱশ্যে, যদি  দৰমহা সম্পৰ্কীয় যিকোনো প্ৰশ্ন সোধা হয় তেন্তে  ইয়াৰ উত্তৰ দিবলৈ কোৱা হৈছে৷ 

আয়কৰ বিষয়াসকলে মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত দিল্লী আৰু মুম্বাইৰ বিবিচি কাৰ্যালয়ত উপস্থিত হৈছিল। কাৰ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে বিবিচিৰ সকলো সাংবাদিক আৰু আন কৰ্মীৰ  মোবাইল ফোন আৰু লেপটপ জমা দিবলৈ কোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক