--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিবিচিৰ নতুন দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগে চলোৱা মাৰাথন জৰীপৰ পিছত আজি আয়কৰ বিভাগৰ তৰফৰ পৰা এই জৰীপৰ ফলাফলৰ বিষয়ে তথ্য প্ৰকাশ কৰা হয়৷  ব্ৰিটিছ মিডিয়া সংস্থাটোৰ বিৰুদ্ধে তিনিদিনীয়া জৰীপ সমাপ্ত কৰাৰ এদিন পিছত  এক চৰকাৰী বিবৃতিত আয়কৰ বিভাগে প্ৰকাশ কৰা অনুসৰি বিবিচিৰ বিভিন্ন গোটৰ প্ৰতিষ্ঠানসমূহে দেখুওৱা উপাৰ্জন আৰু লাভ ভাৰতত তেওঁলোকৰ কাৰ্যকলাপৰ পৰিমাণৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (চিবিডিটি) সংবাদ মাধ্যমটোৰ নাম নোলোৱাকৈ এক বিবৃতি জাৰি কৰিছে আৰু কৈছে  যে আয়কৰ বিভাগৰ দলে কৰ্মচাৰীসকলৰ বিবৃতি, ডিজিটেল প্ৰমাণ আৰু নথিপত্ৰৰ পৰা কৰ বহু আদায় নিদিয়া গুৰুত্বপূৰ্ণ প্ৰমাণ উদ্ধাৰ কৰিছে।বিষয়াসকলে কৈছে যে বিবৃতিটো ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচন (বিবিচি)ৰ সৈতে সম্পৰ্কিত।বিবৃতি অনুসৰি জৰীপৰ সময়ত স্থানান্তৰ মূল্য নথিপত্ৰৰ সন্দৰ্ভত কেইবাটাও বিসংগতি  পোৱা গৈছিল।

জৰীপটো ১৪ ফেব্ৰুৱাৰীত দিল্লী আৰু মুম্বাইৰ বিবিচি কাৰ্যালয়ত আৰম্ভ কৰা হৈছিল আৰু বৃহস্পতিবাৰে নিশা প্ৰায় ৬০ ঘণ্টাৰ পিছত সেয়া  সমাপ্ত হৈছিল।
 বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগে জৰীপ চলোৱাৰ সময়তে বিবিচিয়ে ভাৰতত থকা সংবাদ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকললৈ এক বিশেষ ইমেইল প্ৰেৰণ কৰিছে৷ । আয়কৰ বিভাগে  গোটেই ৰাতি বিবিচিৰ কাৰ্যালয়ত জৰীপ চলাইছিল।এনে  পৰিস্থিতিত বিবিচি কৰ্তৃপক্ষই কৰ্মচাৰীসকলক ইমেইল যোগে তদন্তত সহযোগিতা কৰিবলৈ কৈছে।

 ইফালে বিবিচিয়ে সম্প্ৰচাৰ বিভাগৰ বাহিৰে সকলো কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰিবলৈ কৈছে। এক ইমেইলত, বিবিচিয়ে কৰ্মচাৰীসকলক অনুসন্ধানকাৰীসকলক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ কোৱাৰ লগতে তেওঁলোকৰ প্ৰশ্নবোৰৰ বিতং উত্তৰ দিবলৈও কৈছে। ইমেইলত লগতে কোৱা হৈছে যে কৰ্মচাৰীসকলে তেোঁলোকৰ  ব্যক্তিগত উপাৰ্জনৰ বিষয়ে মুখ খুলিব নালাগে। অৱশ্যে, যদি  দৰমহা সম্পৰ্কীয় যিকোনো প্ৰশ্ন সোধা হয় তেন্তে  ইয়াৰ উত্তৰ দিবলৈ কোৱা হৈছে৷ 

আয়কৰ বিষয়াসকলে মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত দিল্লী আৰু মুম্বাইৰ বিবিচি কাৰ্যালয়ত উপস্থিত হৈছিল। কাৰ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে বিবিচিৰ সকলো সাংবাদিক আৰু আন কৰ্মীৰ  মোবাইল ফোন আৰু লেপটপ জমা দিবলৈ কোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি হিন্দু বুলি পৰিচয় মুছলিম মহিলাৰ! আটক ৩
আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ গেছমত চৰাইদেউৰ চাৰি ভাৰ উত্তোলকৰ সোণৰ পদক অৰ্জন
ৰ’দৰ সংস্পৰ্শলৈ নাহিও ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পৰা যায়;  এই খাদ্যসমূহ খাব লাগিব
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক