--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুইজাৰলেণ্ডৰ যুৱতীগৰাকীয়ে জন্মৰ পৰাই মাকক দেখা নাই। মাকে তাক অনাথ আশ্ৰমৰ দুৱাৰমুখতে এৰি থৈ গ’ল। এতিয়াও তেওঁ নাজানে মাক দেখিবলৈ কেনেকুৱা। সেই বিদ্যা নামৰ কন্যাগৰাকীয়ে পাছত মাকক বিচাৰি ছুইজাৰলেণ্ডৰ পৰা ভাৰতলৈ উভতি আহিছিল। 

১৯৯৬ চনৰ ৮ ফেব্ৰুৱাৰীত মুম্বাইত জন্মগ্ৰহণ কৰিছিল বিদ্যা ফিলিপনে। জন্মৰ পিছত মাকে বিদ্যাক মিছনেৰীজ অৱ চেৰিটিৰ এটা শাখাত এৰি থৈ যায়। ইয়াৰ পিছত ছুইজাৰলেণ্ডৰ পৰা অহা এহাল দম্পতীয়ে বিদ্যাক দত্তক ল’লে।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি বিদ্যা জন্মৰ পিছত প্ৰায় এবছৰ মুম্বাইৰ মিছনেৰীজ অৱ চেৰিটিৰ ভাইল পাৰ্লে শাখাত থাকে। ১৯৯৭ চনত চুইজাৰলেণ্ডৰ এহাল দম্পতীয়ে বিদ্যাক দত্তক লৈ মুম্বাইৰ পৰা ছুইজাৰলেণ্ডলৈ গুচি যায়। বিদ্যাই স্কুল আৰু কলেজৰ পঢ়া-শুনা তাতেই সমাপ্ত কৰিছিল।

পঢ়া-শুনা কৰি বিদ্যাই বিয়া পাতিলে। মাকক বিচাৰি স্বামীৰ সৈতে ছুইজাৰলেণ্ডৰ পৰা মুম্বাইলৈ উভতি আহিছিল। ছোৱালীজনীয়ে প্ৰথমে ভিলে পাৰ্লে অঞ্চলৰ ‘মিছনেৰীছ অৱ চেৰিটি’ৰ শাখালৈ গৈছিল য’ত বিদ্যাক মাকে এৰি থৈ গৈছিল।

সংবাদ সংস্থা এএনআইৰ মতে, যেতিয়া কণমানি বিদ্যাক মিছনেৰীজ অৱ চেৰিটি শাখাৰ সন্মুখত এৰি দিয়া হৈছিল, তেতিয়া মাকৰ বয়স আছিল ২০ বছৰ। বিদ্যাই প্ৰথমে মুম্বাইলৈ যোৱাৰ পিছত মাকৰ বিষয়ে সোধা-পোছা কৰিবলৈ সেই শাখাটোলৈ গৈছিল। বিদ্যাক এটা ঠিকনা  প্ৰদান কৰে মিছনেৰীজ অৱ চেৰিটিয়ে। শাখাৰ কৰ্মচাৰীয়ে অনুমান কৰিছিল যে বিদ্যাৰ মাক থাকিব পাৰে।

বিদ্যা মুম্বাইৰ দহিছাৰ অঞ্চলৰ সেই ঠিকনালৈ গ’ল। কিন্তু তাত মাকক বিচাৰি নাপালে। বিদ্যাই মাকক বিচাৰিবলৈ মুম্বাইৰ এজন উকীলৰ সহায় লয়। অৱশ্যে ১০ বছৰ বিচাৰি বিচাৰিও মাকক বিচাৰি নাপালে।

বিদ্যাৰ মাতৃৰ কথা উল্লেখ কৰি অধিবক্তাগৰাকীয়ে কয় যে মুম্বাই ইমান ডাঙৰ ঠাই, মানুহ সদায় এটা ঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হৈ থাকে। ফলত বিদ্যাৰ মাক বিচাৰি পোৱাটো কঠিন হৈ পৰিছে।

১০ বছৰ বিচাৰি ফুৰাৰ পিছতো বিদ্যা নিৰাশ হোৱা নাছিল। তেওঁ ক'লে, "মাক এতিয়াও বিচাৰি পোৱা নাই। যমই গম পালোঁ যে তেওঁৰ শেষ নামটো কম্বলী। মুম্বাইবাসীলৈ মোৰ অনুৰোধ মাতৃক বিচাৰি উলিওৱাত সহায় কৰক।"

অধিবক্তাগৰাকীয়ে কয় যে মুম্বাইৰ এগৰাকী সমাজকৰ্মীয়ে বিদ্যাৰ মাতৃৰ বিষয়ে বহু তথ্য দিছিল। আনকি এজন ব্যক্তিক বিচাৰি পোৱা গৈছে, যাৰ লগত যোগাযোগ কৰি বিদ্যাৰ মাতৃৰ বিষয়ে যিকোনো তথ্য লাভ কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু