--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুইজাৰলেণ্ডৰ যুৱতীগৰাকীয়ে জন্মৰ পৰাই মাকক দেখা নাই। মাকে তাক অনাথ আশ্ৰমৰ দুৱাৰমুখতে এৰি থৈ গ’ল। এতিয়াও তেওঁ নাজানে মাক দেখিবলৈ কেনেকুৱা। সেই বিদ্যা নামৰ কন্যাগৰাকীয়ে পাছত মাকক বিচাৰি ছুইজাৰলেণ্ডৰ পৰা ভাৰতলৈ উভতি আহিছিল। 

১৯৯৬ চনৰ ৮ ফেব্ৰুৱাৰীত মুম্বাইত জন্মগ্ৰহণ কৰিছিল বিদ্যা ফিলিপনে। জন্মৰ পিছত মাকে বিদ্যাক মিছনেৰীজ অৱ চেৰিটিৰ এটা শাখাত এৰি থৈ যায়। ইয়াৰ পিছত ছুইজাৰলেণ্ডৰ পৰা অহা এহাল দম্পতীয়ে বিদ্যাক দত্তক ল’লে।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি বিদ্যা জন্মৰ পিছত প্ৰায় এবছৰ মুম্বাইৰ মিছনেৰীজ অৱ চেৰিটিৰ ভাইল পাৰ্লে শাখাত থাকে। ১৯৯৭ চনত চুইজাৰলেণ্ডৰ এহাল দম্পতীয়ে বিদ্যাক দত্তক লৈ মুম্বাইৰ পৰা ছুইজাৰলেণ্ডলৈ গুচি যায়। বিদ্যাই স্কুল আৰু কলেজৰ পঢ়া-শুনা তাতেই সমাপ্ত কৰিছিল।

পঢ়া-শুনা কৰি বিদ্যাই বিয়া পাতিলে। মাকক বিচাৰি স্বামীৰ সৈতে ছুইজাৰলেণ্ডৰ পৰা মুম্বাইলৈ উভতি আহিছিল। ছোৱালীজনীয়ে প্ৰথমে ভিলে পাৰ্লে অঞ্চলৰ ‘মিছনেৰীছ অৱ চেৰিটি’ৰ শাখালৈ গৈছিল য’ত বিদ্যাক মাকে এৰি থৈ গৈছিল।

সংবাদ সংস্থা এএনআইৰ মতে, যেতিয়া কণমানি বিদ্যাক মিছনেৰীজ অৱ চেৰিটি শাখাৰ সন্মুখত এৰি দিয়া হৈছিল, তেতিয়া মাকৰ বয়স আছিল ২০ বছৰ। বিদ্যাই প্ৰথমে মুম্বাইলৈ যোৱাৰ পিছত মাকৰ বিষয়ে সোধা-পোছা কৰিবলৈ সেই শাখাটোলৈ গৈছিল। বিদ্যাক এটা ঠিকনা  প্ৰদান কৰে মিছনেৰীজ অৱ চেৰিটিয়ে। শাখাৰ কৰ্মচাৰীয়ে অনুমান কৰিছিল যে বিদ্যাৰ মাক থাকিব পাৰে।

বিদ্যা মুম্বাইৰ দহিছাৰ অঞ্চলৰ সেই ঠিকনালৈ গ’ল। কিন্তু তাত মাকক বিচাৰি নাপালে। বিদ্যাই মাকক বিচাৰিবলৈ মুম্বাইৰ এজন উকীলৰ সহায় লয়। অৱশ্যে ১০ বছৰ বিচাৰি বিচাৰিও মাকক বিচাৰি নাপালে।

বিদ্যাৰ মাতৃৰ কথা উল্লেখ কৰি অধিবক্তাগৰাকীয়ে কয় যে মুম্বাই ইমান ডাঙৰ ঠাই, মানুহ সদায় এটা ঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হৈ থাকে। ফলত বিদ্যাৰ মাক বিচাৰি পোৱাটো কঠিন হৈ পৰিছে।

১০ বছৰ বিচাৰি ফুৰাৰ পিছতো বিদ্যা নিৰাশ হোৱা নাছিল। তেওঁ ক'লে, "মাক এতিয়াও বিচাৰি পোৱা নাই। যমই গম পালোঁ যে তেওঁৰ শেষ নামটো কম্বলী। মুম্বাইবাসীলৈ মোৰ অনুৰোধ মাতৃক বিচাৰি উলিওৱাত সহায় কৰক।"

অধিবক্তাগৰাকীয়ে কয় যে মুম্বাইৰ এগৰাকী সমাজকৰ্মীয়ে বিদ্যাৰ মাতৃৰ বিষয়ে বহু তথ্য দিছিল। আনকি এজন ব্যক্তিক বিচাৰি পোৱা গৈছে, যাৰ লগত যোগাযোগ কৰি বিদ্যাৰ মাতৃৰ বিষয়ে যিকোনো তথ্য লাভ কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক