--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিপদে যেন লগ নেৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক৷ ইডিৰ জেৰাৰ সংকট আঁতৰ নৌহওঁতেই আম আদমী পাৰ্টীৰ সন্মুখত আহি পৰিছে আন এক বিপদৰ আগজাননী। সুৰা কেলেংকাৰীৰ পাছত এইবাৰ ঔষধ কেলেংকাৰীৰ অভিযোগ কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে। মহল্লা ক্লিনিকত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ দিল্লীৰ উপ–ৰাজ্যপাল ভি কে ছাক্সেনাৰ।

পূৰ্বৰ সুৰা কেলেংকাৰীৰ দৰে মহল্লা ক্লিনিকৰ কেলেংকাৰীৰ অভিযোগেৰে পুনৰ সক্ৰিয় হৈ পৰিছে দিল্লীৰ উপ–ৰাজ্যপালগৰাকী। ভুৱা ৰোগীৰ নামত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অভিযোগ একাংশ ব্যক্তিগত লেব’ৰেটৰীৰ বিৰুদ্ধে। ৭টাকৈ লেব’ৰেটৰীত চলোৱা তদন্তৰ অন্তত পোহৰলৈ আহিছিল অনিয়মৰ তথ্য।

একাংশ চিকিৎসক ক্লিনিকত উপস্থিত নোহোৱাকৈয়ে বায়’মেট্ৰিকৰ জৰিয়তে উপস্থিতি থকা বুলি ভুৱা তথ্য দাখিল কৰি আহিছিল। চিকিৎসকৰ অনুপস্থিতিত একাংশ লেব টেকনিচিয়ানে ভুৱা ৰোগীৰ নামত বিভিন্ন পৰীক্ষা সম্পাদন কৰি প্ৰস্তুত কৰিছিল ভুৱা বিল। বিগত বৰ্ষৰ ছেপ্টেম্বৰত অনিয়ম সংঘটিত কৰা চিকিৎসকৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ। দিল্লী চৰকাৰে অভিযুক্ত চিকিৎসকসকলৰ নাম কৰ্তন কৰিছিল মহল্লা ক্লিনিক আঁচনিৰ পৰা। 

ইপিনে, যোৱা মাহত দিল্লীৰ চৰকাৰী চিকিৎসালয়ত নকল ঔষধ যোগান ধৰা বুলি উঠিছিল আন এক বিস্ফোৰক অভিযোগ। সেইবাৰো দিল্লীৰ উপ–ৰাজ্যপাল ভি কে ছাক্সেনাই কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছিল এই অভিযোগ। সমগ্ৰ ঘটনাৰ তদন্ত চি বি আইৰ হাতত অৰ্পণ কৰাৰ বাবে পত্ৰ লিখিছিল উপ–ৰাজ্যপালগৰাকীয়ে। 

লক্ষ্যণীয়ভাৱে দিল্লীৰ সুৰা কেলেংকাৰিৰ অভিযোগো প্ৰথমে উত্থাপন কৰিছিল উপ–ৰাজ্যপালগৰাকীয়ে। পূৰ্বৰ দৰে এইবাৰো ভি কে ছাক্সেনাৰ অভিযোগৰ পাছতে সংবাদমেল সম্বোধন কৰি আপ চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে বিজেপি। উপ–ৰাজ্যপালগৰাকীৰ অভিযোগৰ ঠিক পাছতে সংবাদমেল সম্বোধন কৰে বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে। আম আদমী পাৰ্টীয়ে সুৰাৰ পাছত এইবাৰ ঔষধৰ কেলেংকাৰি কৰা বুলি মন্তব্য সুধাংশু ত্ৰিবেদীৰ।

ইপিনে নকল ঔষধ যোগানক লৈয়ো অৰৱিন্দ কেজৰিৱালৰ বিৰুদ্ধে সৰব হৈছে বিজেপি। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক নকল ঔষধৰ বেপাৰী আখ্যা দলটোৰ। উল্লেখ্য যে দিল্লীৰ উপ–ৰাজ্যপালৰে কেজৰিৱাল চৰকাৰৰ সংঘাত দীৰ্ঘদিনীয়া। ইতিমধ্যে আইন প্ৰণয়নৰ জৰিয়তে দিল্লীৰ অধিক ক্ষমতা উপ–ৰাজ্যপালৰ হাতত অৰ্পণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিগত সময়ছোৱাত উপ–ৰাজ্যপালৰ জৰিয়তে দিল্লী চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগৰ অভিযোগ উত্থাপন কৰি আহিছে আপে। 

আপৰ অভিযোগ– বিভিন্ন কেলেংকাৰিৰ ভুৱা অভিযোগেৰে কেন্দ্ৰীয় চৰকাৰে চাপত ৰাখিবলৈ চেষ্টা কৰি আহিছে দিল্লী চৰকাৰক। অৱশ্যে আপৰ এই অভিযোগ কিমান সঁচা সেয়া সময়তহে স্পষ্ট হ’ব। একেদৰে সুৰা কেলেংকাৰীৰ দৰে ঔষধ কেলেংকাৰিয়ো আপ চৰকাৰক পুনৰ শ’লঠেকত পেলাব নেকি তাক লৈয়ো আৰম্ভ হৈছে ৰাজনৈতিক চৰ্চা। 

উল্লেখ্য যে মহল্লা ক্লিনিকক প্ৰচাৰৰ এক অন্য মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে আম আদমী পাৰ্টীয়ে। ইয়াৰ জৰিয়তে দিল্লীবাসীক সুলভ স্বাস্থ্য সেৱা প্ৰদানৰ দাবী কৰি আহিছে আম আদমী পাৰ্টীয়ে। মহল্লা ক্লিনিকৰ প্ৰসংগৰে দলটোৱে নিৰ্বাচনী প্ৰচাৰতো ভোট ভিক্ষা কৰি আহিছে ৰাইজৰ মাজত। আপ চৰকাৰৰ অন্যতম ব্ৰেণ্ড হিচাপে পৰিচিত মহল্লা ক্লিনিকতো এইবাৰ উত্থাপন হ’ল দুৰ্নীতিৰ অভিযোগ। এই পৰিস্থিতিৰ সৈতে দলটোৱে কেনেদৰে মোকাবিলা কৰে সেয়া এই মুহূৰ্তত বৃহৎ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান