--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাৰ্লে-জি এনে এটা নাম যিয়ে আমাৰ বহুতৰে বাবে  শৈশৱৰ বহু স্মৃতি ঘূৰাই আনে৷এই বিস্কুটৰ সৈতে ৰাতিপুৱা আৰু গধূলি চাহ উপভোগ কৰাটো আমাৰ শৈশৱৰ এটা ডাঙৰ অংশ আছিল।

কিন্তু এই আইকনিক ব্ৰেণ্ডটোৰ ইতিহাসৰ বিষয়ে আপুনি জানেনে, কেনেকৈ বজাৰলৈ আহি প্ৰায় প্ৰতিজন ভাৰতীয়ৰ হৃদয় আৰু প্ৰতিখন ঘৰক আকৰ্ষণ কৰিলে?জানো আহক সবিশেষ…

১৯২৯ চন।স্বদেশী আন্দোলনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ মুম্বাইৰ ৰেচম ব্যৱসায়ী পৰিয়ালৰ মোহনলাল দয়ালে জাৰ্মানীলৈ গৈ মিঠাই নিৰ্মাণৰ কলা শিকিছিল আৰু তাৰ পাছত প্ৰয়োজনীয় দক্ষতাৰ লগতে প্ৰয়োজনীয় যন্ত্ৰপাতি জাৰ্মানীৰ পৰা ৬০ হাজাৰ টকাত আমদানি কৰি লৈ উভতি আহিছিল।


ইৰলা আৰু পাৰ্লা গাঁৱৰ মাজত অৱস্থিত চৌহানসকলে মাত্ৰ ১২ জন মানুহ লৈ এটা সৰু কাৰখানা স্থাপন কৰিছিল, পৰিয়ালৰ সদস্যসকলে নিজেই অভিযন্তা, পৰিচালক আৰু মিঠাই নিৰ্মাতা হিচাপে একাধিক পদবীত কাম কৰিছিল।আমোদজনক কথাটো হ’ল যে প্ৰতিষ্ঠাপকসকলে কাৰখানাটো পৰিচালনা কৰাত ইমানেই ব্যস্ত আছিল যে তেওঁলোকে নাম ল’বলৈ পাহৰি গৈছিল বুলি বিশ্বাস কৰা হয়।গতিকে, সময়ৰ লগে লগে দেশৰ প্ৰথমটো ভাৰতীয় মালিকানাধীন মিঠাই ব্ৰেণ্ডৰ নাম দয়ালৰ জন্মস্থান- পাৰ্লেৰ নামেৰে পৰিচিত হৈ পৰে।

পাৰ্লেৰ প্ৰথম সামগ্ৰী আছিল কমলাৰ মিঠাই।  ১৯২৯চনত ১০ বছৰৰ পাছতহে ১৯৩৯ চনত বিস্কুট নিৰ্মাণৰ কাম আৰম্ভ কৰে।সেই সময়ত বিস্কুট বেছিভাগেই আমদানি কৰা হৈছিল, আৰু অভিজাত শ্ৰেণীৰ লোকে খোৱাৰ বাবেহে বিস্কুটৰ ব্যৱহাৰ কৰা হৈছিল।

এই ধাৰাটোক প্ৰতিহত কৰিবলৈহে পাৰ্লে প্ৰডাক্টছে পাৰ্লে গ্লুকোক সাধাৰণ জনসাধাৰণৰ বাবে পুষ্টিৰ এক সুলভ উৎস হিচাপে মুকলি কৰিছিল। ভাৰতত নিৰ্মিত আৰু  ভাৰতীয়ৰ বাবে নিৰ্মিত প্ৰতিজন ভাৰতীয়ৰ বাবে সুলভ এই বিস্কুটখন শীঘ্ৰেই জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰে।

১৯৬০ চনত পাৰ্লে প্ৰডাক্টছে প্ৰত্যাহ্বান অনুভৱ কৰিবলৈ আৰম্ভ কৰে যেতিয়া ব্ৰিটানিয়াৰ দৰে আন খেলুৱৈয়ে নিজাকৈ গ্লুক’জ বিস্কুট মুকলি কৰিবলৈ বজাৰলৈ আহিছিল। একে ধৰণৰ ব্ৰেণ্ডৰ নামেৰে বিভ্ৰান্ত হৈ বেছিভাগ মানুহেই কেৱল দোকানীক গ্লুক’জ বিস্কুট বিচৰাৰ প্ৰত্যাহ্বান হৈ পৰিছিল প্ৰকট৷যিটো বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ পাৰ্লেয়ে নতুন পেকেজিং গ্ৰহণ কৰিলে যিটো আছিল হালধীয়া ৰঙৰ কাগজৰ ৰেপাৰ, য’ত ব্ৰেণ্ড নাম আৰু কোম্পানীটোৰ ৰঙা ৰঙৰ ল’গোও আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু