--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাৰ্লে-জি এনে এটা নাম যিয়ে আমাৰ বহুতৰে বাবে  শৈশৱৰ বহু স্মৃতি ঘূৰাই আনে৷এই বিস্কুটৰ সৈতে ৰাতিপুৱা আৰু গধূলি চাহ উপভোগ কৰাটো আমাৰ শৈশৱৰ এটা ডাঙৰ অংশ আছিল।

কিন্তু এই আইকনিক ব্ৰেণ্ডটোৰ ইতিহাসৰ বিষয়ে আপুনি জানেনে, কেনেকৈ বজাৰলৈ আহি প্ৰায় প্ৰতিজন ভাৰতীয়ৰ হৃদয় আৰু প্ৰতিখন ঘৰক আকৰ্ষণ কৰিলে?জানো আহক সবিশেষ…

১৯২৯ চন।স্বদেশী আন্দোলনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ মুম্বাইৰ ৰেচম ব্যৱসায়ী পৰিয়ালৰ মোহনলাল দয়ালে জাৰ্মানীলৈ গৈ মিঠাই নিৰ্মাণৰ কলা শিকিছিল আৰু তাৰ পাছত প্ৰয়োজনীয় দক্ষতাৰ লগতে প্ৰয়োজনীয় যন্ত্ৰপাতি জাৰ্মানীৰ পৰা ৬০ হাজাৰ টকাত আমদানি কৰি লৈ উভতি আহিছিল।


ইৰলা আৰু পাৰ্লা গাঁৱৰ মাজত অৱস্থিত চৌহানসকলে মাত্ৰ ১২ জন মানুহ লৈ এটা সৰু কাৰখানা স্থাপন কৰিছিল, পৰিয়ালৰ সদস্যসকলে নিজেই অভিযন্তা, পৰিচালক আৰু মিঠাই নিৰ্মাতা হিচাপে একাধিক পদবীত কাম কৰিছিল।আমোদজনক কথাটো হ’ল যে প্ৰতিষ্ঠাপকসকলে কাৰখানাটো পৰিচালনা কৰাত ইমানেই ব্যস্ত আছিল যে তেওঁলোকে নাম ল’বলৈ পাহৰি গৈছিল বুলি বিশ্বাস কৰা হয়।গতিকে, সময়ৰ লগে লগে দেশৰ প্ৰথমটো ভাৰতীয় মালিকানাধীন মিঠাই ব্ৰেণ্ডৰ নাম দয়ালৰ জন্মস্থান- পাৰ্লেৰ নামেৰে পৰিচিত হৈ পৰে।

পাৰ্লেৰ প্ৰথম সামগ্ৰী আছিল কমলাৰ মিঠাই।  ১৯২৯চনত ১০ বছৰৰ পাছতহে ১৯৩৯ চনত বিস্কুট নিৰ্মাণৰ কাম আৰম্ভ কৰে।সেই সময়ত বিস্কুট বেছিভাগেই আমদানি কৰা হৈছিল, আৰু অভিজাত শ্ৰেণীৰ লোকে খোৱাৰ বাবেহে বিস্কুটৰ ব্যৱহাৰ কৰা হৈছিল।

এই ধাৰাটোক প্ৰতিহত কৰিবলৈহে পাৰ্লে প্ৰডাক্টছে পাৰ্লে গ্লুকোক সাধাৰণ জনসাধাৰণৰ বাবে পুষ্টিৰ এক সুলভ উৎস হিচাপে মুকলি কৰিছিল। ভাৰতত নিৰ্মিত আৰু  ভাৰতীয়ৰ বাবে নিৰ্মিত প্ৰতিজন ভাৰতীয়ৰ বাবে সুলভ এই বিস্কুটখন শীঘ্ৰেই জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰে।

১৯৬০ চনত পাৰ্লে প্ৰডাক্টছে প্ৰত্যাহ্বান অনুভৱ কৰিবলৈ আৰম্ভ কৰে যেতিয়া ব্ৰিটানিয়াৰ দৰে আন খেলুৱৈয়ে নিজাকৈ গ্লুক’জ বিস্কুট মুকলি কৰিবলৈ বজাৰলৈ আহিছিল। একে ধৰণৰ ব্ৰেণ্ডৰ নামেৰে বিভ্ৰান্ত হৈ বেছিভাগ মানুহেই কেৱল দোকানীক গ্লুক’জ বিস্কুট বিচৰাৰ প্ৰত্যাহ্বান হৈ পৰিছিল প্ৰকট৷যিটো বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ পাৰ্লেয়ে নতুন পেকেজিং গ্ৰহণ কৰিলে যিটো আছিল হালধীয়া ৰঙৰ কাগজৰ ৰেপাৰ, য’ত ব্ৰেণ্ড নাম আৰু কোম্পানীটোৰ ৰঙা ৰঙৰ ল’গোও আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক