--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছ কিছুদিন ধৰি চলিছিল চৰ্চা৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনে বিজেপিত যোগদান কৰিব৷ অৱশেষত সেয়াই সঁচা হ’ল৷ কালি কংগ্ৰেছ ত্যগ কৰাৰ  পিছত চৱনৰ বিজেপি গমনকলৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনে অৱশেষত মঙলবাৰে বিজেপিত  যোগদান কৰে। 

 তেওঁ মুম্বাইস্তিত বিজেপিৰ  দলীয় কাৰ্যালয়ত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ উপস্থিতিত বিজেপিত যোগদান কৰে৷ চৱনে বিজেপিত যোগদান কৰাৰ ফলত  মহাৰাষ্ট্ৰ কংগ্ৰেছ সংকটত পৰিছে। কংগ্ৰেছে মহাৰাষ্ট্ৰত ৰাজ্যসভাৰ আসন হেৰুওৱাৰ সম্ভাৱনাই দেখা দিছে৷

 আনহাতে অশোক চৱনে  কাইলৈ বিজেপিৰ হৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে বুলি বিশেষ  সূত্ৰই  প্ৰকাশ কৰিছে। উল্লেখ্য প্ৰভাৱশালী নেতা মিলিন্দ দেওৰা আৰু বাবা চিদ্দিকীয়ে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰিছে। এতিয়া  অশোক চৱনে কংগ্ৰেছৰ বাবে চিন্তাৰ উদ্ৰেক ঘটাইছে৷ কংগ্ৰেছৰ ১০-১২ জন বিধায়কেও চৱনৰ  সৈতে শিবিৰ সলনি কৰিব পাৰে বুলি কথা ওলাই আছে। 

শুনা গৈছে যে মহাৰাষ্ট্ৰত  আৰু পাঁচজন বিধায়কে শীঘ্ৰে  দল ত্যাগ কৰিব পাৰে। তেনে ক্ষেত্ৰত, কংগ্ৰেছে ৰাজ্যসভাৰ আসন হেৰুৱাব পাৰে। মহাৰাষ্ট্ৰত  যদি এটা দলৰ ৪১ গৰাকী বিধায়ক থাকে তেন্তে এজনক ৰাজ্যসভালৈ নিৰ্বাচিত কৰিব  পাৰে। কংগ্ৰেছত ৪৪ জন বিধায়ক আছিল। চৱন আৰু ৰাজকুমাৰে দল ত্যাগ কৰাৰ পিছত  কংগ্ৰেছৰ এতিয়া ৪২ জন বিধায়ক আছে। যদি পাঁচজন বিধায়কে  দল ত্যাগ কৰে তেন্তে বিধায়কৰ সংখ্যা ৩৭  লৈ হ্ৰাস  হ'ব। তেনে ক্ষেত্ৰত দলটোৱে ৰাজ্যসভাৰ আসন হেৰুৱাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু