--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছ কিছুদিন ধৰি চলিছিল চৰ্চা৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনে বিজেপিত যোগদান কৰিব৷ অৱশেষত সেয়াই সঁচা হ’ল৷ কালি কংগ্ৰেছ ত্যগ কৰাৰ  পিছত চৱনৰ বিজেপি গমনকলৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনে অৱশেষত মঙলবাৰে বিজেপিত  যোগদান কৰে। 

 তেওঁ মুম্বাইস্তিত বিজেপিৰ  দলীয় কাৰ্যালয়ত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ উপস্থিতিত বিজেপিত যোগদান কৰে৷ চৱনে বিজেপিত যোগদান কৰাৰ ফলত  মহাৰাষ্ট্ৰ কংগ্ৰেছ সংকটত পৰিছে। কংগ্ৰেছে মহাৰাষ্ট্ৰত ৰাজ্যসভাৰ আসন হেৰুওৱাৰ সম্ভাৱনাই দেখা দিছে৷

 আনহাতে অশোক চৱনে  কাইলৈ বিজেপিৰ হৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে বুলি বিশেষ  সূত্ৰই  প্ৰকাশ কৰিছে। উল্লেখ্য প্ৰভাৱশালী নেতা মিলিন্দ দেওৰা আৰু বাবা চিদ্দিকীয়ে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰিছে। এতিয়া  অশোক চৱনে কংগ্ৰেছৰ বাবে চিন্তাৰ উদ্ৰেক ঘটাইছে৷ কংগ্ৰেছৰ ১০-১২ জন বিধায়কেও চৱনৰ  সৈতে শিবিৰ সলনি কৰিব পাৰে বুলি কথা ওলাই আছে। 

শুনা গৈছে যে মহাৰাষ্ট্ৰত  আৰু পাঁচজন বিধায়কে শীঘ্ৰে  দল ত্যাগ কৰিব পাৰে। তেনে ক্ষেত্ৰত, কংগ্ৰেছে ৰাজ্যসভাৰ আসন হেৰুৱাব পাৰে। মহাৰাষ্ট্ৰত  যদি এটা দলৰ ৪১ গৰাকী বিধায়ক থাকে তেন্তে এজনক ৰাজ্যসভালৈ নিৰ্বাচিত কৰিব  পাৰে। কংগ্ৰেছত ৪৪ জন বিধায়ক আছিল। চৱন আৰু ৰাজকুমাৰে দল ত্যাগ কৰাৰ পিছত  কংগ্ৰেছৰ এতিয়া ৪২ জন বিধায়ক আছে। যদি পাঁচজন বিধায়কে  দল ত্যাগ কৰে তেন্তে বিধায়কৰ সংখ্যা ৩৭  লৈ হ্ৰাস  হ'ব। তেনে ক্ষেত্ৰত দলটোৱে ৰাজ্যসভাৰ আসন হেৰুৱাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ