--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্ত্ৰোপচাৰৰ দ্বাৰা শৰীৰৰ অতিৰিক্ত চৰ্বিৰ পৰা মুক্তি পাব বিচাৰিছিল। তেনে কৰাৰ সময়তে ব্ৰাজিলৰ পপ তাৰকা ডেনি লীৰ মৃত্যু হয়। এক বাতৰি অনুসৰি গায়িকাগৰাকীক পেট আৰু পিঠিৰ পৰা চৰ্বি আঁতৰাবলৈ ব্ৰাজিলৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অস্ত্ৰোপচাৰৰ সময়ত তেওঁৰ কিছু শাৰীৰিক জটিলতা হৈছিল। চিকিৎসকে চেষ্টা কৰিলেও ডেনিৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে।

নিয়মীয়া ব্যায়াম আৰু খাদ্য খোৱাৰ পিছতো আশানুৰূপ ফলাফল নাপালে বহুতে লিপ’ছাকচন কৰে। বহু নক্ষত্ৰই এই পদ্ধতি গ্ৰহণ কৰি এটা কটাৰী-কেঁচিৰে শৰীৰৰ মানচিত্ৰ সলনি কৰিছে। যদিও বেছিভাগ ক্ষেত্ৰতে সফল হয়, এই ধৰণৰ অস্ত্ৰোপচাৰে বিপদ কঢ়িয়াই আনে।

 ব্ৰাজিলৰ বিভিন্ন সংগীত প্ৰতিযোগিতাৰ সুপৰিচিত মুখ ডেনিৰ এগৰাকী কন্যাও আছে ছাল ছাটেক। ৫ বছৰ বয়সৰ পৰাই সংগীতৰ অনুশীলন আৰম্ভ কৰিছিল। দুমাহমান আগতে তেওঁৰ এটি নতুন গীত মুক্তি পাইছিল। ডেনিৰ মৃত্যুত বিধ্বস্ত হৈ পৰা ডেনিৰ স্বামীয়ে কয়, “এই অস্ত্ৰোপচাৰৰ লগত জড়িত জীৱন সংকটজনক বিপদৰ বিষয়ে মই যদি জানিলোহেঁতেন তেন্তে ডেনিক কেতিয়াও এই অস্ত্ৰোপচাৰ কৰিবলৈ নিদিলোহেঁতেন। পেট আৰু পিঠিৰ পিছত তাই ব্ৰেষ্ট লিপ’ছাকচনো কৰাৰ পৰিকল্পনা কৰিছিল।” এইটো সঁচা যে ডেনিৰ অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে মৃত্যু হয়। অৱশ্যে ডেনিৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ