--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্ত্ৰোপচাৰৰ দ্বাৰা শৰীৰৰ অতিৰিক্ত চৰ্বিৰ পৰা মুক্তি পাব বিচাৰিছিল। তেনে কৰাৰ সময়তে ব্ৰাজিলৰ পপ তাৰকা ডেনি লীৰ মৃত্যু হয়। এক বাতৰি অনুসৰি গায়িকাগৰাকীক পেট আৰু পিঠিৰ পৰা চৰ্বি আঁতৰাবলৈ ব্ৰাজিলৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অস্ত্ৰোপচাৰৰ সময়ত তেওঁৰ কিছু শাৰীৰিক জটিলতা হৈছিল। চিকিৎসকে চেষ্টা কৰিলেও ডেনিৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে।

নিয়মীয়া ব্যায়াম আৰু খাদ্য খোৱাৰ পিছতো আশানুৰূপ ফলাফল নাপালে বহুতে লিপ’ছাকচন কৰে। বহু নক্ষত্ৰই এই পদ্ধতি গ্ৰহণ কৰি এটা কটাৰী-কেঁচিৰে শৰীৰৰ মানচিত্ৰ সলনি কৰিছে। যদিও বেছিভাগ ক্ষেত্ৰতে সফল হয়, এই ধৰণৰ অস্ত্ৰোপচাৰে বিপদ কঢ়িয়াই আনে।

 ব্ৰাজিলৰ বিভিন্ন সংগীত প্ৰতিযোগিতাৰ সুপৰিচিত মুখ ডেনিৰ এগৰাকী কন্যাও আছে ছাল ছাটেক। ৫ বছৰ বয়সৰ পৰাই সংগীতৰ অনুশীলন আৰম্ভ কৰিছিল। দুমাহমান আগতে তেওঁৰ এটি নতুন গীত মুক্তি পাইছিল। ডেনিৰ মৃত্যুত বিধ্বস্ত হৈ পৰা ডেনিৰ স্বামীয়ে কয়, “এই অস্ত্ৰোপচাৰৰ লগত জড়িত জীৱন সংকটজনক বিপদৰ বিষয়ে মই যদি জানিলোহেঁতেন তেন্তে ডেনিক কেতিয়াও এই অস্ত্ৰোপচাৰ কৰিবলৈ নিদিলোহেঁতেন। পেট আৰু পিঠিৰ পিছত তাই ব্ৰেষ্ট লিপ’ছাকচনো কৰাৰ পৰিকল্পনা কৰিছিল।” এইটো সঁচা যে ডেনিৰ অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে মৃত্যু হয়। অৱশ্যে ডেনিৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক