--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া ভাষণকলৈ বিজেপিয়ে কৰি থকা সমালোচনাৰ অৱশেষত উত্তৰ দিলে  ৰাহুলে৷ৰাহুল গান্ধীয়ে স্পষ্টভাবে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে বিদেশলৈ গৈ দেশৰ বদনাম কৰি আহিছে। বিজেপিৰ আক্ৰমণৰ পিছতে  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। 

গেৰুৱা শিবিৰে ৱায়ানাডৰ কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে  দেশৰ ভাবমূৰ্তি নিৰন্তৰ কলুষিত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় যে স্বাধীনতাৰ পিছত ইমান বছৰে সমগ্ৰ দেশতে সংঘটিত হোৱা উন্নয়নক অস্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে দেশক অপমান কৰি আহিছে।ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েশ্যন (আইজেএ)ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভাষণ দি গান্ধীয়ে কয় যে তেওঁ কেতিয়াও বিদেশৰ মাটিত দেশৰ বদনাম কৰা নাই। এয়া তেওঁ কেতিয়াও নকৰে। 

প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, "মোৰ যিমান দূৰ মনত আছে, প্ৰধানমন্ত্ৰীয়ে বিদেশলৈ গৈ  আৰু বাৰে বাৰে দাবী কৰি আহিছে যে স্বাধীনতাৰ ৬০-৭০ বছৰৰ পাছতো দেশত একো হোৱা নাই। তেওঁ এইবুলিও  মন্তব্য কৰিছিল যে উন্নয়ন নকৰি যথেষ্ট সময় অপচয় কৰা হৈছে। ৰাহুলে কয় "সঁচা কথাটো হ'ল এয়াই যে প্ৰধানমন্ত্ৰীয়ে বিদেশলৈ গৈ দেশক বদনাম কৰিছে। ''

উল্লেখ্য শেহতীয়াকৈ কেন্দ্ৰীয় আইন  মন্ত্ৰী কিৰেণ ৰিজিজুৱেও ৰাহুল গান্ধীয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া ভাষণৰ বিৰোধিতা কৰি ৰাহুলে বিদেশত ভাৰতৰ বদমান কৰা বুলি কৈছে৷ ৰিজিজুৱে কয় যে ন্যায়াধীশসকলৰ জ্ঞান ৰাজহুৱা পৰীক্ষাৰ বিষয়ৰ  বাহিৰত। তেওঁ কয়, "ভাৰতীয় ন্যায়পালিকাক প্ৰশ্ন কৰিব নোৱাৰি, বিশেষকৈ ন্যায়াধীশসকলৰ জ্ঞানক ৰাজহুৱা ভাবে পৰীক্ষাত কৰিব নোৱাৰি।"

ৰিজিজুৱে কয় "দেশৰ ভিতৰৰ আৰু বাহিৰৰ পৰা  উদ্দেশ্যপ্ৰণোদিতভাবে বিশ্বক জনোৱা হৈছে যে ভাৰতীয় ন্যায়পালিকা সংকটৰ মাজত আছে। বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে ভাৰতীয় গণতন্ত্ৰ এতিয়া সংকটত । এয়া বিশেষ ব্যক্তি আৰু গোষ্ঠীৰ  দ্বাৰা দেশৰ ভাবমূৰ্তি কলুষিত কৰাৰ এক ইচ্ছাকৃত অপচেষ্টা"। অসৎ উদ্দেশ্যৰে আৰম্ভ কৰা কোনো অভিযানে ভাৰত আৰু ইয়াৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানক  বদনাম কৰাত সফল হ'ব নোৱাৰে বুলিও  ৰিজিজুৱে কয়।'আমেৰিকা যুক্তৰাষ্ট্ৰই আটাইতকৈ পুৰণি গণতন্ত্ৰ বুলি দাবী কৰিব পাৰে, কিন্তু ভাৰত সঁচাকৈয়ে "গণতন্ত্ৰৰ মাতৃ", ৰিজিজুৱে কৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক