--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া ভাষণকলৈ বিজেপিয়ে কৰি থকা সমালোচনাৰ অৱশেষত উত্তৰ দিলে  ৰাহুলে৷ৰাহুল গান্ধীয়ে স্পষ্টভাবে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে বিদেশলৈ গৈ দেশৰ বদনাম কৰি আহিছে। বিজেপিৰ আক্ৰমণৰ পিছতে  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। 

গেৰুৱা শিবিৰে ৱায়ানাডৰ কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে  দেশৰ ভাবমূৰ্তি নিৰন্তৰ কলুষিত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় যে স্বাধীনতাৰ পিছত ইমান বছৰে সমগ্ৰ দেশতে সংঘটিত হোৱা উন্নয়নক অস্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে দেশক অপমান কৰি আহিছে।ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েশ্যন (আইজেএ)ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভাষণ দি গান্ধীয়ে কয় যে তেওঁ কেতিয়াও বিদেশৰ মাটিত দেশৰ বদনাম কৰা নাই। এয়া তেওঁ কেতিয়াও নকৰে। 

প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, "মোৰ যিমান দূৰ মনত আছে, প্ৰধানমন্ত্ৰীয়ে বিদেশলৈ গৈ  আৰু বাৰে বাৰে দাবী কৰি আহিছে যে স্বাধীনতাৰ ৬০-৭০ বছৰৰ পাছতো দেশত একো হোৱা নাই। তেওঁ এইবুলিও  মন্তব্য কৰিছিল যে উন্নয়ন নকৰি যথেষ্ট সময় অপচয় কৰা হৈছে। ৰাহুলে কয় "সঁচা কথাটো হ'ল এয়াই যে প্ৰধানমন্ত্ৰীয়ে বিদেশলৈ গৈ দেশক বদনাম কৰিছে। ''

উল্লেখ্য শেহতীয়াকৈ কেন্দ্ৰীয় আইন  মন্ত্ৰী কিৰেণ ৰিজিজুৱেও ৰাহুল গান্ধীয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া ভাষণৰ বিৰোধিতা কৰি ৰাহুলে বিদেশত ভাৰতৰ বদমান কৰা বুলি কৈছে৷ ৰিজিজুৱে কয় যে ন্যায়াধীশসকলৰ জ্ঞান ৰাজহুৱা পৰীক্ষাৰ বিষয়ৰ  বাহিৰত। তেওঁ কয়, "ভাৰতীয় ন্যায়পালিকাক প্ৰশ্ন কৰিব নোৱাৰি, বিশেষকৈ ন্যায়াধীশসকলৰ জ্ঞানক ৰাজহুৱা ভাবে পৰীক্ষাত কৰিব নোৱাৰি।"

ৰিজিজুৱে কয় "দেশৰ ভিতৰৰ আৰু বাহিৰৰ পৰা  উদ্দেশ্যপ্ৰণোদিতভাবে বিশ্বক জনোৱা হৈছে যে ভাৰতীয় ন্যায়পালিকা সংকটৰ মাজত আছে। বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে ভাৰতীয় গণতন্ত্ৰ এতিয়া সংকটত । এয়া বিশেষ ব্যক্তি আৰু গোষ্ঠীৰ  দ্বাৰা দেশৰ ভাবমূৰ্তি কলুষিত কৰাৰ এক ইচ্ছাকৃত অপচেষ্টা"। অসৎ উদ্দেশ্যৰে আৰম্ভ কৰা কোনো অভিযানে ভাৰত আৰু ইয়াৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানক  বদনাম কৰাত সফল হ'ব নোৱাৰে বুলিও  ৰিজিজুৱে কয়।'আমেৰিকা যুক্তৰাষ্ট্ৰই আটাইতকৈ পুৰণি গণতন্ত্ৰ বুলি দাবী কৰিব পাৰে, কিন্তু ভাৰত সঁচাকৈয়ে "গণতন্ত্ৰৰ মাতৃ", ৰিজিজুৱে কৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু