--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন বিজেপিশাসিত ৰাজ্য৷ ৰাজ্যখনৰ জনসাধাৰণৰ বাবে চৰকাৰখনে সন্মুখত তুলি ধৰা হিতাধিকাৰী আঁচনিসমূহ ৰূপায়ণৰ নামত চলিছিল কি? সত্য লুকাই নাথাকিল৷ আঁচনি ৰূপায়ণৰ নামত চলিছিল কেলেংকাৰী৷ নিৰ্বাচন ওচৰ চপাৰ লগে লগে পোহৰলৈ আহিছে কেলেংকাৰীৰ ক’লা অধ্যায়৷ 

ৰাজ্যখন মধ্য প্ৰদেশ৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান৷ এতিয়া নিৰ্বাচন দুৱাৰডলিত৷ এতিয়া নিৰ্বাচনেই সেই সুযোগ তুলি ধৰিছে জনতাৰ সন্মুখত৷ গণতন্ত্ৰৰ সৌন্দৰ্য নিৰ্বাচন৷ সমাগত নিৰ্বাচনতেই জনতাৰ আদালতত জবাবদিহি হ’ব লাগিব কেলেংকাৰীৰ অভিযোগ উঠা মধ্য প্ৰদেশৰ চৰকাৰখনো৷ 

কংগ্ৰেছে অভিযোগ কৰিছে যে মধ্যপ্ৰদেশত সংঘটিত হৈছে ৭,৩০০ কোটি টকাৰ বৃহৎ কেলেংকাৰী৷ ২,০০০ কোটি টকাৰ ব্যাপম কেলেংকাৰী সংঘটিত হৈছে ৰাজ্যখনত৷ ২,৫০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে পেৰা মেডিকেল ছাত্ৰবৃত্তি কেলেংকাৰী৷ নাৰ্চিং কেলেংকাৰী সংঘটিত হৈছে ২,০০০ কোটি টকাৰ কেলেংকাৰী৷ একেদৰে, ৮০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে ‘পাটোৱাৰী ভৰ্তি’ত৷ এই অভিযোগক লৈ উত্তাল হৈছে এতিয়া মধ্য প্ৰদেশৰ ৰাজনীতি৷

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰক ‘২২৫ মাহৰ শাসনকালত ২৫০তকৈও অধিক কেলেংকাৰীত জড়িত’ বুলি অভিযোগ কৰে। ৰাজ্যৰ ৰাজধানী ভূপালৰ পৰা ৪০০ কিলোমিটাৰ পূবত জনজাতীয় অধ্যুষিত মাণ্ডলা জিলাত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ চৰকাৰক জনজাতীয় লোকসকলৰ বাবে নিৰ্ধাৰিত প্ৰতিটো আঁচনিত দুৰ্নীতিত জড়িত থকাৰ অভিযোগ তোলে।

তেওঁ কয়, জনজাতীয় লোকসকলক জোতা আৰু ছাতি দিয়া বন্ধ কৰক আৰু তেওঁলোকক তেওঁলোকৰ অধিকাৰ দিয়ক, যাৰ ভিতৰত আছে ‘টেণ্ডু’ পাত সংগ্ৰহৰ ওপৰত বোনাচ, যিটো প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গ্ৰহণ কৰা পদক্ষেপত আৰম্ভ কৰা হৈছিল।

মা নৰ্মদা আৰু ভগৱান শিৱক অভিবাদন জনাই ভাষণ আৰম্ভ কৰি তেওঁ অভিযোগ কৰে, প্ৰায় ১.৫ লাখ ছোৱালী আৰু মহিলা সন্ধানহীন হৈ আছে। দৈনিক ১৭টাকৈ ধৰ্ষণ হয় মধ্য প্ৰদেশত, জনজাতীয় লোকসকলৰ ওপৰত হোৱা অত্যাচাৰত মধ্য প্ৰদেশ ১ নম্বৰ। এমজি-এনৰেগাৰ দৰে জনজাতীয় আৰু দলিতসকলৰ বাবে নিৰ্ধাৰিত আঁচনিসমূহ বন্ধ কৰা হৈছে। পুষ্টিকৰ খাদ্য, বৃত্তি, নিযুক্তি পৰীক্ষা আদিত কেলেংকাৰী সংঘটিত হৈছে। কেৱল ইয়াত কমিছনৰ বাবেহে জনজাতীয় লোকসকলৰ মাজত জোতা বিতৰণ কৰা হৈছে। বিদ্ৰূপাত্মকভাৱে, ইয়াৰ লোকসকলে প্ৰতিবাদ কৰাৰ সময়ত গুলীৰ সন্মুখীন হয়।

কংগ্ৰেছশাসিত ছত্তীশগড় আৰু ৰাজস্থানৰ চৰকাৰৰ আঁচনিসমূহৰ কথা বাৰে বাৰে উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে টেণ্ডু পাত সংগ্ৰহৰ ক্ষেত্ৰত জনজাতীয় লোকসকলক ৪,০০০ টকাকৈ দিয়া হ’ব।

উল্লেখযোগ্য যে মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, মিজোৰাম আৰু তেলেংগানা নৱেম্বৰত বিধানসভা নিৰ্বাচনৰ দিশে আগবাঢ়িছে আৰু ফলাফল ৩ ডিচেম্বৰত ঘোষণা কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু