--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স’ (I.N.D.I.A.)ত অন্তৰ্ভুক্ত দলসমূহে প্ৰধান ছ’চিয়েল মিডিয়া কোম্পানী মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ আৰু গুগলৰ চিইঅ’ সুন্দৰ পিচাইলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত সাম্প্ৰদায়িক ঘৃণাৰ প্ৰসাৰৰ ক্ষেত্ৰত ফেচবুক আৰু গুগলৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ কথিত ভূমিকাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আগন্তুক নির্বাচনত সামাজিক মাধ্যমসমূহে নিজৰ নিৰপেক্ষতা প্রদর্শন কৰিব লাগে বুলিও কোৱা হৈছে৷

আচলতে শেহতীয়াকৈ আমেৰিকাৰ বাতৰি কাকত ৱাশ্বিংটন পোষ্টত এটা প্ৰতিবেদন প্ৰকাশ পাইছিল। ইয়াত কোৱা হৈছে যে ফেচবুক, হোৱাটছএপ, ইউটিউব আদি প্লেটফৰ্মসমূহে শাসকীয় বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ফালে ঢাল খাইছে বুলি অভিযোগ উঠিছে। ফেচবুক আৰু হোৱাটছএপ মেটাৰ মালিকানাধীন আৰু ইউটিউব গুগলৰ মালিকানাধীন। ইয়াৰ পাছতে ইণ্ডিয়া এলায়েন্সৰ লগত জড়িত দলসমূহে দুয়োটা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ চিইঅ’লৈ চিঠি লিখিছে।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে-এ জুকাৰবাৰ্গলৈ লিখা চিঠিখন ফেচবুকত শ্বেয়াৰ কৰিছে। ইয়াত কোৱা হৈছে, ‘ভাৰতীয় দলসমূহে ৱাশ্বিংটন পোষ্টৰ বিশদ তদন্তৰ উদ্ধৃতি দি ফেচবুকৰ চিইঅ’ মাৰ্ক জুবাৰবাৰ্গলৈ এখন পত্ৰ লিখিছে। ইয়াত ব্যাখ্যা কৰা হৈছে যে ভাৰতত সামাজিক বিসংগতিৰ প্ৰসাৰ আৰু সাম্প্ৰদায়িক ঘৃণাৰ উচটনি দিয়াৰ বাবে মেটা কেনেদৰে দোষী।

খৰ্গে-এ এক্সত সুন্দৰ পিচাইলৈ লিখা চিঠিখনো শ্বেয়াৰ কৰিছে। ইয়াত কোৱা হৈছে, ‘ইণ্ডিয়া এলায়েন্সৰ দলসমূহেও ৱাশ্বিংটন পোষ্টৰ তদন্তৰ ভিত্তিত গুগলৰ চিইঅ’ সুন্দৰ পিচাইলৈ এখন পত্ৰ লিখিছে। ইয়াত তেওঁলোকক কোৱা হৈছে যে কেনেকৈ আলফাবেট আৰু বিশেষকৈ ইউটিউবে ভাৰতত সামাজিক বিসংগতিৰ কাৰকসমূহ প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত সাম্প্ৰদায়িক ঘৃণা জগাই তুলিছে।

জুকাৰবাৰ্গলৈ লিখা এখন পত্ৰত বিৰোধী দলসমূহে কয় যে ইণ্ডিয়া ভাৰতৰ ২৮টা ৰাজনৈতিক দলৰ মিত্ৰজোঁট। তেওঁলোকৰ চৰকাৰ ১১খন ৰাজ্যত। সামগ্ৰিকভাৱে মিত্ৰজোঁট ভাৰতৰ আধা ভোটাৰক প্ৰতিনিধিত্ব কৰে।উল্লেখ্য যে বিজেপি সমৰ্থকৰ জৰিয়তে হোৱাটছএপ গ্ৰুপত কেনেদৰে ঘৃণামূলক বিষয়বস্তু প্ৰচাৰ হৈছে সেই কথাও ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰিছে।

একে সময়তে পিচাইলৈ লিখা চিঠিখনত কোৱা হৈছে যে বৰ্তমানৰ তথ্যই ইংগিত দিয়ে যে গুগলৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইউটিউবে বিৰোধী নেতাৰ বিষয়বস্তু ৰাইজৰ মাজলৈ যোৱাত বাধা দিছে। ফেচবুকে চৰকাৰৰ বিষয়বস্তু প্ৰচাৰ কৰি আছে।সেয়েহে বিৰোধী দলসমূহে আগন্তুক নিৰ্বাচনত নিৰপেক্ষতা নিশ্চিত কৰিবলৈ দাবী জনায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু