--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহুতেই যাত্ৰা কৰিবৰ বাবে উবাৰৰ আশ্ৰয় লয়। নিজৰ বাহন বা ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ উপৰিও যাতায়ত কৰিবলৈও মানুহে ওলা আৰু উবাৰ ব্যৱহাৰ কৰে। উবাৰ এপৰ জৰিয়তে বাইকো বুক কৰি যাত্ৰা কৰিব পাৰি। উবাৰত যাত্ৰা কৰাৰ পাছত আপুনি যদি কোটি টকাৰ বিল দেখা পায় আপোনাৰ বাৰু কেনে লাগিব? বেহুঁচ হৈ নপৰিবনে?

এজন যুৱকে উবাৰ বুক কৰাৰ বিল দেখাইছিল ৬২ টকা। যেতিয়া যুৱকজনে গন্তব্যস্থল গৈ পালে তেতিয়া তেওঁ দেখিলে যে  ৭ কোটি ৬৬ লাখ ৮৩ হাজাৰ ৭৬২ টকাৰ বিল আহিছে। 

এই অদ্ভুত ঘটনা সংঘটিত হৈছে দীপক টেংগুৰিয়া নামৰ এজন যুৱকৰ লগত। নয়ডাৰ বাসিন্দা যুৱকজনে কাৰ্যালয়লৈ যাবলৈ উবাৰ এপৰ পৰা অটো বুকিং কৰিছিল, য’ত ৬২ টকা ভাড়া দেখুৱাইছিল। 

কিন্তু নিৰ্দিষ্ট গন্তব্যস্থান পোৱাৰ পিছত যেতিয়া তেওঁ পেমেণ্ট কৰিবলৈ লৈছিল, তেতিয়া তেওঁ দেখিলে যে ভাড়া ৬২ টকা নহয়, এপটোত ভাড়া দেখুওৱা হৈছে ৭,৬৬,৮৩,৭৬২ কোটি টকা। 

এই বিল দেখি যুৱকজন স্তম্ভিত হৈ পৰে। দীপক আৰু তেওঁৰ বন্ধু আশীষ মিশ্ৰই এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টোত আশীষে দীপকক বিলখন দেখুৱাবলৈ কয়। দীপকে মোবাইলত দেখুৱালে যে ৭ কোটি ৬৬ লাখ ৮৩ হাজাৰ ৭৬২ টকীয়া বিল আহিছে।

এই পোষ্টটো ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ আছে। ইয়াৰে ৫ কোটি ৯৯ লাখ ৯ হাজাৰ ১৮৯ টকা ৱেটিং চাৰ্জৰ বাবে আৰু ৭৫ টকা প্ৰমোচন খৰচৰ বাবে লোৱা হৈছে। ইফালে আমোদজনক কথাটো হ’ল যে যাত্ৰী দীপক টেংগুৰিয়াৰ বাবে উবেৰৰ অটো চালকজনে ১ মিনিটো অপেক্ষা কৰিব লগা হোৱা নাছিল। গতিকে ৱেটিং চাৰ্জ লগাৰ কোনো প্ৰশ্নই নুঠে। বহু ব্যৱহাৰকাৰীয়ে ৱেটিং চাৰ্জ দেখি আচৰিত হৈ পৰে যিটোৰ বিল আহিছিল ৫ কোটি ৯৯ লাখ টকা ৯ হাজাৰ ১৮৯ টকা। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে উবেৰৰ লগত প্ৰায়ে এনেকুৱা হয় যে বুকিং কৰাৰ সময়ত টকাৰ পৰিমাণ বেলেগ এটা দেখুৱায় আৰু যাত্ৰা শেষ হোৱাৰ পাছত বেলেগ কিবা এটা টকাৰ পৰিমাণ দেখায়। 

উবেৰেও এই পোষ্টটোৰ উত্তৰ দিছে। উবেৰে লিখিছে- আপুনি সন্মুখীন হোৱা বিপদৰ বাবে আমি দুখী। অনুগ্ৰহ কৰি আমাক কিছু সময় দিয়ক যাতে আমি এই বিষয়টো বিতংভাৱে চাব পাৰো। আমি আপোনাৰ লগত অতি সোনকালে এটা আপডেট লৈ যোগাযোগ কৰিম।

বহুতে ৰগৰ কৰি কয় যে চন্দ্ৰলৈ যাবলৈ চন্দ্ৰযান বুক কৰিলেও হয়তো ইমান খৰচ নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু