--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহুতেই যাত্ৰা কৰিবৰ বাবে উবাৰৰ আশ্ৰয় লয়। নিজৰ বাহন বা ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ উপৰিও যাতায়ত কৰিবলৈও মানুহে ওলা আৰু উবাৰ ব্যৱহাৰ কৰে। উবাৰ এপৰ জৰিয়তে বাইকো বুক কৰি যাত্ৰা কৰিব পাৰি। উবাৰত যাত্ৰা কৰাৰ পাছত আপুনি যদি কোটি টকাৰ বিল দেখা পায় আপোনাৰ বাৰু কেনে লাগিব? বেহুঁচ হৈ নপৰিবনে?

এজন যুৱকে উবাৰ বুক কৰাৰ বিল দেখাইছিল ৬২ টকা। যেতিয়া যুৱকজনে গন্তব্যস্থল গৈ পালে তেতিয়া তেওঁ দেখিলে যে  ৭ কোটি ৬৬ লাখ ৮৩ হাজাৰ ৭৬২ টকাৰ বিল আহিছে। 

এই অদ্ভুত ঘটনা সংঘটিত হৈছে দীপক টেংগুৰিয়া নামৰ এজন যুৱকৰ লগত। নয়ডাৰ বাসিন্দা যুৱকজনে কাৰ্যালয়লৈ যাবলৈ উবাৰ এপৰ পৰা অটো বুকিং কৰিছিল, য’ত ৬২ টকা ভাড়া দেখুৱাইছিল। 

কিন্তু নিৰ্দিষ্ট গন্তব্যস্থান পোৱাৰ পিছত যেতিয়া তেওঁ পেমেণ্ট কৰিবলৈ লৈছিল, তেতিয়া তেওঁ দেখিলে যে ভাড়া ৬২ টকা নহয়, এপটোত ভাড়া দেখুওৱা হৈছে ৭,৬৬,৮৩,৭৬২ কোটি টকা। 

এই বিল দেখি যুৱকজন স্তম্ভিত হৈ পৰে। দীপক আৰু তেওঁৰ বন্ধু আশীষ মিশ্ৰই এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টোত আশীষে দীপকক বিলখন দেখুৱাবলৈ কয়। দীপকে মোবাইলত দেখুৱালে যে ৭ কোটি ৬৬ লাখ ৮৩ হাজাৰ ৭৬২ টকীয়া বিল আহিছে।

এই পোষ্টটো ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ আছে। ইয়াৰে ৫ কোটি ৯৯ লাখ ৯ হাজাৰ ১৮৯ টকা ৱেটিং চাৰ্জৰ বাবে আৰু ৭৫ টকা প্ৰমোচন খৰচৰ বাবে লোৱা হৈছে। ইফালে আমোদজনক কথাটো হ’ল যে যাত্ৰী দীপক টেংগুৰিয়াৰ বাবে উবেৰৰ অটো চালকজনে ১ মিনিটো অপেক্ষা কৰিব লগা হোৱা নাছিল। গতিকে ৱেটিং চাৰ্জ লগাৰ কোনো প্ৰশ্নই নুঠে। বহু ব্যৱহাৰকাৰীয়ে ৱেটিং চাৰ্জ দেখি আচৰিত হৈ পৰে যিটোৰ বিল আহিছিল ৫ কোটি ৯৯ লাখ টকা ৯ হাজাৰ ১৮৯ টকা। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে উবেৰৰ লগত প্ৰায়ে এনেকুৱা হয় যে বুকিং কৰাৰ সময়ত টকাৰ পৰিমাণ বেলেগ এটা দেখুৱায় আৰু যাত্ৰা শেষ হোৱাৰ পাছত বেলেগ কিবা এটা টকাৰ পৰিমাণ দেখায়। 

উবেৰেও এই পোষ্টটোৰ উত্তৰ দিছে। উবেৰে লিখিছে- আপুনি সন্মুখীন হোৱা বিপদৰ বাবে আমি দুখী। অনুগ্ৰহ কৰি আমাক কিছু সময় দিয়ক যাতে আমি এই বিষয়টো বিতংভাৱে চাব পাৰো। আমি আপোনাৰ লগত অতি সোনকালে এটা আপডেট লৈ যোগাযোগ কৰিম।

বহুতে ৰগৰ কৰি কয় যে চন্দ্ৰলৈ যাবলৈ চন্দ্ৰযান বুক কৰিলেও হয়তো ইমান খৰচ নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement