--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘... এইখন দেশ মোৰ তেনেই আপোন/ নিতে নিতে আনে নতুন সপোন/ আমাৰ গাঁৱৰে সৰু জুৰিটিত তৰাই ধেমালি কৰে…৷’  কথাংশ আপোনাৰো তেনেই চিনাকি৷ এটি চিৰসেউজ অসমীয়া গীতৰ কথাংশ এয়া৷ ‘জোনাকৰে ৰাতি অসমীৰে মাটি’- সাতটা দশকৰ পাছতো আজিও অসমৰ আকাশে-বতাহে অনুৰণিত সেই কালজয়ী গীতৰ সুৰীয়া আৱাহন৷

বিশ্ববিশ্ৰুত শিল্পী লতা মংগেশকাৰৰ কণ্ঠ-নিগৰিত সেই মায়াময় মাতৰ মমতাই অসমীয়া শ্ৰোতাক আজিও বিস্ময়বিমুগ্ধ কৰি ৰাখিছে৷ অসমৰ সৈতে, অসমীয়াৰ সৈতে তথা চিৰপ্ৰবহমান বৰলুইতৰ সৈতে লতাজীৰ সম্পৰ্কৰ মাজৰ সূতাডাল আছিল ড° ভূপেন হাজৰিকা৷

ভূপেন হাজৰিকাৰ বাবেই অসমৰ ওচৰ চাপি আহিছিল লতা মংগেশকাৰ৷ আৰু গীত গাইছিল অসমীয়া ভাষাত৷ আৰু লতা মংগেশকাৰে গোৱা প্ৰথমটো অসমীয়া গীতেই আছিল এইটো৷ সুধাকণ্ঠৰ সৈতেও লতা মংগেশকাৰৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। সুধাকণ্ঠক ‘দাদা’ বুলি সম্বোধন কৰিছিল লতাজীয়ে৷ মংগেশকাৰে৷

কেইবাখনো অসমীয়া ছবিত গীত গাইছিল লতা মংগেশকাৰে। ফণী তালুকদাৰে ৰচনা কৰা ‘আকাশ অ’ আকাশ মোক জোনাকী এমুঠি দিয়া‘ গীতটো গাইছিল লতা মংগেশকাৰে। ‘অপৰাজেয়’ (১৯৭০) ছবিখনত এই গীতটো গাইছিল লতা মংগেশকাৰে। 

একেদৰে ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা ‘এৰা বাটৰ সুৰ’ ছবিখনত ১৯৫৬ চনতেই লতা মংগেশকাৰে গাইছিল এটি চিৰনতুন গীত। সেই গীতটো আছিল ‘জোনাকৰে ৰাতি, অসমীৰে মাটি, জিলিকি জিলিকি পৰে…’। এই গীতটিৰ কথা, সুৰ আৰু সংগীত আছিল ড° ভূপেন হাজৰিকাৰ। ‘এৰা বাটৰ সুৰ’ৰ সংগীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল ভূপেন হাজৰিকাই। 

উল্লেখনীয় যে এই চিনেমাখনত বাংলা আৰু হিন্দী চিনেমাৰ লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী আৰু সন্ধ্যা মুখাৰ্জীয়ে কণ্ঠ নিগৰাইছিল। ‘এৰা বাটৰ সুৰ’ এখন থলুৱা গীত-মাতেৰে পৰিপূৰ্ণ সংগীতপ্ৰধান চিনেমা আছিল। এই চিনেমাখনত আনকি বৰগীতৰ প্ৰখ্যাত শিল্পী বৰপেটা সত্ৰৰ কেৱলীয়া ভকত নৰহৰি বুঢ়াভকতৰ বৰগীত পৰিৱেশনে চিনেমাখনক অনন্য মাত্ৰা প্ৰদান কৰিছিল৷

ভূপেন হাজৰিকা পৰিচালিত আৰু বি পি ফিল্মছ প্ৰযোজিত ক'লা-বগা অসমীয়া চিনেমা ‘এৰা বাটৰ সুৰ’এ মুক্তি পাইছিল ১৯৫৬ৰ ৩০ নৱেম্বৰত৷ এইখন আছিল ড॰ ভূপেন হাজৰিকা পৰিচালিত প্ৰথমখন চিনেমা৷

কিন্তু কি পৰিস্থিতিত এই চিনেমাখনত ‘জোনাকৰে ৰাতি’ গীতটোত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে৷ গীতটোৰ বাণীবন্ধন হৈছিল তেতিয়াৰ কলিকতা চহৰত৷ পোনতে গীতটোৰ বাবে ভূপেন হাজৰিকাই নিৰ্বাচন কৰিছিল তেওঁৰ ভগ্নী তথা প্ৰখ্যাত কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাক৷ সুদক্ষিণা শৰ্মাই গীতটোত কণ্ঠদান কৰাৰ কথা আছিল৷ আৰু সম্পূৰ্ণ হৈছিল সকলো প্ৰস্তুতিও৷ 

কিন্তু, বাণীবন্ধনৰ সময়ত তীৰকঁপে জ্বৰত ভুগিছিল সুদক্ষিণা শৰ্মা৷ তেওঁৰ স্বাস্থ্যই তেওঁক কলকাতালৈ যাবলৈ অনুমতি দিয়া নাছিল৷ আৰু তেনেসময়ত ভূপেন হাজৰিকাই ৰৈ থকা নাছিল৷ তেওঁ মুম্বাইৰ পৰা লৈ আনিছিল লতা মংগেশকাৰক৷ লতাজী কলকাতা পাইছিলহি৷ আৰু ভূপেন দাৰ অমৰ সৃষ্টি ‘জোনাকৰে ৰাতি’ত কণ্ঠ নিগৰাইছিল তেওঁ৷ 

তাৰ পাছৰখিনি ইতিহাস৷ সেই গীতটোৱেই জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰাইছিল চিনেমাখনক৷ একেসময়তে লতাজীয়ে অসমীয়া ভাষাত গীত গোৱা কথাটোৱে মন-প্ৰাণ শিহৰিত কৰিছিল প্ৰতিগৰাকী অসমীয়াৰ৷ 

আৰু তেনেদৰেই যুগ যুগলৈ এটি অনিন্দ্যসুন্দৰ গীত হৈ থাকি গ’ল সেই গীতটি৷ পৰৱৰ্তী সময়ত সুদক্ষিণা শৰ্মাই সেইসময়ৰ কথাখিনি বহুবাৰ বহুঠাইত উল্লেখ কৰিছে৷ 

শেহতীয়াকৈ গুৱাহাটীত নেমকেয়াৰ হাস্পতালে অনুষ্ঠিত কৰা ‘স্মৃতিৰ এখিলা পাত’ শীৰ্ষক এক অনুষ্ঠানতো সুদক্ষিণা শৰ্মাই সেই গীতটো বাণীবন্ধনৰ সময়ছোৱাৰ কথা কৈ গৈছে৷ স্থানান্তৰত সুদক্ষিণা শৰ্মাই বহুবাৰ কৈছে যে তেওঁৰ সিদিনা জ্বৰ হ’বলগাই আছিল৷ সময়েই বিচাৰিছিল গীতটো লতাজীয়ে গোৱাটো৷ আৰু সেইবাবেই এটা কালজয়ী গীত উপহাৰ পালে অসমীয়াই৷ 

আৰু তাৰ পাছত সময় বাগৰিল৷ দশকৰ পাছত দশকজুৰি আজিও সেই গীত গুণগুণাই অসমীয়াই৷ স্মৃতি আৰু আৱেগৰ ডঁৰিয়লিত আজিও ৰিণি ৰিণি ভাঁহি আহে সেই সুৰ৷ সেই এৰা বাটৰ সুৰ...

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement