--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৮৭ চনত মু্ক্তি লাভ কৰা বলিউডৰ এখন জনপ্ৰিয় ছৱি আছিল ‘ডাকাইত’৷ অত্যাচাৰী জমিদাৰ আৰু এজন ভুক্তভোগী যুৱকৰ কাহিনীৰে নিৰ্মিত ছৱিখনত অভিনয় কৰিছিল চানি দেউল আৰু মীনাক্ষী শেষাদ্ৰীয়ে৷ পৰিচালনা কৰিছিল ৰাহুল ৰাৱালে৷

চিনেমাখনৰ সন্দৰ্ভত শেহতীয়াকৈ অভিনেত্ৰী মীনাক্ষীয়ে মধুৰ স্মৃতি সোঁৱৰণ কৰিছে৷ ছৱিখনত চানি দেউলৰ স’তে গঢ়ি উঠা অন্তৰংগতাৰ সম্পৰ্কে তেওঁ বিশেষভাৱে উল্লেখ কৰিছে৷

মীনাক্ষীয়ে জনায় যে ছৱিখনৰ পৰা এটা চুম্বনৰ দৃশ্য বাদ দিয়া গৈছিল৷ কয় যে চানি দেউল আৰু তেওঁৰ মাজত এটা চুম্বনৰ দৃশ্য আছিল৷ চানি দেউলে পেছাদাৰী অভিনয়সুলভতাৰে মীনাক্ষীক চেনেহৰ পৰশ দিছিল৷ কিন্তু মীনাক্ষীৰ ভীষণ অস্বস্তিৰ অনুভৱ হৈছিল৷

‘‘চানিয়ে চুমা খাই থাকোতে মই অস্বস্তী পাইছিলো৷ হয়তো সেইবাবে ই অত্যন্ত বাস্তৱিক হৈ পৰিছিল৷ পাছত দৃশ্যটোৰ বাবে চেঞ্চৰে অনুমতি নিদিলে৷ ছৱিৰ মুক্তিৰ পূৰ্বে সেই দৃশ্য বাদ দিয়া হয়৷’’- মীনাক্ষীয়ে কয়৷

উল্লেখ্য যে ১৯৮৩ চনত ‘পেণ্টাৰ বাবু’ নামৰ ছৱিৰ জৰিয়তে বলিউডত ভৰি থৈছিল মীনাক্ষী৷ তাৰপাছত হিৰো, শ্বাহেনশ্বা, ঘায়ল আদি বহুকেইখন ছৱিত তেওঁ অভিনয়ৰ যোগেৰে জনপ্ৰিয়তা লাভ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক