--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৮৭ চনত মু্ক্তি লাভ কৰা বলিউডৰ এখন জনপ্ৰিয় ছৱি আছিল ‘ডাকাইত’৷ অত্যাচাৰী জমিদাৰ আৰু এজন ভুক্তভোগী যুৱকৰ কাহিনীৰে নিৰ্মিত ছৱিখনত অভিনয় কৰিছিল চানি দেউল আৰু মীনাক্ষী শেষাদ্ৰীয়ে৷ পৰিচালনা কৰিছিল ৰাহুল ৰাৱালে৷

চিনেমাখনৰ সন্দৰ্ভত শেহতীয়াকৈ অভিনেত্ৰী মীনাক্ষীয়ে মধুৰ স্মৃতি সোঁৱৰণ কৰিছে৷ ছৱিখনত চানি দেউলৰ স’তে গঢ়ি উঠা অন্তৰংগতাৰ সম্পৰ্কে তেওঁ বিশেষভাৱে উল্লেখ কৰিছে৷

মীনাক্ষীয়ে জনায় যে ছৱিখনৰ পৰা এটা চুম্বনৰ দৃশ্য বাদ দিয়া গৈছিল৷ কয় যে চানি দেউল আৰু তেওঁৰ মাজত এটা চুম্বনৰ দৃশ্য আছিল৷ চানি দেউলে পেছাদাৰী অভিনয়সুলভতাৰে মীনাক্ষীক চেনেহৰ পৰশ দিছিল৷ কিন্তু মীনাক্ষীৰ ভীষণ অস্বস্তিৰ অনুভৱ হৈছিল৷

‘‘চানিয়ে চুমা খাই থাকোতে মই অস্বস্তী পাইছিলো৷ হয়তো সেইবাবে ই অত্যন্ত বাস্তৱিক হৈ পৰিছিল৷ পাছত দৃশ্যটোৰ বাবে চেঞ্চৰে অনুমতি নিদিলে৷ ছৱিৰ মুক্তিৰ পূৰ্বে সেই দৃশ্য বাদ দিয়া হয়৷’’- মীনাক্ষীয়ে কয়৷

উল্লেখ্য যে ১৯৮৩ চনত ‘পেণ্টাৰ বাবু’ নামৰ ছৱিৰ জৰিয়তে বলিউডত ভৰি থৈছিল মীনাক্ষী৷ তাৰপাছত হিৰো, শ্বাহেনশ্বা, ঘায়ল আদি বহুকেইখন ছৱিত তেওঁ অভিনয়ৰ যোগেৰে জনপ্ৰিয়তা লাভ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ