--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ বহুকেইগৰাকী অভিনেত্ৰীৰ স’তে নাম জড়িত হৈ আহিছে ভাইজান ছলমান খানৰ। ঐশ্বৰ্য ৰায়ৰ পৰা আৰম্ভ কৰি কেটৰিণালৈকে, বহুকেইগৰাকী সৌন্দৰ্যৰ ৰাণীক নিজৰ হৃদয়ত সোমোৱাই লৈছিল ভাইজানে। কিন্তু তথাপিতো আজিও অবিবাবিহত হৈ আছে তেওঁ। কিয় বিয়া কৰোৱা নাই ছলমান খানে?

ছলমানে নিজেই এটা সাক্ষাৎকাৰত এনে এটা ইংগিত দিছিল।  কৈছিল যে তেওঁ এগৰাকী নায়িকাৰ পিতৃৰ ওচৰত বিয়াৰ প্ৰস্তাৱ লৈ গৈছিল। কিন্তু প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল নায়িকাগৰাকীৰ পিতৃয়ে। সেই কথা তেওঁ এতিয়াও পাহৰিব পৰা নাই।

কোন কোন সেই নায়িকা? উত্তৰটো আন কোনো নহয়। ছলমানে বিয়া পাতিব খোজা নায়িকাগৰাকী হৈছে জুহি চাওলা! ছলমানে জুহিৰ পিতৃক বিয়াৰ প্ৰস্তাৱ দি প্ৰত্যাখিত হৈছিল।

কিছুবছৰ পূৰ্বে এক সাক্ষাৎকাৰত ছলমানে কৈছিল যে জুহী এগৰাকী ‘মিঠা’ ছোৱালী। লগতে জুহিক ছলমানে সন্মান কৰে বুলিও কৈছিল।

এই সকলোবোৰৰ পিছতো সম্পৰ্কটো কিয় আগুৱাই নগ’ল? এটা শ্ব’ত ছলমানে কয়, ‘জুহি এগৰাকী বৰ মিঠা ছোৱালী। সন্মানীয়। আনকি মই তাইৰ দেউতাকক তাইক বিয়া কৰাবলৈও প্ৰস্তাৱ দিছিলো।’’

তাৰ পিছত কি হ’ল? সাংবাদিকজনে সুধিলে। প্ৰত্যুত্তৰত ছলমানে ক'লে, "তেওঁ না ক'লে।" ছলমানৰ দৰে নায়কক প্ৰত্যাখ্যান! জুহিৰ পিতৃয়ে কিয় নাকচ কৰিলে ছলমানৰ বিবাহৰ প্ৰস্তাৱ? তেওঁৰ উত্তৰ ছলমানেও নিজেই দিছিল। তেওঁ ক'লে, "কিজানি মই তেওঁ বিচৰা ধৰণৰ নহয়। মই তেনেকৈয়ে ভাবো।’’

ছলমান আৰু জুহীয়ে একেলগে কাম কৰিছিল মাত্ৰ এখন ছবিত। ছবিখনৰ নাম ‘দীৱানা মস্তানা’। ছবিখনৰ শেষৰ ফালে ছলমান কেমিঅ’ ৰ’লত আছিল। তাৰ আগতে বা পিছত কেতিয়াও কোনো ছবিত একেলগে কাম কৰা নাছিল দুয়োজনে।

উল্লেখ্য যে পাছত উদ্যোগপতি জয় মেটাৰৰ সৈতে জুহিৰ বিবাহ হয়। তেওঁলোকৰ এতিয়া এজন পুত্ৰ আৰু এগৰাকী কন্যাৰে সুখৰ সংসাৰ। কিন্তু ছলমান এতিয়াও অবিবাহিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক