--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ বহুকেইগৰাকী অভিনেত্ৰীৰ স’তে নাম জড়িত হৈ আহিছে ভাইজান ছলমান খানৰ। ঐশ্বৰ্য ৰায়ৰ পৰা আৰম্ভ কৰি কেটৰিণালৈকে, বহুকেইগৰাকী সৌন্দৰ্যৰ ৰাণীক নিজৰ হৃদয়ত সোমোৱাই লৈছিল ভাইজানে। কিন্তু তথাপিতো আজিও অবিবাবিহত হৈ আছে তেওঁ। কিয় বিয়া কৰোৱা নাই ছলমান খানে?

ছলমানে নিজেই এটা সাক্ষাৎকাৰত এনে এটা ইংগিত দিছিল।  কৈছিল যে তেওঁ এগৰাকী নায়িকাৰ পিতৃৰ ওচৰত বিয়াৰ প্ৰস্তাৱ লৈ গৈছিল। কিন্তু প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল নায়িকাগৰাকীৰ পিতৃয়ে। সেই কথা তেওঁ এতিয়াও পাহৰিব পৰা নাই।

কোন কোন সেই নায়িকা? উত্তৰটো আন কোনো নহয়। ছলমানে বিয়া পাতিব খোজা নায়িকাগৰাকী হৈছে জুহি চাওলা! ছলমানে জুহিৰ পিতৃক বিয়াৰ প্ৰস্তাৱ দি প্ৰত্যাখিত হৈছিল।

কিছুবছৰ পূৰ্বে এক সাক্ষাৎকাৰত ছলমানে কৈছিল যে জুহী এগৰাকী ‘মিঠা’ ছোৱালী। লগতে জুহিক ছলমানে সন্মান কৰে বুলিও কৈছিল।

এই সকলোবোৰৰ পিছতো সম্পৰ্কটো কিয় আগুৱাই নগ’ল? এটা শ্ব’ত ছলমানে কয়, ‘জুহি এগৰাকী বৰ মিঠা ছোৱালী। সন্মানীয়। আনকি মই তাইৰ দেউতাকক তাইক বিয়া কৰাবলৈও প্ৰস্তাৱ দিছিলো।’’

তাৰ পিছত কি হ’ল? সাংবাদিকজনে সুধিলে। প্ৰত্যুত্তৰত ছলমানে ক'লে, "তেওঁ না ক'লে।" ছলমানৰ দৰে নায়কক প্ৰত্যাখ্যান! জুহিৰ পিতৃয়ে কিয় নাকচ কৰিলে ছলমানৰ বিবাহৰ প্ৰস্তাৱ? তেওঁৰ উত্তৰ ছলমানেও নিজেই দিছিল। তেওঁ ক'লে, "কিজানি মই তেওঁ বিচৰা ধৰণৰ নহয়। মই তেনেকৈয়ে ভাবো।’’

ছলমান আৰু জুহীয়ে একেলগে কাম কৰিছিল মাত্ৰ এখন ছবিত। ছবিখনৰ নাম ‘দীৱানা মস্তানা’। ছবিখনৰ শেষৰ ফালে ছলমান কেমিঅ’ ৰ’লত আছিল। তাৰ আগতে বা পিছত কেতিয়াও কোনো ছবিত একেলগে কাম কৰা নাছিল দুয়োজনে।

উল্লেখ্য যে পাছত উদ্যোগপতি জয় মেটাৰৰ সৈতে জুহিৰ বিবাহ হয়। তেওঁলোকৰ এতিয়া এজন পুত্ৰ আৰু এগৰাকী কন্যাৰে সুখৰ সংসাৰ। কিন্তু ছলমান এতিয়াও অবিবাহিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু