--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱ বিবাহিত দম্পতী সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে দেওবাৰে মুম্বাইত তেওঁলোকৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে। তেওঁলোকে  শনিবাৰে দিল্লীৰ পৰা মুম্বাইলৈ উভতি আহিছে। দম্পতীহালক মুম্বাইৰ কালিনা বিমানবন্দৰত পাপাৰাজ্জিয়ে পিছে পিছে অনুসৰণ কৰে৷  এইবাৰ  চৰ্চা লাভ কৰিছে ছিড-কিয়াৰাৰ নতুন ঘৰৰ প্ৰসংগই।  বলীউডৰ দম্পতীহালে কোনটো ঘৰত থাকিব তাকে লৈ বহুতৰে মাজত চৰ্চা আৰম্ভ হৈ গৈছে৷ 

পাপাৰাজ্জো ভাইৰেল ভায়ানীয়ে তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত এটা ওখ অট্টালিকা দেখুওৱা হৈছে। ভিডিঅ'টোৰ মতে এইটোৱেই সেই ভৱন য'ত সিদ্ধাৰ্থ আৰু কিয়াৰাৰ নতুন সংসাৰ আৰম্ভ হ’ব। কেতিয়া  সিদ্ধাৰ্থ আৰু কিয়াৰাই এই এপাৰ্টমেণ্টটো কিনিছিল বুলি  পাপাৰাজীয়ে  এজনক সুধিছিল, উত্তৰ টো আহিছিল, 'এসপ্তাহ হ'ল'।


জানিব পৰা মতে ফ্লেটটো ৩,৫০০বৰ্গফুটত এলেকাত বিয়পি আছে আৰু ইয়াৰ মূল্য ৭০  কোটি টকা। দম্পতিহালে এটা ঘৰ বিচাৰি  আছিল  য'ৰ পৰা তেওঁলোকে  বহি বহি সাগৰৰ সৌন্দৰ্য  উপভোগ কৰিব পাৰিব। সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে ৭ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জয়ছলমেৰৰ সূৰ্যগড় প্ৰাসাদত বিবাহ পাশত আৱদ্ধ হয়।  দিল্লীৰ লীলা প্ৰাসাদত পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে এটা অভ্যৰ্থনা পাৰ্টিৰ আয়োজন কৰা হৈছিল। তেওঁলোকে  ১১ ফেব্ৰুৱাৰীত 
মুম্বাইলৈ উভতি আহিছে।

মুম্বাই বিমানবন্দৰৰ বাহিৰত কিয়াৰাক হালধীয়া পোছাক পিন্ধি থকা দেখা গৈছিল। আঙুলিত এটা হীৰাৰ আঙুঠিও আছিল। ছিড-কিয়াৰাই দেওবাৰৰ মুম্বাইত আয়োজন কৰা  অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব ৷
জুহি চাওলা, অনিল কাপুৰ, শ্বাহৰুখ খান, অজয় দেৱগন, অক্ষয় কুমাৰ, কৰণ জোহৰ, শ্বাহিদ কাপুৰ, পৰিণীতি চোপ্ৰা, বৰুণ ধাৱান আৰু মনীষ মালহোত্ৰাৰ দৰে তাৰকা সকলে এই  অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু