--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱ বিবাহিত দম্পতী সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে দেওবাৰে মুম্বাইত তেওঁলোকৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে। তেওঁলোকে  শনিবাৰে দিল্লীৰ পৰা মুম্বাইলৈ উভতি আহিছে। দম্পতীহালক মুম্বাইৰ কালিনা বিমানবন্দৰত পাপাৰাজ্জিয়ে পিছে পিছে অনুসৰণ কৰে৷  এইবাৰ  চৰ্চা লাভ কৰিছে ছিড-কিয়াৰাৰ নতুন ঘৰৰ প্ৰসংগই।  বলীউডৰ দম্পতীহালে কোনটো ঘৰত থাকিব তাকে লৈ বহুতৰে মাজত চৰ্চা আৰম্ভ হৈ গৈছে৷ 

পাপাৰাজ্জো ভাইৰেল ভায়ানীয়ে তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত এটা ওখ অট্টালিকা দেখুওৱা হৈছে। ভিডিঅ'টোৰ মতে এইটোৱেই সেই ভৱন য'ত সিদ্ধাৰ্থ আৰু কিয়াৰাৰ নতুন সংসাৰ আৰম্ভ হ’ব। কেতিয়া  সিদ্ধাৰ্থ আৰু কিয়াৰাই এই এপাৰ্টমেণ্টটো কিনিছিল বুলি  পাপাৰাজীয়ে  এজনক সুধিছিল, উত্তৰ টো আহিছিল, 'এসপ্তাহ হ'ল'।


জানিব পৰা মতে ফ্লেটটো ৩,৫০০বৰ্গফুটত এলেকাত বিয়পি আছে আৰু ইয়াৰ মূল্য ৭০  কোটি টকা। দম্পতিহালে এটা ঘৰ বিচাৰি  আছিল  য'ৰ পৰা তেওঁলোকে  বহি বহি সাগৰৰ সৌন্দৰ্য  উপভোগ কৰিব পাৰিব। সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে ৭ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জয়ছলমেৰৰ সূৰ্যগড় প্ৰাসাদত বিবাহ পাশত আৱদ্ধ হয়।  দিল্লীৰ লীলা প্ৰাসাদত পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে এটা অভ্যৰ্থনা পাৰ্টিৰ আয়োজন কৰা হৈছিল। তেওঁলোকে  ১১ ফেব্ৰুৱাৰীত 
মুম্বাইলৈ উভতি আহিছে।

মুম্বাই বিমানবন্দৰৰ বাহিৰত কিয়াৰাক হালধীয়া পোছাক পিন্ধি থকা দেখা গৈছিল। আঙুলিত এটা হীৰাৰ আঙুঠিও আছিল। ছিড-কিয়াৰাই দেওবাৰৰ মুম্বাইত আয়োজন কৰা  অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব ৷
জুহি চাওলা, অনিল কাপুৰ, শ্বাহৰুখ খান, অজয় দেৱগন, অক্ষয় কুমাৰ, কৰণ জোহৰ, শ্বাহিদ কাপুৰ, পৰিণীতি চোপ্ৰা, বৰুণ ধাৱান আৰু মনীষ মালহোত্ৰাৰ দৰে তাৰকা সকলে এই  অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement