--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা পলাব বিচাৰিছিল জেকুলিন ফাৰ্ণাণ্ডেজে! এই চাঞ্ল্যকৰ ভাষ্য আগবঢ়াইছে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট, চমুকৈ ইডিয়ে।

দিল্লী আদালতত শনিবাৰে ইডিয়ে জনায় যে ২০০ কোটি টকাৰ অবৈধ বিত্তীয় লেণদেনৰ গোচৰত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ স’তে সাঙোৰ খোৱাৰ পাছতে জেকুলিনে এই সিদ্ধান্ত লৈছিল।

আদালতে অভিনেত্ৰীগৰাকীৰ এখনি নিয়মীয়া জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিছিল। আদালতে জনোৱামতে, ১০ নৱেম্বৰত এই সংক্ৰা্ন্তত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।

শুনানিত বলিউডৰ অভিনেত্ৰীগৰাকীৰ জামিন আবেদনৰ বিৰুদ্ধাচাৰণ কৰি ইউিয়ে অভিযোগ কৰে যে অনুসন্ধানকালত জেকুলিনে তেওঁৰ স’তে থকা সন্দেহজনক তথ্যসমূহ নষ্ট কৰিছিল।

তদুপৰি অনুসন্ধানকাৰীসকলৰ স’তে জেকুলিনে সহযোগ নকৰাৰো অভিযোগ তোলে ইডিয়ে। কয় যে জেকুলিনে ভাৰতৰ পৰা পলাই যাব বিচাৰিছিল।

উল্লেখ্য যে বৰ্তমান দিল্লীত কাৰাগাৰত আৱদ্ধ থকা সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০ কোটি টকাৰ অবৈধ বিত্তীয় লেনদেনৰ অভিযোগ আছে। অভিযোগ অনুসৰি, সুকেশে অনেক লোকক প্ৰৱঞ্চনা কৰি আহিছে।

জেকুলিন ফাৰ্ণাণ্ডেজৰ উপৰিও সুকেশৰ স’তে সাঙোৰ খাই পৰিছে আন এগৰাকী অভিনেত্ৰী নৰা ফাটেহীও। অভিযোগ অনুসৰি, সুকেশে নৰাক অনেক মূল্যৱান উপহাৰ দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক