--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা পলাব বিচাৰিছিল জেকুলিন ফাৰ্ণাণ্ডেজে! এই চাঞ্ল্যকৰ ভাষ্য আগবঢ়াইছে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট, চমুকৈ ইডিয়ে।

দিল্লী আদালতত শনিবাৰে ইডিয়ে জনায় যে ২০০ কোটি টকাৰ অবৈধ বিত্তীয় লেণদেনৰ গোচৰত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ স’তে সাঙোৰ খোৱাৰ পাছতে জেকুলিনে এই সিদ্ধান্ত লৈছিল।

আদালতে অভিনেত্ৰীগৰাকীৰ এখনি নিয়মীয়া জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিছিল। আদালতে জনোৱামতে, ১০ নৱেম্বৰত এই সংক্ৰা্ন্তত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।

শুনানিত বলিউডৰ অভিনেত্ৰীগৰাকীৰ জামিন আবেদনৰ বিৰুদ্ধাচাৰণ কৰি ইউিয়ে অভিযোগ কৰে যে অনুসন্ধানকালত জেকুলিনে তেওঁৰ স’তে থকা সন্দেহজনক তথ্যসমূহ নষ্ট কৰিছিল।

তদুপৰি অনুসন্ধানকাৰীসকলৰ স’তে জেকুলিনে সহযোগ নকৰাৰো অভিযোগ তোলে ইডিয়ে। কয় যে জেকুলিনে ভাৰতৰ পৰা পলাই যাব বিচাৰিছিল।

উল্লেখ্য যে বৰ্তমান দিল্লীত কাৰাগাৰত আৱদ্ধ থকা সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০ কোটি টকাৰ অবৈধ বিত্তীয় লেনদেনৰ অভিযোগ আছে। অভিযোগ অনুসৰি, সুকেশে অনেক লোকক প্ৰৱঞ্চনা কৰি আহিছে।

জেকুলিন ফাৰ্ণাণ্ডেজৰ উপৰিও সুকেশৰ স’তে সাঙোৰ খাই পৰিছে আন এগৰাকী অভিনেত্ৰী নৰা ফাটেহীও। অভিযোগ অনুসৰি, সুকেশে নৰাক অনেক মূল্যৱান উপহাৰ দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু