--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰন্ধা সময়ত বাচন-বৰ্তন জ্বলি যোৱাটো সাধাৰণ কথা। ইয়াৰ বাবে মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সেই জ্বলা বাচন-বৰ্তনবোৰ চাফা কৰাত তেওঁলোকৰ ঘাম ওলাই যায়। ইয়াৰ পিছতো বহু সময়ত বাচন-বৰ্তনৰ পোৰা দাগবোৰ আঁতৰাব নোৱাৰি। আজি আমি আপোনালোকক ক’ম এনে দাগ কেনেদৰে আঁতৰাব পাৰি। 

১)ভিনেগাৰ আৰু পিঁয়াজঃ জ্বলি যোৱা পাত্ৰটোৰ দাগ আঁতৰাবলৈ আপুনি এটা ডাঙৰ পিঁয়াজ আৰু ভিনেগাৰ ল’ব। ইয়াৰ পিছত এটা বাটিত আধা কাপ পিঁয়াজৰ ৰস আৰু আধা কাপ ভিনেগাৰ মিহলাই ল’ব। তাৰ পিছত দুয়োটা ৰস মিহলাই এটা দ্ৰৱণ প্ৰস্তুত কৰিব লাগে। ইয়াৰ পাছত পাত্ৰটোত এই দ্ৰৱণটো ঢালি পৰিষ্কাৰ কৰিব লাগে। অতি কম সময়ৰ ভিতৰতে আপোনাৰ বাচন-বৰ্তনবোৰ জিলিকি উঠিব।

২)পিঁয়াজৰ বাকলিঃ পোৰা বাচন-বৰ্তন পৰিষ্কাৰ কৰিবলৈ পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি জ্বলা পাত্ৰটোত পিঁয়াজৰ বাকলি দি তাৰ পিছত পানী ভৰাই ২০ মিনিট উতলাই লব। সিজোৱা পিঁয়াজৰ বাকলি সেই পানীত পেষ্টৰ দৰে হৈ পৰিব। ইয়াৰ পাছত সেই পেষ্টৰে পোৰা দাগবোৰ চফা কৰিব লাগে। আপোনাৰ বাচন-বৰ্তনবোৰ আগৰ দৰেই পুনৰ জিলিকি উঠিব।

৩)বেকিং ছ’ডাঃ জ্বলা পাত্ৰ এটাৰ দাগ আঁতৰাবলৈ প্ৰথমে সেই জ্বলা পাত্ৰটোত এচামুচ বেকিং ছ’ডা মিহলাই ল’ব লাগে। ইয়াৰ পিছত পোৰা পাত্ৰটো ব্ৰাছৰ সহায়ত পৰিষ্কাৰ কৰক। ইয়াৰ পিছত ২ টুকুৰা পিঁয়াজৰে পোৰা দাগটোত ঘঁহিব। এনে কৰিলে দাগ আঁতৰি যাব। ইয়াৰ পিছত সেই জ্বলা পাত্ৰটোত পানী দি ১০ মিনিটৰ বাবে থৈ দিব। তাৰ পিছত বাকী দাগখিনি পৰিষ্কাৰ কৰক। আপোনাৰ জ্বলি যোৱা পাত্ৰটো আগৰ দৰেই জিলিকিবলৈ আৰম্ভ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ