--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰন্ধা সময়ত বাচন-বৰ্তন জ্বলি যোৱাটো সাধাৰণ কথা। ইয়াৰ বাবে মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সেই জ্বলা বাচন-বৰ্তনবোৰ চাফা কৰাত তেওঁলোকৰ ঘাম ওলাই যায়। ইয়াৰ পিছতো বহু সময়ত বাচন-বৰ্তনৰ পোৰা দাগবোৰ আঁতৰাব নোৱাৰি। আজি আমি আপোনালোকক ক’ম এনে দাগ কেনেদৰে আঁতৰাব পাৰি। 

১)ভিনেগাৰ আৰু পিঁয়াজঃ জ্বলি যোৱা পাত্ৰটোৰ দাগ আঁতৰাবলৈ আপুনি এটা ডাঙৰ পিঁয়াজ আৰু ভিনেগাৰ ল’ব। ইয়াৰ পিছত এটা বাটিত আধা কাপ পিঁয়াজৰ ৰস আৰু আধা কাপ ভিনেগাৰ মিহলাই ল’ব। তাৰ পিছত দুয়োটা ৰস মিহলাই এটা দ্ৰৱণ প্ৰস্তুত কৰিব লাগে। ইয়াৰ পাছত পাত্ৰটোত এই দ্ৰৱণটো ঢালি পৰিষ্কাৰ কৰিব লাগে। অতি কম সময়ৰ ভিতৰতে আপোনাৰ বাচন-বৰ্তনবোৰ জিলিকি উঠিব।

২)পিঁয়াজৰ বাকলিঃ পোৰা বাচন-বৰ্তন পৰিষ্কাৰ কৰিবলৈ পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি জ্বলা পাত্ৰটোত পিঁয়াজৰ বাকলি দি তাৰ পিছত পানী ভৰাই ২০ মিনিট উতলাই লব। সিজোৱা পিঁয়াজৰ বাকলি সেই পানীত পেষ্টৰ দৰে হৈ পৰিব। ইয়াৰ পাছত সেই পেষ্টৰে পোৰা দাগবোৰ চফা কৰিব লাগে। আপোনাৰ বাচন-বৰ্তনবোৰ আগৰ দৰেই পুনৰ জিলিকি উঠিব।

৩)বেকিং ছ’ডাঃ জ্বলা পাত্ৰ এটাৰ দাগ আঁতৰাবলৈ প্ৰথমে সেই জ্বলা পাত্ৰটোত এচামুচ বেকিং ছ’ডা মিহলাই ল’ব লাগে। ইয়াৰ পিছত পোৰা পাত্ৰটো ব্ৰাছৰ সহায়ত পৰিষ্কাৰ কৰক। ইয়াৰ পিছত ২ টুকুৰা পিঁয়াজৰে পোৰা দাগটোত ঘঁহিব। এনে কৰিলে দাগ আঁতৰি যাব। ইয়াৰ পিছত সেই জ্বলা পাত্ৰটোত পানী দি ১০ মিনিটৰ বাবে থৈ দিব। তাৰ পিছত বাকী দাগখিনি পৰিষ্কাৰ কৰক। আপোনাৰ জ্বলি যোৱা পাত্ৰটো আগৰ দৰেই জিলিকিবলৈ আৰম্ভ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু