--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি আমাৰ পাকঘৰত ৰন্ধা-বঢ়াৰ বাবে বহু ধৰণৰ বাচন ব্যৱহাৰ কৰো, কিন্তু বহু সময়ত ৰন্ধা-বঢ়া কৰাৰ পাছত বাচন জ্বলি যায় আৰু ক’লা হৈ পৰে। ইয়াক পৰিষ্কাৰ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হয়। ষ্টীল স্ক্ৰাবেৰে বাৰে বাৰে ঘঁহিলেও ১০০ শতাংশ চাফা নহয়। এনে পৰিস্থিতিত বিচলিত নহ’ব, ঘৰুৱা কিছুমান বস্তু ব্যৱহাৰ কৰি আকাংক্ষিত ফলাফল লাভ কৰক।

পিঁয়াজৰ সহায়ত বাচন পৰিষ্কাৰ কৰক

আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে পিঁয়াজ ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে ইয়াৰ সহায়ত ক’লা আৰু জ্বলা বাচনবোৰো সহজে পৰিষ্কাৰ কৰিব পাৰি। আপুনি ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰে জানি লওক

১) পিঁয়াজ আৰু বগা ভিনেগাৰঃ যেতিয়া পাকঘৰৰ বাচন-বৰ্তন জ্বলি যায়, তেতিয়া ইয়াৰ বাবে আপুনি পিঁয়াজ আৰু বগা ভিনেগাৰৰ সহায় ল’ব পাৰে। বগা ভিনেগাৰ আৰু পিঁয়াজৰ ৰস মিলাই লওক। এতিয়া এই দ্ৰৱটো জ্বলা ঠাইত বিয়পাই দিব। ১৫ মিনিটমান পিছত ব্ৰাছেৰে ঘঁহি পৰিষ্কাৰ পানীৰে ধুব।

২) পিঁয়াজ আৰু বেকিং পাউদাৰঃ পিয়াঁজ আৰু বেকিং পাউদাৰ ব্যৱহাৰ কৰি জ্বলা বাচন-বৰ্তন পৰিষ্কাৰ কৰিব পাৰে। প্ৰথমে পোৰা বাচনটোত সৰু চামুচেৰে বেকিং চোডা দি ঘঁহক। এতিয়া পিঁয়াজখিনি আধা কাটি পোৰা ঠাইত ঘঁহি দিব। এতিয়া বাচনত উতলা পানী দিব, ইয়াৰ ফলত দাগবোৰ পাতল হৈ পৰিব আৰু ইয়াক পৰিষ্কাৰ কৰাটো সহজ হ’ব।

৩) পিঁয়াজৰ বাকলিঃ বহু সময়ত গাখীৰ বা চাহ উতলালে চচপেনটো ভিতৰৰ পৰা জ্বলি যায়। ইয়াক পৰিস্কাৰ কৰাৰ বাবে আপুনি জ্বলা বাচনত পানী দিয়ক। এতিয়া তাত পিঁয়াজৰ বাকলি কেইটামান দি আধা ঘণ্টা উতলাই লওক। অৱশেষত স্ক্ৰাবৰ সহায়ত জ্বলা বাচনটো পৰিষ্কাৰ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু