--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি আমাৰ পাকঘৰত ৰন্ধা-বঢ়াৰ বাবে বহু ধৰণৰ বাচন ব্যৱহাৰ কৰো, কিন্তু বহু সময়ত ৰন্ধা-বঢ়া কৰাৰ পাছত বাচন জ্বলি যায় আৰু ক’লা হৈ পৰে। ইয়াক পৰিষ্কাৰ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হয়। ষ্টীল স্ক্ৰাবেৰে বাৰে বাৰে ঘঁহিলেও ১০০ শতাংশ চাফা নহয়। এনে পৰিস্থিতিত বিচলিত নহ’ব, ঘৰুৱা কিছুমান বস্তু ব্যৱহাৰ কৰি আকাংক্ষিত ফলাফল লাভ কৰক।

পিঁয়াজৰ সহায়ত বাচন পৰিষ্কাৰ কৰক

আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে পিঁয়াজ ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে ইয়াৰ সহায়ত ক’লা আৰু জ্বলা বাচনবোৰো সহজে পৰিষ্কাৰ কৰিব পাৰি। আপুনি ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰে জানি লওক

১) পিঁয়াজ আৰু বগা ভিনেগাৰঃ যেতিয়া পাকঘৰৰ বাচন-বৰ্তন জ্বলি যায়, তেতিয়া ইয়াৰ বাবে আপুনি পিঁয়াজ আৰু বগা ভিনেগাৰৰ সহায় ল’ব পাৰে। বগা ভিনেগাৰ আৰু পিঁয়াজৰ ৰস মিলাই লওক। এতিয়া এই দ্ৰৱটো জ্বলা ঠাইত বিয়পাই দিব। ১৫ মিনিটমান পিছত ব্ৰাছেৰে ঘঁহি পৰিষ্কাৰ পানীৰে ধুব।

২) পিঁয়াজ আৰু বেকিং পাউদাৰঃ পিয়াঁজ আৰু বেকিং পাউদাৰ ব্যৱহাৰ কৰি জ্বলা বাচন-বৰ্তন পৰিষ্কাৰ কৰিব পাৰে। প্ৰথমে পোৰা বাচনটোত সৰু চামুচেৰে বেকিং চোডা দি ঘঁহক। এতিয়া পিঁয়াজখিনি আধা কাটি পোৰা ঠাইত ঘঁহি দিব। এতিয়া বাচনত উতলা পানী দিব, ইয়াৰ ফলত দাগবোৰ পাতল হৈ পৰিব আৰু ইয়াক পৰিষ্কাৰ কৰাটো সহজ হ’ব।

৩) পিঁয়াজৰ বাকলিঃ বহু সময়ত গাখীৰ বা চাহ উতলালে চচপেনটো ভিতৰৰ পৰা জ্বলি যায়। ইয়াক পৰিস্কাৰ কৰাৰ বাবে আপুনি জ্বলা বাচনত পানী দিয়ক। এতিয়া তাত পিঁয়াজৰ বাকলি কেইটামান দি আধা ঘণ্টা উতলাই লওক। অৱশেষত স্ক্ৰাবৰ সহায়ত জ্বলা বাচনটো পৰিষ্কাৰ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ