--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গৰমৰ দিনত এজাক বৰষুণে আমাক বহুত আৰাম দিয়ে, সেইবাবেই আমি প্ৰায়ে গৰমৰ দিনত এজাক বৰষুণৰ বাবে অপেক্ষা কৰো, কিন্তু এই ঋতুটোৱেও নিজৰ লগত বহু সমস্যা আনে। সাধাৰণতে এই সময়ত আমি চৰ্দি-কাহ আৰু চৰ্দিৰ কথা বেছিকৈ কওঁ, কিন্তু বৰষুণৰ দিনত আমি প্ৰায়ে ছালৰ সমস্যাটোক আওকাণ কৰোঁ। এই বতৰত আপুনি ছালৰ সংক্ৰমণকে ধৰি বহুতো ছালৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।এনে পৰিস্থিতিত নিম পাত আপোনাৰ বাবে উপযোগী হ’ব পাৰে।

নিম ফেচ পেক ৩ ধৰণে প্ৰস্তুত কৰক

১) নিম, দৈ আৰু মুলতানি মিট্টি
যিসকল লোকৰ ছাল তেলীয়া, মুখত মলি বেছিকৈ লাগি থাকে, লগতে তেওঁলোকেও শালমইনাৰ দ্বাৰা অতিশয় অসুবিধা পায়। তেওঁলোকে নিমপাত ব্যৱহাৰ কৰিব পাৰে। যিহেতু নিমৰ এন্টিচেপ্টিক গুণ আছে, সেয়েহে ই অতি উপকাৰী হ’ব পাৰে। সেয়েহে ২ চামুচ নিম পাতৰ পেষ্ট, প্ৰয়োজন অনুসৰি মুলতানি মিট্টি গুড়ি আৰু ১ চামুচ দৈ মিহলাই ফেচ পেক প্ৰস্তুত কৰক। প্ৰায় দহ মিনিটমান মুখত লগাই শেষত ঠাণ্ডা পানীৰে মুখখন ধুব।

২) নিম, নাৰিকল তেল আৰু হালধি 
যদি বাৰিষাৰ সময়ত মুখত অত্যধিক শালমইনা ওলাই তেন্তে নিম, হালধি আৰু নাৰিকল তেলৰ মাস্ক প্ৰস্তুত কৰিব লাগে। ইয়াৰ বাবে ২ চামুচ নিম পাতৰ পেষ্ট, ১ চামুচ হালধি আৰু ১ টোপাল নাৰিকল তেল মিহলাই ফেচ মাস্ক প্ৰস্তুত কৰক। এতিয়া কিছু সময় মুখত লগাওক আৰু তাৰ পিছত ধুব।

৩)নিম, গাখীৰ আৰু মৌ
ছাল পৰিষ্কাৰ কৰি শুকানতা নাইকিয়া কৰিবলৈ এটা বাটিত ২ চামুচ নিম পাতৰ পেষ্ট, এচামুচ মৌ আৰু ডেৰ চামুচ গাখীৰ মিহলাই লওক। এতিয়া মুখত লগাওক আৰু সম্পূৰ্ণ শুকুৱাই লোৱাৰ পাছত কুহুমীয়া পানীৰে মুখখন ধুব, ই মুখখনত এক অনন্য জিলিকনি আনিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ