--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পেৰিছত যান-বাহন আইন ভংগ কৰাৰ অভিযোগত আৰক্ষীয়ে গুলীচালনা কৰে। তেতিয়াৰ পৰাই ফ্ৰান্সৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। জাতি বৈষম্যৰ অভিযোগত চৰকাৰৰ বিৰুদ্ধে এই ঘটনাৰ প্ৰতিবাদত যুৱ প্ৰজন্মই ৰাজপথলৈ ওলাই আহিল।

শনিবাৰে পঞ্চম দিনত প্ৰৱেশ কৰিলে হিংসাত্মক ঘটনা। এই ঘটনাত শনিবাৰে নিশালৈকে আৰক্ষীয়ে ১৩০০ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। চৰকাৰী সূত্ৰ অনুসৰি ১৩১১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

পেৰিছৰ পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে জাৰ্মানী ভ্ৰমণ পিছুৱাই দিয়ে। জাৰ্মান চৰকাৰে ঘোষণা কৰে যে মেক্ৰনে তেওঁলোকক পেৰিছৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে। লগতে তেওঁ ভ্ৰমণৰ তাৰিখ পিছুৱাই দিয়াৰ বাবে দুখ প্ৰকাশ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মেক্ৰন চৰকাৰে ফ্ৰান্সৰ ৰাজপথত ৪৫ হাজাৰ নতুন আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে। ইয়াৰ ভিতৰত কেৱল পেৰিছতে ৫ হাজাৰ সৈন্য মোতায়েন কৰা হৈছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, সাজসজ্জিত বাহনসমূহো পথৰ তললৈ নমাই অনা হৈছে।

চৰকাৰী সূত্ৰ অনুসৰি বহু দোকান-পোহাৰ, অট্টালিকা জ্বলি গৈছে। এখন বন্দুকৰ দোকানতো লুটপাত হয়। ৪৯২টা চৰকাৰী অট্টালিকাৰ ক্ষতিসাধন হয়। প্ৰায় দুহেজাৰ গাড়ী জ্বলি যায়। ইয়াৰ বাহিৰেও প্ৰায় ৪০০০ ঠাইত জুই লগাই দিয়া হয়।

চৰকাৰী সূত্ৰ অনুসৰি পেৰিছত বিয়পি পৰা হিংসাত্মক ঘটনাত প্ৰায় ৩০০ আৰক্ষী বিষয়া আহত হয়। মেক্ৰন চৰকাৰে কয় যে প্ৰতিবাদকাৰীৰ অধিকাংশই যুৱক-যুৱতী। সেইবাবেই ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে অভিভাৱকসকললৈ বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকৰ সন্তানক হিংসাৰ পৰা আঁতৰাই ৰাখিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস