--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পেৰিছত যান-বাহন আইন ভংগ কৰাৰ অভিযোগত আৰক্ষীয়ে গুলীচালনা কৰে। তেতিয়াৰ পৰাই ফ্ৰান্সৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। জাতি বৈষম্যৰ অভিযোগত চৰকাৰৰ বিৰুদ্ধে এই ঘটনাৰ প্ৰতিবাদত যুৱ প্ৰজন্মই ৰাজপথলৈ ওলাই আহিল।

শনিবাৰে পঞ্চম দিনত প্ৰৱেশ কৰিলে হিংসাত্মক ঘটনা। এই ঘটনাত শনিবাৰে নিশালৈকে আৰক্ষীয়ে ১৩০০ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। চৰকাৰী সূত্ৰ অনুসৰি ১৩১১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

পেৰিছৰ পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে জাৰ্মানী ভ্ৰমণ পিছুৱাই দিয়ে। জাৰ্মান চৰকাৰে ঘোষণা কৰে যে মেক্ৰনে তেওঁলোকক পেৰিছৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে। লগতে তেওঁ ভ্ৰমণৰ তাৰিখ পিছুৱাই দিয়াৰ বাবে দুখ প্ৰকাশ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মেক্ৰন চৰকাৰে ফ্ৰান্সৰ ৰাজপথত ৪৫ হাজাৰ নতুন আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে। ইয়াৰ ভিতৰত কেৱল পেৰিছতে ৫ হাজাৰ সৈন্য মোতায়েন কৰা হৈছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, সাজসজ্জিত বাহনসমূহো পথৰ তললৈ নমাই অনা হৈছে।

চৰকাৰী সূত্ৰ অনুসৰি বহু দোকান-পোহাৰ, অট্টালিকা জ্বলি গৈছে। এখন বন্দুকৰ দোকানতো লুটপাত হয়। ৪৯২টা চৰকাৰী অট্টালিকাৰ ক্ষতিসাধন হয়। প্ৰায় দুহেজাৰ গাড়ী জ্বলি যায়। ইয়াৰ বাহিৰেও প্ৰায় ৪০০০ ঠাইত জুই লগাই দিয়া হয়।

চৰকাৰী সূত্ৰ অনুসৰি পেৰিছত বিয়পি পৰা হিংসাত্মক ঘটনাত প্ৰায় ৩০০ আৰক্ষী বিষয়া আহত হয়। মেক্ৰন চৰকাৰে কয় যে প্ৰতিবাদকাৰীৰ অধিকাংশই যুৱক-যুৱতী। সেইবাবেই ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে অভিভাৱকসকললৈ বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকৰ সন্তানক হিংসাৰ পৰা আঁতৰাই ৰাখিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান