--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মেদবহুলতা এতিয়া সমগ্ৰ বিশ্বৰে এক গুৰুতৰ সমস্যা হিচাবে দেখা দিছে৷ এবাৰ দেহৰ ওজন  বৃদ্ধি হ’লে  ওজন হ্ৰাস কৰা কঠিন হৈ পৰে। পৃথিৱীত বহু  লোক  আছে যিয়ে তেওঁলোকৰ বৰ্ধিত ওজনৰ বাবে অসুবিধাত পৰিছে  আৰু ইয়াক হ্ৰাস কৰিবলৈ কঠোৰভাবে চেষ্টা চলাই আছে। অৱশ্যে দেহৰ ওজন কমোৱাতো  সিমান সহজ কথা নহয়। মানুহে ওজন হ্ৰাস কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা লয়।

মানুহে ব্যায়ামৰ লগতে খোৱা-বোৱাৰ ক্ষেত্ৰত সচেতন হয়, বহু বস্তু খাবলৈ এৰি দিয়ে৷  যেতিয়া এনেবোৰ পদক্ষেপেও  কাম নকৰে, তেতিয়া বহুতে  অস্ত্ৰোপচাৰ কৰিবলৈ বাধ্য  হয়। তেনে এজন ব্যক্তিৰ কাহিনীয়ে  বৰ্তমান সংবাদ শিৰোনাম দখল কৰিছে৷  লোকজনৰ ওজন  এসময়ত ৪০০  কিলোগ্ৰাম আছিল, কিন্তু পিছত তেওঁ এদিনতে ২৭৩  কিলোগ্ৰাম ওজন হ্ৰাস কৰি সকলোকে আচৰিত কৰি দিবলৈ সক্ষম হৈছে৷

মানুহজনৰ নাম কেচি কিং। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়াৰ বাসিন্দা। এটা সময়ত কেচি ইমান শকত আছিল যে তেওঁৰ বাবে বহি থকাটোও কঠিন হৈ পৰিছিল। তেওঁ আনকি গা ধুবলৈ বাথৰুমলৈয়ো যাব পৰা নাছিল৷  এনে পৰিস্থিতিত গা ধোৱাৰ বাবে ঘৰৰ বাহিৰত এটা চুইমিং পুল নিৰ্মাণ কৰি ল’বলগীয়া হৈছিল। 

কেচিয়ে অলপতে 'ব্ৰেণ্ড নিউ মি' নামৰ এটা শৃংখলাত অভিনয় কৰিছে, য'ত তেওঁ তেওঁৰ ওজন কমোৱাৰ বিষয়ে  বহু কথা কৈছে। কেচিয়ে কৈছে যে তেওঁৰ  শৰীৰটো দেখি  মানুহে তেওঁৰ ওচৰত আহিবলৈ সংকোচ কৰিছিল৷ যদিও তেওঁ ওজন হ্ৰাস কৰিবলৈ সকলো প্ৰচেষ্টাই চলাইছিল, তথাপি কোনো লাভ হোৱা নাছিল। অৱশেষ তেওঁ  গেষ্ট্ৰেকটমী নামৰ এটা অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল, এই অস্ত্ৰোপচাৰত তেওঁৰ পেটৰ এটা অংশ কাটি চুটি কৰা হৈছিল আৰু দেহৰ বহু চৰ্বি বাহিৰ কৰি দিয়া হৈছিল৷

৩৮ বছৰীয়া কেচিয়ে কয় যে অস্ত্ৰোপচাৰৰ পিছত  তেওঁ এদিনতে ২৭৩ কিলোগ্ৰাম ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছে। এতিয়া কেচিয়ে তেওঁৰ শৰীৰটো ফিট কৰি ৰখাত  ব্যস্ত হৈ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস