--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মেদবহুলতা এতিয়া সমগ্ৰ বিশ্বৰে এক গুৰুতৰ সমস্যা হিচাবে দেখা দিছে৷ এবাৰ দেহৰ ওজন  বৃদ্ধি হ’লে  ওজন হ্ৰাস কৰা কঠিন হৈ পৰে। পৃথিৱীত বহু  লোক  আছে যিয়ে তেওঁলোকৰ বৰ্ধিত ওজনৰ বাবে অসুবিধাত পৰিছে  আৰু ইয়াক হ্ৰাস কৰিবলৈ কঠোৰভাবে চেষ্টা চলাই আছে। অৱশ্যে দেহৰ ওজন কমোৱাতো  সিমান সহজ কথা নহয়। মানুহে ওজন হ্ৰাস কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা লয়।

মানুহে ব্যায়ামৰ লগতে খোৱা-বোৱাৰ ক্ষেত্ৰত সচেতন হয়, বহু বস্তু খাবলৈ এৰি দিয়ে৷  যেতিয়া এনেবোৰ পদক্ষেপেও  কাম নকৰে, তেতিয়া বহুতে  অস্ত্ৰোপচাৰ কৰিবলৈ বাধ্য  হয়। তেনে এজন ব্যক্তিৰ কাহিনীয়ে  বৰ্তমান সংবাদ শিৰোনাম দখল কৰিছে৷  লোকজনৰ ওজন  এসময়ত ৪০০  কিলোগ্ৰাম আছিল, কিন্তু পিছত তেওঁ এদিনতে ২৭৩  কিলোগ্ৰাম ওজন হ্ৰাস কৰি সকলোকে আচৰিত কৰি দিবলৈ সক্ষম হৈছে৷

মানুহজনৰ নাম কেচি কিং। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়াৰ বাসিন্দা। এটা সময়ত কেচি ইমান শকত আছিল যে তেওঁৰ বাবে বহি থকাটোও কঠিন হৈ পৰিছিল। তেওঁ আনকি গা ধুবলৈ বাথৰুমলৈয়ো যাব পৰা নাছিল৷  এনে পৰিস্থিতিত গা ধোৱাৰ বাবে ঘৰৰ বাহিৰত এটা চুইমিং পুল নিৰ্মাণ কৰি ল’বলগীয়া হৈছিল। 

কেচিয়ে অলপতে 'ব্ৰেণ্ড নিউ মি' নামৰ এটা শৃংখলাত অভিনয় কৰিছে, য'ত তেওঁ তেওঁৰ ওজন কমোৱাৰ বিষয়ে  বহু কথা কৈছে। কেচিয়ে কৈছে যে তেওঁৰ  শৰীৰটো দেখি  মানুহে তেওঁৰ ওচৰত আহিবলৈ সংকোচ কৰিছিল৷ যদিও তেওঁ ওজন হ্ৰাস কৰিবলৈ সকলো প্ৰচেষ্টাই চলাইছিল, তথাপি কোনো লাভ হোৱা নাছিল। অৱশেষ তেওঁ  গেষ্ট্ৰেকটমী নামৰ এটা অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল, এই অস্ত্ৰোপচাৰত তেওঁৰ পেটৰ এটা অংশ কাটি চুটি কৰা হৈছিল আৰু দেহৰ বহু চৰ্বি বাহিৰ কৰি দিয়া হৈছিল৷

৩৮ বছৰীয়া কেচিয়ে কয় যে অস্ত্ৰোপচাৰৰ পিছত  তেওঁ এদিনতে ২৭৩ কিলোগ্ৰাম ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছে। এতিয়া কেচিয়ে তেওঁৰ শৰীৰটো ফিট কৰি ৰখাত  ব্যস্ত হৈ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান