--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অশান্ত চিত্ৰাংগদাৰ দেশ মণিপুৰ । তিনি মাহ ধৰি মেইটেই আৰু কুকি সম্প্ৰদায়ৰ  লোক সকলৰ মাজত যি গোষ্ঠীগত সংঘৰ্ষ আৰম্ভ হৈছিল সেয়া এতিয়াও নিৰ্বাপিত হোৱা নাই । অশান্ত মণিপুৰত  ৪ মেত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড  কৰোৱাৰ  ভিডিঅ ভাইৰেল হৈ পৰাৰ লগে লগেই দেশ-বিদেশত ঘটনাটোকলৈ তাল-আফাল লাগিছে।

আন্তৰ্জাতিক মহলত জোকাৰণি তোলা এই নাৰকীয় ঘটনাত হোৱা  মানৱ অধিকাৰ উলংঘনৰ বিষয়টোও ব্যাপক হাৰত আলোচিত হৈছে ।   শেহতীয়া সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ যে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ মণিপুৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পোষকতা কৰিছিল । কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সকলো আশ্বাস ফুটুকাৰ ফেনহে হ’ল। মণিপূৰ আজিও  অশান্ত হৈয়েই আছে, নিৰীহ জনৰ প্ৰাণ গৈয়েই আছে। মণিপুৰত বহু সপ্তাহ ধৰি ইণ্টাৰনেটত কৰ্তন কৰা হৈছিল যদিও এতিয়া কেৱল ব্ৰডবেণ্ডহে মুকলি কৰি দিছে। 

শেহতীয়া সময় চোৱাত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে মণিপুৰৰ সমগ্ৰ অঞ্চল ভ্ৰমণ কৰি শিবিৰ সমূহত থকা লোক সকলৰ সুখ দুখৰ খবৰ লোৱা পৰিলক্ষিত হৈছিল  । পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক ব্যক্তিয়েও মণিপুৰত  উপস্থিত হৈছে। এনে সময়তে বহুতৰে মনত  এটাই প্ৰশ্ন উদয়  হৈছে -মণিপুৰ বাসীয়ে অভিভাৱক হেৰুৱালে নেকি ?বৰ্তমান সময়ত ভাৰতবৰ্ষক বিশ্ব গুৰু কৰাৰ সপোন দেখা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী , যি নৰেন্দ্ৰ মোদীয়ে পৃথিৱীৰ অশান্ত হলেই খৰ ধৰকৈ সংশ্লিষ্ট  দেশৰ খবৰ লয়,  ৰাছিয়া ইউক্ৰেনৰ যুদ্ধৰ খবৰ লয়,  সেইগৰাকী মোদীয়ে পিছে নিজৰ দেশৰেই এখন অংগ ৰাজ্য মণিপুৰৰ খবৰ ল’বলৈ আহৰি পোৱা নাই।  মোদীয়ে নিজেই অষ্ট্ৰলক্ষ্মীৰ মাজৰে এখন বুলি আখ্যা দিয়া  মণিপুৰ অশান্ত হোৱাৰ পাছতো মণিপুৰবাসীৰ খবৰ লবলৈ যেন পাহৰি গৈছে।  

মোদীৰ এনে স্থিতি কিয়?  এই প্ৰশ্নই সমগ্র মণিপুৰবাসীৰ লগতে ভাৰতবাসীৰ মনত দোলা দি গৈছে । এয়া সঁচা কথা যে  দুখনকৈ লোকসভা আসনহে থকা মণিপুৰে ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰ  খনত বিশেষ কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলেও মণিপুৰৰ লোক সকলো একো একোজন ভাৰতীয় । মণিপুৰবাসীৰো  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই । তেনে এক প্ৰেক্ষাপটত  প্ৰধান মন্ত্ৰী মোদীৰ মইপুৰৰ প্ৰসংগত যি মৌনতা সেই মৌনতাই কিন্তু বৰ্তমান সময়ত মণিপুৰৰ লগতে সমগ্ৰ ভাৰতবাসীৰ মনত এটা ডাঙৰ প্ৰশ্নবোধক  চিহ্নৰ অৱতাৰণা কৰিছে  । ইয়াৰ বিপৰীতে ২৯ জুলাইত মণিপুৰত উপস্থিত হৈ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ কুৰিজনীয়া প্ৰতিনিধিৰ দলে মণিপুৰবাসীৰ ওচৰত থিয় দিছে। আশ্ৰয় শিৱিৰলৈ গৈ দুৰ্গতসকলৰ খবৰ লৈছে। মণিপুৰবাসীৰ কাষত এতিয়া  তেওঁলোকৰ মনৰ কথা  শুনিব পৰাকৈ ৰাজনৈতিক নেতাৰ অতিকৈ  প্ৰয়োজন ।

 যিটো সময়ত শাসনত নথকাৰ পাছতো বিৰোধীক তেওঁলোকে তেওঁলোকৰ ওচৰত পাইছে  তেনে সময়তে  প্ৰধান মন্ত্ৰী মোদীয়ে মইপুৰবাসীক এৰাই চলিছে কিয়?  যদি মণিপুৰলৈ বিৰোধী যাব পাৰে, ৰাহুল গান্ধী যাব পাৰে,  বিজেপিৰ আন নেতা সকল যাব পাৰে তেন্তে  প্ৰধান মন্ত্ৰী মোদীয়ে যাব নোৱাৰাৰ কাৰণ কি?   মণিপুৰৰ পৰা যেতিয়া কোনো এক খেলুৱৈয়ে অলিম্পিক মেডেল ভাৰতলৈ কঢ়িয়াই আনে সেই গৰাকী মহিলা বা পুৰুষক ভাৰতৰ বুলি গৌৰৱ কৰে বা  ভাৰত কি বেটি অৰ্থাৎ ভাৰতৰ জী বুলি  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ কৰে। কিন্তু আজি  চিত্ৰাংগদাৰ দেশত ভাৰত কি বেটি বিপদত পৰাৰ সময়ত মোদীয়ে নিৰ্লিপ্ত কিয়? সেই সকললোক ভাৰতৰ সন্তান নহয় নেকি? প্ৰধান মন্ত্ৰী মোদীৰ পৰা বৰ্তমান সময়ত কিন্তু এষাৰ মাত বিচাৰিছে মণিপুৰৰ জনতাই ।এয়াই এতিয়া মণিপুৰবাসীৰ মনৰ কথা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা